/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/6a53dab9-909b-4777-ab62-3c1c8cd88662/63.jpg)
ডিজিটেল ডেস্ক : অনুৰাগীৰ এটাই প্ৰাৰ্থনা বৰুষুণ নাহক। কিয়নো এছিয়া কাপত ভাৰত-পাকিস্তানৰ প্ৰথমখন মেচত বৰষুণে দিছিল বিধি-পথালি। ফলাফল শূণ্যভাৱে পৰিত্যক্ত হৈছিল এই মেচখন।
আজি পুনৰ ভাৰত মুখামুখি হ'ব চিৰবৈৰী পাকিস্তানৰ। এফালে বিশ্বশ্ৰেষ্ঠ বেটিং লাইআপ আনফালে পাকিস্তানৰ বলিং পৰাক্ৰম। দেওবাৰে বিয়লি ৩-০০ বজাত বাজিব ৰণডংকা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/30d85ff1-1dd4-4d26-9a21-67990795f30c/Sri_Lanka_Asia_Cup_Cricket_146_1693673081152_1693674185002.webp)
ভাৰত-পাকিস্তানৰ মেচ মানেই ক্ৰিকেট অনুৰাগীৰ মাজত একেই উত্তেজনা-একেই উন্মাদনা। যদিহে অনুৰাগীৰ প্ৰাৰ্থনাৰ প্ৰতি বৰুণ দেৱতাৰ কৃপা দৃষ্টি থাকে তেন্তে সুকলমে অনুষ্ঠিত কৰিব পৰা যাব হাইভ'ল্টেজ মেচখন। অন্যথা প্ৰথম মেচৰ দৰে পুনৰাবৃত্তি হোৱাৰ সম্ভাৱনা নথকা নহয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/1d20fc99-ee03-49e9-ab17-23410b14e24c/Untitled_design_2022_08_09T101504_643.jpg)
বতৰ বিজ্ঞান কেন্দ্ৰই দিছে বৰষুণৰ পূৰ্বাভাস। কেন্দ্ৰই জনোৱামতে আজিৰ দিনটো প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে। যদিহে আজিৰ মেচখন কিবা কাৰণত অনুষ্ঠিত নহয় তেন্তে সোমবাৰে অনুষ্ঠিত কৰা হ'ব বুলি ব'ৰ্ডে উল্লেখ কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/a23b065e-bf40-4632-a55f-c6e831976477/103301191.jpg)
ইফালে আঘাতৰ পৰা সম্পূৰ্ণ সুস্থ হৈ উঠা কে এল ৰাহুলে ভাৰতীয় শিবিৰত যোগ দিছে। প্ৰতিভাৱান তাৰকা বেটছমেনগৰাকীৰ উপস্থিতিয়ে দলীয় মেনেজমেণ্টক যথেষ্ট সকাহ দিছে। ৰাহুলৰ স্থানত ৰিজাৰ্ভ খেলুৱৈ হিচাপে শ্ৰীলংকালৈ যোৱা সঞ্জু ছেমছনক স্বদেশলৈ ওভতাই অনা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/86426e19-b8dc-41f8-acc9-302a526ec2a2/image_2022_07_09t182109_1657371074_1_1657801745.jpg)
একপ্ৰকাৰ কে এল ৰাহুলৰ বাবেই এছিয়া কাপৰ মেচ খেলাৰ স্বপ্ন ভংগ হয় প্ৰতিভাৱান উইকেট ৰক্ষক বেটাৰ সঞ্জু ছেমছনৰ। উল্লেখ্য যে, প্ৰায়েই উপেক্ষিত হৈ আহিছে সঞ্জু ছেমছন। অনিয়মিতভাৱে দলত স্থান পোৱা ছেমছন মূল একাদশত খেলাৰ পৰা বঞ্চিত হোৱাকলৈ একাংশ প্ৰাক্তন ক্ৰিকেটাৰে এনে সিদ্ধান্তৰ প্ৰতি বিগত সময়ত কেইবাবাৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে।
Also Read: মৰক্কোত বৰভূঁইকঁপ : সহস্ৰাধিক লোক নিহত