/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/539a50a8-43f1-442e-a832-254cbf8b56e5/DAS.jpg)
ডিজিটেল সংবাদ, উৰিয়াগাওঁঃ ক্ৰীড়াই আমাক এক সু শৃংখলিত জীৱন দিয়ে।ক্ৰীড়াই আমাক আগবাঢ়ি যোৱাৰ প্ৰেৰণা দিযাৰ উপৰিও আমাক প্ৰত্যাহ্বানৰ মুখামুখি হোৱাৰ সাহস দিব পাৰে।এই মন্তব্য অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক তথা সহযোগী সম্পাদক প্ৰকাশ মহন্তৰ।
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ উৰিয়া গাঁও আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰাইজমানি ক্ৰিকেট বল প্ৰতিযোগিতাৰ ফাইনেল খেলৰ অনুষ্ঠানত উদ্বোধক হিচাপে উপস্থিত থাকি জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তই আৰু কয়- বিগত সময়ত উৰিয়া গাঁৱৰ সামাজিক,সাংস্কৃতিক, ক্ৰীড়া,বিদ্যায়তনিক দিশলৈ এক ধুমুহা আহিছিল।ইয়াৰ ফলত অঞ্চলটোৰ বাণিজ্যিক দিশত ব্যাপক ক্ষতি হৈছিল।আনকি ঐতিহ্যমণ্ডিত উৰিয়া গাঁও খেলপথাৰ খন নাইকিয়া কৰি দিব খোজা হৈছিল।গতিকে সময়ে সময়ে উৰিয়া গাঁও অঞ্চলটোলৈ যি কঠিন প্ৰত্যাহ্বান আহিছে।
এই প্ৰত্যাহ্বান উফৰাবৰ বাবে আমি ক্ৰীড়াক মাধ্যম হিচাপে,সাংস্কৃতিক আমাৰ প্ৰেৰণা হিচাপে লৈ আৰু আমাৰ অতীতৰ লোকসকলৰ যি কৃতিত্ব,সেই কৃতি আৰু গৰিমাক অনুপ্ৰেৰণা হিচাপে লৈ আমি আগবাঢ়ি যোৱাৰ চেষ্টা কৰিব লাগিব।অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি প্ৰাগজ্যোতিষ বনিয়া আৰু উৰিয়া গাঁও আঞ্চলিক সমিতিৰ সভাপতি ৰাজ হাজৰিকাই আঁত ধৰা সভাখনত জ্যেষ্ঠ সাংবাদিক মহন্তই আৰু কয়-উৰিয়া গাঁও খনক উজলাই তুলিবৰ বাবে আমি সকলো ভেদাভেদ পাহৰি একত্ৰিত হব লাগিব।
বৰ্তমান উৰিয়া গাঁৱৰ যুৱ প্ৰজন্ম আৰু স্থানীয় ৰাইজৰ সন্মিলিত প্ৰচেষ্টাৰ বাবেই উৰিয়া গাঁওয়ে আকৌ ঠন ধৰি উঠাটো এক যোগাত্মক দিশ বুলি ভাষণত জ্যেষ্ঠ সাংবাদিক মহন্তই উল্লেখ কৰে।অনুষ্ঠানটোত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা উপস্থিত থাকি উৰিয়া গাঁও অঞ্চলটোক সামাজিক,সাংস্কৃতিক, ক্ৰীড়া আৰু বাণিজ্যিক কেন্দ্ৰস্থল হিচাপে গঢ় দিয়া হব বুলি মন্তব্য কৰে।সাংবাদিকৰে হোৱা মুখামুখিত বিধায়ক শৰ্মাই কয়- উৰিয়া গাঁও খেলপথাৰ খন ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকৰনে অধিগ্ৰহণ কৰি থৈছে।
ইতিমধ্যে এই সম্পৰ্কত মাটিখিনি লবৰ বাবে মই মুখ্যমন্ত্ৰীৰ লগত কথা পাতিছে।যেতিয়াই মাটিখনি ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকৰনৰ পৰা ৰাইজৰ হাতলৈ আহিব।তেতিয়াই লগে লগে আমি উৰিয়া গাঁও খেলপথাৰত ক্ৰীড়া প্ৰকল্পৰ কাম আৰম্ভ কৰিম।সভাত বিশিষ্ট নাট্যকৰ্মী তথা অসম আন্দোলনৰ অগ্ৰণী কৰ্মী কমলেশ শইকীয়া ঐতিহ্যমণ্ডিত উৰিয়া গাঁও অঞ্চলৰ স্মৃতি বিজড়িত বিভিন্ন দিশ সামৰি ভাষণ প্ৰদান কৰে।
খেলখনৰ উদ্বোধনী অনুষ্ঠানত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক দীপমনি বৰা,নগাঁও জিলা সমিতিৰ উপ সভাপতি প্ৰবাল শৰ্মা, সাধাৰণ সম্পাদক দেৱশীষ দাস,উৰিয়া গাঁও আঞ্চলিক উন্নয়ন সমিতিৰ সদস্য প্ৰবোধ কুমাৰ বৰা,ৰূপৰাম হাজৰিকা,যুৱ ছাত্ৰ পৰিষদ বিষয়ববীয়া দিব্যজিত হাজৰিকা,দীপাংকৰ শৰ্মা,কৌশিক হাজৰিকা,আৰক্ষী বিষয়া মৃদুল হাজৰিকা,নগাঁও সদৰ থানাৰ নিৰ্দেশক ৰাজীৱ শইকীয়া,খেল পৰিচালনা সমিতিৰ সম্পাদক সঞ্জীৱ বৰা আদি উপস্থিত থাকে।
উল্লেখ্য যে, প্ৰাইজমানি ক্ৰিকেট খেল প্ৰতিযোগিতাখনৰ ফাইনেলত আজি পুৰণিগুদাম ক্ৰিকেট ক্লাৱ একাদশে (পি.চি.চি)চুড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰে।প্ৰথমে বেট ধৰি বিজয়ী পুৰণিগুদাম ক্ৰিকেট ক্লাৱে ১২ অভাৰত ৫ উইকেটৰ বিনিময়ত ১৪৭ ৰান সংগ্ৰহ কৰে।দলটোৰ হৈ চিন্টু বৰাই সৰ্বাধিক ৫৯ ৰান কৰে।ইয়াৰ প্ৰত্যুত্তৰত ডিমৰুগুৰিৰ পাপু ইলেভেনে নিৰ্ধাৰিত অভাৰত ৯ উইকেটৰ বিনিময়ত ১২৩ ৰান সংগ্ৰহ কৰি ২৪ ৰানত পৰাজিত হয়।ফাইনেল খেলৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে চিন্টু বৰা আৰু টুৰনামেণ্ট খনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে(মেন অফ দি চিৰিজ) দীপজ্যোতি দাসে পুৰস্কাৰ লাভ কৰে।ন'ক আউট পৰ্যায়ত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত ৩২ টা দলে অংশগ্ৰহণ কৰিছিল বুলি জানিব পৰা গৈছে।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us