১৭ মে'ৰ পৰা পুনৰ আৰম্ভ হ'ব আই পি এল...

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰক বোৰ্ড চমুকৈ BCCI-এ ঘোষণা কৰিছে টাটা আই পি এল-২০২৫ ৰ অবশিষ্ট মেচসমূহ অহা ১৭ মে’ৰ পৰা পুনৰ আৰম্ভ হ’ব। ইয়াৰ বাবে নতুনকৈ তৈয়াৰ কৰা হৈছে সূচী।

author-image
Asomiya Pratidin
New Update
১৭ মে'ৰ পৰা পুনৰ আৰম্ভ হ'ব আই পি এল...

ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰক বোৰ্ড চমুকৈ BCCI-এ ঘোষণা কৰিছে টাটা আই পি এল-২০২৫ ৰ অবশিষ্ট মেচসমূহ অহা ১৭ মে’ৰ পৰা পুনৰ আৰম্ভ হ’ব। চৰকাৰী আৰু সুৰক্ষা তথা নিৰাপত্তা সংস্থাৰ সৈতে বিস্তৃত আলোচনা আৰু পৰামৰ্শৰ অনুসৰি  বিচিচিআইয়ে অবশিষ্ট মেচসমূহ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

Advertisment

উল্লেখ্য যে, আই পি এলৰ আৰু মুঠ ১৭ খন মেচ অনুষ্ঠিত হ’বলৈ বাকী আছে। এই আটাইকেইখন মেচ ১৭ মে’ৰ পৰা ৩ জুনৰ ভিতৰত অনুষ্ঠিত হ’ব। সংশোধিত সময়সূচী অনুসৰি দুটা শনিবাৰত দুখন ডাৱল হেডাৰ অনুষ্ঠিত হ’ব। 

নতুন সংশোধিত সূচী অনুসৰি ২৯ মে’ত কোৱালিফায়াৰ-১ মেচ অনুষ্ঠিত হোৱাৰ পিছত ৩০ মে’ত ইলিমিনেটৰ মেচখন অনুষ্ঠিত হ’ব। কোৱালিফায়াৰ-২ অনুষ্ঠিত হ’ব ১ জুনত। ফাইনেল মেচখন অনুষ্ঠিত হ’ব ৩ জুনত। 

প্লে-অফৰ মেচসমূহ ক’ত অনুষ্ঠিত হ’ব, সেই সম্পৰ্কে অৱশ্যে এতিয়াই প্ৰকাশ কৰা নাই। পৰৱৰ্তী সময়ত আন এক জাননীৰ জৰিয়তে বি চি চি আইয়ে এই বিষয়ে উল্লেখ কৰিব। 

ইফালে বিচিচিআইৰ সচিব দেৱজিত শইকীয়াই এক বিজ্ঞপ্তিত দেশৰ সশস্ত্ৰ বাহিনীৰ সাহসিকতা আৰু সহনশীলতাৰ প্ৰশংসা কৰি কয়, "দেশৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে সশস্ত্ৰ বাহিনীৰ যি ত্যাগ সেয়া অমূল্য। তাৰ বাবে আমি কৃতজ্ঞ।"

 

ক্ৰিকেট আই পি এল