/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/db2644f6-adb7-4fe5-b5fd-b183195de6b0/brailee.jpg)
ডিজিটেল সংবাদ, চিলাপথাৰ : চিমেন চাপৰিৰ চেৰেন পথাৰৰ পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰত তিনিদিনীয়া কাৰ্যসূচীৰে চলি থকা শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৯২ সংখ্যক অধিৱেশনত অব্যাহত আছে উখল মাখল পৰিৱেশ। গ্ৰন্থ মেলাত কিতাপৰ বিক্ৰী অসন্তোষজনক বুলি ব্যৱসায়ীয়ে আক্ষেপ কৰাৰ সময়তে এগৰাকী দৃষ্টিহীন যুৱতীয়ে ব্ৰেইলী পদ্ধতিত লিখি উলিওৱা তিনিখনকৈ গ্ৰন্থ উন্মোচন কৰা হয় ।
এইগৰাকী গোগামুখ কৃষ্ণপুৰ গাঁৱৰ দৃষ্টিহীন যুৱতী হ'ল প্ৰতিভা বৰা । প্ৰতিভা বৰাই দৃষ্টিহীন লোকে পঢ়িব পৰা ব্ৰেইলী পদ্ধতিত লিখি উলিওৱা কীৰ্তন,ঘোষা আৰু প্ৰসংগ প্ৰণালী নামৰ তিনিখনকৈ গ্ৰন্থ অধিবেশনস্থলীত উন্মোচন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । তেওঁ জানিবলৈ দিয়া অনুসৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তনখন ব্ৰেইলী পদ্ধতিত লিখি উলিয়াবলৈ তেওঁক প্ৰায় ডেৰমাহ সময়ৰ প্ৰয়োজন হৈছিল । নিঃসন্দেহে প্ৰতিভাৱান প্ৰতিভা বৰাৰ গ্ৰন্থকেইখন দৃষ্টিহীন পাঠকসকলৰ বাবে অমূল্য সম্পদ হিচাপে পৰিগণিত হব ।
আৰু পঢ়ক : সলনি হ'ল অসমৰ ৰাজ্যপাল