১৯৮৩ বিশ্বকাপ : সাফল্যৰ ৪০টা বছৰ

১৯৮৩ বিশ্বকাপ : সাফল্যৰ ৪০টা বছৰ

author-image
Asomiya Pratidin
New Update
১৯৮৩ বিশ্বকাপ : সাফল্যৰ ৪০টা বছৰ

ডিজিটেল ডেস্ক: আজি ২৫ জুন,আজিৰ এই দিনটো ভাৰতীয় ক্ৰিকেটৰ বাবে উল্লেখনীয় দিন। কিয়নো ১৯৮৩ চনৰ এই দিনটোতে প্ৰথমবাৰৰ বাবে ভাৰতে লাভ কৰিছিল বিশ্বকাপৰ খিতাপ।

Advertisment

সেই সয়ছোৱাত ভাৰতীয় দলটোক নেতৃত্ব দিছিল কপিল দেৱে। ১৯৭৫ চনত পোন প্ৰথমবাৰৰ বাবে এদিনীয়া বিশ্বকাপ অনুষ্ঠিত হয় ইংলেণ্ডত। সেইবাৰ প্ৰথম সংস্কৰণৰ বিশ্ব জয়ৰ খিতাপ অৰ্জন কৰিছিল ৱেষ্ট ইণ্ডিজে।

উক্ত বৰ্ষৰ চূড়ান্ত মেচত অষ্ট্ৰেলিয়াক ১৭ ৰানত হৰুৱাই ৱেষ্ট ইণ্ডিজে জিনিছিল বিশ্বকাপৰ খিতাপ। ১৯৭৯ চনৰ দ্বিতীয় সংস্কৰণত আয়োজক ইংলেণ্ডক হৰুৱাই পুনৰ ৱেষ্ট ইণ্ডিজে বিশ্বকাপৰ মুকুট পিন্ধাৰ সৌভাগ্য ঘটে।

পিচে ৱেষ্ট ইণ্ডিজৰ বিশ্ব জয়ৰ ধাৰাবাহিকতা অন্ত পৰে ১৯৮৩ চনৰ তৃতীয় সংস্কৰণৰ বিশ্বকাপত। সেইবাৰো আয়োজক দেশ ক্ৰিকেটৰ জন্মভূমি ইংলেণ্ড। ৮৩ৰ বিশ্বকাপত ৱেষ্ট ইণ্ডিজক ৪৩ ৰানৰ ব্যৱধানত হৰুৱাই পোন প্ৰথমবাৰৰ বাবে কপিল দেৱ বাহিনীয়ে ভাৰতবাসীক উপহাৰ দিছিল বিশ্বকাপ।

ইয়াৰ সুদীৰ্ঘ ২৮ বছৰৰ পিচত অৰ্থাৎ ২০১১ চনত ভাৰতে শ্ৰীলংকাক ৬ উইকেটত হৰুৱাই দ্বিতীয়বাৰৰ বাবে এদিনীয়া বিশ্বকাপৰ খিতাপ দখল কৰিছিল। অতীত সুঁৱৰি ৮৩ বিশ্ব জয়ী ভাৰতীয় দলটো উল্লেখ কৰা হ'ল।

প্ৰথম বিশ্বকাপ জয়ী দলটো : কপিল দেৱ(অধিনায়ক),মহিন্দৰ অমৰনাথ,কৃতি আজাদ,ৰজাৰ বিন্নী,সুনীল গাভাস্কাৰ,চৈয়দ কিৰ্মণী(উইকেট ৰক্ষক),মদন লাল,সন্দীপ পাটিল,বলবিন্দৰ সিন্ধু,যশপাল শৰ্মা,ৰবি শাস্ত্ৰী,কৃষ্ণামাচাৰী শ্ৰীকান্ত,সুনীল ভালচন আৰু দিলীপ ভেংচৰকাৰ

Also Read: ই-ৰিক্সা নহয় : এইবাৰ আকাশ মাৰ্গত নাছাৰ অভিনৱ সৃষ্টি ইলেক্ট্ৰিক বিমান

world cup