/asomiyapratidin/media/media_files/2024/12/11/awmboIpTErDpmJTmpnBy.png)
ডিজিটেল ডেস্কঃ ৬৮ সংখ্যক ৰাষ্ট্ৰীয় স্কুল ক্ৰীড়াত কাৰাটেৰ কুমিতে শাখাত অসমৰ তক্ষীল মজুমদাৰে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। ৯ ডিচেম্বৰত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত তক্ষীলে ১৭ বছৰ অনুৰ্ধ্বৰ (-৫০ কেজি) শিতানত এই সফলতা লাভ কৰিছে।
ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ ত্যাগৰাজ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত তক্ষীলে লাভ কৰাত উৎফুল্লিত হৈ পৰিছে তেওঁৰ প্ৰশিক্ষক।
তেওঁৰ এই সফলতাৰ বাবে সদৌ অসম কাৰাটে সন্থাৰ সাধাৰণ সম্পাদক আদৰ্শ চৌধুৰীয়ে শুভেচ্ছা জ্ঞাপন কৰিছে আৰু আগন্তুক সময়ত অধিক সফলতাৰ ৰাজ্যৰ সুনাম কঢ়িয়াব পাৰিব বুলি আশা প্ৰকাশ কৰিছে।