/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-11/xcp6ibc4/BARAMA-11.jpg)
বৰমালৈ গৌৰৱ কঢ়িয়াই আনিলে টাইকোৱাণ্ড খেলুৱৈ বোহৈথি স্বৰ্গীয়াৰীয়ে
ডিজিটেল সংবাদ বৰমাঃ নৰ্থ ইষ্ট অচমিতা খেলো ইণ্ডিয়া টাইকোৱাণ্ড লীগত পুনৰবাৰ উজলিল বাক্সা জিলাৰ বৰমা উইনাৰ্ছ টাইকোৱাণ্ড একাডেমীৰ নিয়মীয়া প্ৰশিক্ষাৰ্থী বোহৈথি স্বৰ্গীয়াৰী।
বোহৈথি স্বৰ্গীয়াৰী প্ৰশিক্ষক দ্বিপেন ঠাকুৰীয়াৰ অধিনত প্ৰশিক্ষণ প্ৰাপ্ত আৰু মেদাঘাট টাইকোৱাণ্ড একাডেমীৰ প্ৰাক্তন খেলুৱৈ তথা বৰ্তমান এছ এছ বিৰ সবিতা ৰামছিয়াৰী টাইকোৱানণ্ড টীমৰ সদস্য।
বোহৈথি স্বৰ্গীয়াৰীয়ে জুনিয়ৰ শাখাৰ ব্যক্তিগত ৪৬ কেজি অনুৰ্ধ্বত ৰূপৰ পদক আৰু ছিনিয়ৰ শাখাৰ ৫৭ কেজি শাখাত সবিতা ৰামছিয়াৰীয়ে সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়। উক্ত অচমিতা খেলো ইণ্ডিয়া টাইকোৱানণ্ড লীগখন অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰত যোৱা ৩ অক্টোবৰৰ পৰা ৬ অক্টোবৰলৈ অনুষ্ঠিত হয়। এই প্ৰতিযোগিতাত সোণ আৰু ৰূপৰ পদকপ্ৰাপ্ত খেলুৱৈসকলে আগন্তুক ৰাষ্ট্ৰীয় খেলো ইণ্ডিয়া টাইকোৱাণ্ড লীগলৈ নিৰ্বাচিত হয়।
Also Read: কোকৰাঝাৰৰ ৫ খন পূজা মণ্ডপ দৰ্শন কৰিলে মুখ্যমন্ত্ৰীয়ে...