/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/12/virat-kohli.jpg)
ডিজিটেল ডেস্কঃ এইবাৰ টি-২০ বিশ্বকাপ অনুষ্ঠিত হ'ব অষ্ট্ৰেলিয়াত। আই চি চি স্বীকৃতিপ্ৰাপ্ত প্ৰায়বোৰ দেশে খেলুৱৈসকলৰ সাম্প্ৰতিক প্ৰদৰ্শনৰ ভিত্তিত টি-২০ বিশ্বকাপৰ বাবে দল গঠনত ব্যস্ত। ব্যতিক্ৰম নহয় টীম ইণ্ডিয়াও।পূৰ্ণকালীন অধিনায়ক ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতীয় দলে অষ্ট্ৰেলিয়াৰ মাটিত খেলিব টি-২০ বিশ্বকাপ।
টি-২০ বিশ্বকাপৰ পূৰ্বে ২৭ আগষ্টৰ পৰা এছিয়া কাপ। ইতিমধ্যে ৰোহিত বাহিনী উৰা মাৰিছে মৰুৰ দেশ ডুবাইলৈ। এছিয়া কাপত খেলুৱৈসকলৰ প্ৰদৰ্শনৰ ভিত্তিত নিৰ্বাচকসকলে আগন্তক বিশ্বকাপৰ বাবে ভাৰতীয় দল গঠন কৰিব।
ৰোহিত শৰ্মাই সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি বিশ্বকাপৰ বাবে ভাৰতীয় দল ৮০ৰ পৰা ৯০ শতাংশ সাজু।বাকী কেবল এছিয়া কাপৰ প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি নিৰ্বাচকে ১৫ ছেপ্তেম্বৰত দলটো চূড়ান্ত কৰিব।
উল্লেখ্য যে, ২০১৯ চনৰ পৰা শতকৰ মুখ দেখা নাই ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলিয়ে। সেয়েহে বিশ্বকাপৰ বাবে ঘোষণা হ'বলগীয়া ভাৰতীয় দলটোত সম্প্ৰতি দুৰ্বল ফৰ্মত ভুগী থকা প্ৰাক্তন অধিনায়ক বিৰাট কোহলিৰ স্থানকলৈ সন্দেহৰ সৃষ্টি হৈছে।
সূত্ৰত প্ৰকাশিত খবৰ অনুসৰি এতিয়ালৈ কোহলিৰ নাম টি-২০ বিশ্বকাপৰ বাবে নিৰ্বাচকে বিবেচনা কৰা নাই। অৱশ্যে ১৫ ছেপ্তেম্বৰত বি চি চি আইৰ নিৰ্বাচক কমিটীৰ বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকতে চূড়ান্ত হ'ব বিশ্বকাপৰ বাবে অষ্ট্ৰেলিয়া অভিমুখী ভাৰতীয় দলটো।