ছিডনী ক্ৰিকেট গ্ৰাউণ্ডৰ শচীনলৈ জন্মদিনৰ বিশেষ উপহাৰ...

ছিডনী ক্ৰিকেট গ্ৰাউণ্ডৰ শচীনলৈ জন্মদিনৰ বিশেষ উপহাৰ...

ডিজিটেল ডেস্ক : শচীন তেণ্ডুলকাৰৰ ৫০ সংখ্যক জন্মদিনত অষ্ট্ৰেলিয়াৰ ছিডনী ক্ৰিকেট গ্ৰাউণ্ডৰ কৰ্মকৰ্তাই কিংবদন্তীগৰাকীক দিলে বিশেষ উপহাৰ । তেণ্ডুলকাৰৰ লগত সন্মানিত হ'ল অন্য এগৰাকী কিংবদন্তী ব্ৰায়ান লাৰাও ।

এই দুই কিংবদন্তীৰ বাবে ছিডনী ক্ৰিকেট গ্ৰাউণ্ড আছিল বিনোদনৰ অন্যতম প্ৰাণকেন্দ্ৰ নিজৰ তুলিকাৰে ৰঙীণ কৰি তুলিছিল দুয়োজনে ।

এই খেলপথাৰত আছে দুয়োৰে স্মৰণীয় প্ৰদৰ্শন । এইবাৰ খেলপথাৰখনেও দুয়োকে ভালপোৱাৰ প্ৰতিদান দিলে । তেণ্ডুলকাৰ আৰু লাৰাৰ নামত নামাকৰণ কৰা হ'ল ছিডনী গ্ৰাউণ্ডৰ কেইবাটাও প্ৰৱেশদ্বাৰ । এই নামাকৰণৰ বাবে নিৰ্বাচন কৰা হয় তেণ্ডুলকাৰৰ ৫০ সংখ্যক জন্মদিনটো ।

এই গ্ৰাউণ্ডত লাৰাৰ চিৰস্মৰণীয় ২৭৭ ৰানৰ ইনিংছটোৰ ৩০ সংখ্যক সম্পূৰ্ণ হ'ল এইটো বছৰতে । ১১১ টেষ্ট আৰু ১৬০ এদিনীয়াৰ সাক্ষী এই গ্ৰাউণ্ডৰ অন্য প্ৰৱেশদ্বাৰসমূহ ব্ৰেডমেন, এলেন ডেভিডছন আৰু আৰ্থাৰ মৰিছৰ নামত আছে ।

উল্লেখ্য যে এই ছিডনীতেই তেণ্ডুলকাৰে খেলিছিল ২৪১ ৰানৰ ইনিংছটো । ৫খন টেষ্টত আছে তিনিটা শতক আৰু দুটা অৰ্ধশতক ।

ছিডনী ক্ৰিকেট গ্ৰাউণ্ডৰ শচীনলৈ জন্মদিনৰ বিশেষ উপহাৰ...
শিৱসাগৰৰ বকতাত নিশা ভয়ংকৰ অগ্নিকাণ্ড

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in