/asomiyapratidin/media/media_files/2024/12/14/UPBGoseAItDfGtLxq9gh.jpg)
ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় স্কুল ক্ৰীড়া প্ৰতিযোগিতাৰ কাৰাটেত অসমৰ সফলতাৰ ধাৰা অব্যাহত আছে। পঞ্জাৱৰ লুধিয়ানাত চলি থকা স্কুল ক্ৰীড়াৰ কাৰাটেৰ অনুৰ্ধ্বৰ ১৪ বছৰৰ বিভিন্ন শাখাত অসমৰ কেইবাজনো খেলুৱৈয়ে ইতিমধ্যে পদক লাভ কৰিছে।
শেহতীয়াকৈ এই সুনয়না গগৈয়ে কুমিটে -৩৪ কেজি শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিছে। তাৰোপৰি সঞ্জিনী ধৰে কুমিটে-৪৬ কেজি শাখাত অনুৰূপ ধৰণে লাভ কৰিছে ব্ৰঞ্জৰ পদক।
পদক প্ৰাপ্ত দুয়োগৰাকী খেলুৱৈকে সদৌ অসম কাৰাটে সন্থাই অভিনন্দন জ্ঞাপন কৰিছে। সন্থাৰ সাধাৰণ সম্পাদক আদৰ্শ চৌধুৰীয়ে পদক প্ৰাপ্ত খেলুৱৈ সকলে আগন্তুক সময়ত ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অধিক সফলতা লাভ কৰাৰ আশাৰে শুভেচ্ছা জ্ঞাপন কৰিছে।