/asomiyapratidin/media/media_files/2025/01/02/eFPK8kz5pe1lns9OWhJS.png)
ডিজিটেল ডেস্কঃ গুজৰাট আৰক্ষীৰ চি আই ডিৰ এটা দলে ৪৫০ কোটি টকাৰ চিট-ফাণ্ড কেলেংকাৰীৰ তদন্ত আৰম্ভ কৰিছে। এই চিট-ফাণ্ড কেলেংকাৰীৰে নাম জড়িত হৈ পৰিছে বিপদত ভাৰতীয় ক্ৰিকেট দলৰ অপেনাৰ শুভমণ গীলৰ।
কেৱল গীলৰে নহয়, আই পি এলৰ গুজৰাট টাইটানছৰ অধিনায়কগৰাকীৰ লগতে ফ্ৰেঞ্চাইজিটোৰ আন তিনি ক্ৰিকেটাৰ ক্ৰমে ছাই সুদৰৰ্শন, ৰাহুল টেৱটীয়া, মোহিত শৰ্মাৰো নাম এই কেলেংকাৰীৰ সৈতে জড়িত হৈছে। সেয়ে বিষয়টোৰ সন্দৰ্ভত সোধপোছৰ বাবে চি আই ডিয়ে এই চাৰিও ক্ৰিকেটাৰৰ বিৰুদ্ধে চমন জাৰি কৰিব।
গুজৰাট আৰক্ষীৰ চি আই ডি ব্ৰাঞ্চে পঞ্জি স্কিমৰ সন্দৰ্ভত ভূপেন্দ্ৰসিং জালা নামৰ এজন ব্যক্তিক জেৰা কৰাৰ সময়ত তেওঁ এই ক্ৰিকেটাৰসকলৰ নাম লৈছে বুলি জানিব পৰা গৈছে। ভূপেন্দ্ৰ সিঙে জেৰাৰ সময়ত চি আই ডিক জনাইছে এই ক্ৰিকেটাৰসকলেও ধন বিনিয়োগ কৰিছিল।
সেই ধন এতিয়ালৈকে ঘূৰাই দিয়া হোৱা নাই। চি আই ডিৰ বিষয়াই গুজৰাটৰ এক সংবাদ পত্ৰৰ আগত প্ৰকাশ কৰা মতে শুভমণ গীলে এই চিট-ফাণ্ডত ১.৯৫ কোটি টকা বিনিয়োগ কৰিছিল।
তাৰোপৰি অন্যান্য ক্ৰিকেটাৰসকলে লাখ লাখ টকা বিনিয়োগ কৰিছিল। সেয়ে চি আই ডিয়ে তেওঁলোকক বিষয়টোৰ সন্দৰ্ভত সোধপোছ কৰিবলৈ তেওঁলোকৰ সুবিধা হোৱাকৈ মাতিব বুলি জনাইছে।
উল্লেখ্য, প্ৰথমে এই চিট-ফাণ্ড কেলেংকাৰীৰ জৰিয়তে সংগ্ৰহ হোৱা মুঠ ধনৰ পৰিমাণ ৬০০০ কোটি টকা বুলি প্ৰকাশ পাইছিল। অৱশ্যে পৰৱৰ্তী সময়ত এই পৰিমাণ ৬০০০ কোটিৰ পৰিবৰ্তে ৪৫০ কোটি টকা বুলিহে নিশ্চিত হয় তদন্তকাৰী দলটো।
চি আই ডিৰ বিষয়াই জনোৱা মতে ভূপেন্দ্ৰসিঙে এই সন্দৰ্ভত এখন আনঅফিচিয়েল হিচাপ বহীও লগত ৰাখিছিল। এই বহীখন জব্দ কৰা হৈছে আৰু তাত উল্লেখিত ধৰণে বিভিন্ন স্থানত অভিযান চলোৱা হৈছে।
চি আই ডিয়ে আৰু জনাইছে যে, আন এগৰাকী সন্দেহজনক ব্যক্তি ৰুছিক মেহতাই ভূপেন্দ্ৰ সিঙৰ বেংক একাউণ্ট চোৱাচিতা কৰিছিল। তেওঁকো গ্ৰেপ্তাৰ কৰা হৈছে। এই কেলেংকাৰীৰ তদন্তৰ বাবে ভূপেন্দ্ৰসিং জালাৰ বহীৰ হিচাপ পৰীক্ষাৰ বাবে এটা হিচাপ পৰীক্ষকৰ দলো নিয়োগ কৰা হৈছে।