/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/AP-FOR-WEB-lovlina.jpg)
ডিজিটেল ডেস্ক: কমনৱেল্থ গেমছৰ বাবে প্ৰস্ততি চলাই থকাৰ মাজতে অলিম্পিকৰ পদক জয়ী বক্সাৰ লাভলীনা বৰগোঁহাইয়ে আজি এক বিশেষ টুইট কৰিছিল। লাভলীনাই টুইট কৰি কৈছিল যে তেওঁৰ উপযুক্ত প্ৰশিক্ষক পোৱা নাই যাৰ বাবে তেওঁ খেলত মন দিব পৰা নাই।
লাভলীনাৰ টুইটৰ কিছু সময় পাছতেই যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ ক্ৰীড়া বিভাগে টুইট কৰি লাভলীনাৰ বাবে অতিশীঘ্ৰেই প্ৰশিক্ষকৰ ব্যৱস্থা কৰিবলৈ কয়। টুইটৰ জৰিয়তে বিভাগে কয় যে আমি ভাৰতীয় অলিম্পিক সংস্থাক আহ্বান জনাইছো যে অতিশীঘ্ৰেই লভলিনা বৰগোহাঁইৰ প্ৰশিক্ষকৰ ব্যৱস্থা কৰা হওক।
We have urged the Indian Olympic Association to immediately arrange for the accreditation of the coach of Lovlina Borgohain. https://t.co/6GhD72cvY4
— Dept of Sports MYAS (@IndiaSports) July 25, 2022
উল্লেখ্য যে, আজি টুইটত লাভলীনা বৰগোহাঁইয়ে লিখিছিল যে মই যথেষ্ঠ মানসিক শাস্তি দিছে।মই বুজিব পৰা নাই খেলত কেনেকৈ মই মনযোগ দিম।এনেবোৰ কাৰণতেই শেহতীয়াকৈ অনুষ্ঠিত হোৱা বিশ্ব চেম্পিয়নতো মোৰ প্ৰদৰ্শন বেয়া হৈছিল। ইয়াক ৰাজনীতি আখ্যা দি লাভলীনাই কমনৱেল্ড গেমছৰ ফলাফল মই বেয়া হোৱাতো নিবিচাৰো বুলি কৈ দেশৰ বাবে এই ৰাজনীতিৰ উৰ্ধলৈ গৈ মেডেল জয় কৰিব বিচাৰো বুলি উল্লেখ কৰিছে।
আৰু পঢ়ক: কমনৱেল্থ গেমছ খেলিবলৈ যোৱা লাভলীনাক লৈ কাৰ যড়যন্ত্ৰ?