ৰিয়ানে ৰক্ষা কৰিব পাৰিবনে ৰাজস্থানৰ বিশ্বাস!

ৰিয়ানে ৰক্ষা কৰিব পাৰিবনে ৰাজস্থানৰ বিশ্বাস!

author-image
asomiyapratidin
New Update
ৰিয়ানে ৰক্ষা কৰিব পাৰিবনে ৰাজস্থানৰ বিশ্বাস!

তুষাৰ প্ৰতিম

ৰাজস্থানৰ প্ৰিয় ৰিয়ান। ৰাজস্থানৰ বিশ্বাসে কৰে ৰিয়ানক। ৰাজস্থানে এৰি দিব নিবিচাৰে তেওঁক। ভাৰতীয় ক্ৰিকেটৰ এখন চিনাকি মুখ অসমৰ ৰিয়ান পৰাগ। অনূৰ্ধ্ব-১৯ ভাৰতীয় দলৰ হৈ দেশক প্ৰতিনিধিত্ব কৰা ৰিয়ানে জাতীয় দলত স্থান লাভ কৰিব পৰা নাই যদিও ভাৰতীয় ক্ৰিকেটত এক বিশেষ পৰিচয় গঢ়িবলৈ সক্ষম হৈছে।

Advertisment

আই পি এলৰ ৰাজস্থান ৰয়েলছ দলৰ হৈ ইতিমধ্যে ৰিয়ানে আই পি এলৰ কেইবাটাও চিজনত অংশগ্ৰহণ কৰিছে। নিজৰ দক্ষতাৰে ক্ৰিকেট বিশেষজ্ঞৰ প্ৰশংসা বুটলিবলৈ সক্ষম হোৱা ৰিয়ানক ২০২২ বৰ্ষৰ বাবেও ৰাজস্থানে চুক্তিবদ্ধ কৰিলে।

শনিবাৰৰ পৰা অনুষ্ঠিত হোৱা আই পি এলৰ মেগা নিলামত ৰাজস্থান ৰয়েলছ দলে ৩০ লাখ টকাৰ মূল্যৰ ৰিয়ানক ক্ৰয় কৰিলে ৩ কোটি ৮০ লাখ টকাত। ইয়াৰ পৰাই প্ৰমাণ হ'ল ৰাজস্থানে ৰিয়ানক কিমান বিশ্বাস কৰে। মেগা নিলামৰ সময়ছোৱাত ৰিয়ানক নিজ দলত পাবলৈ কেইবাটাও ফ্ৰেঞ্চাইজিয়ে ইচ্ছা প্ৰকাশ কৰিছিল যদিও ৰাজস্থান ৰয়েলছ আৰু আই পি এলৰ নৱতম ফ্ৰেঞ্চাইজি গুজৰাট লায়ন্সৰ মাজত টনাটনিৰ সৃষ্টি হৈছিল।

বিগত দুটা চিজনত আই পি এলৰ যিসকল তৰুণ ক্ৰিকেটাৰে বিশেষ চৰ্চা লাভ কৰিছিল, যিসকল ক্ৰিকেটাৰক বিশেষজ্ঞসকলে প্ৰশংসা কৰিছিল তাৰ মাজত আছিল অসমৰ ৰিয়ান পৰাগো। ২০২০ ৰ আই পি এলত ৰাজস্থান দলৰ বিপদৰ সময়ত খেলপথাৰত ত্ৰাণকৰ্তা হিচাপে থিয় দিছিল ৰিয়ানে। অৱশ্যে বহু সময়ত ৰিয়ানক লৈ সমালোচনাও হৈছে। ৰাজস্থান ৰয়েলছ দলে ৰিয়ানক প্ৰয়োজনতকৈ অধিক গুৰুত্ব প্ৰদান কৰাৰো অভিযোগ উঠিছিল।

ইতিমধ্যে ৩ টাকৈ চিজন আই পি এল খেলা ৰিয়ান যদিৰে চৰ্চিত হৈছে বা যিদৰে তেওঁ প্ৰচাৰ লাভ কৰিছে সেই দৰে অৱশ্যে প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম যে হোৱা নাই সেই কথাও নিশ্চিত।কিন্তু ক্ৰিকেট বিশেষজ্ঞসকলে ৰিয়ানৰ প্ৰতিভা যে আছে সেই কথাক স্বীকাৰ কৰি আহিছে। সেয়ে হয়তো ৰাজস্থান ৰয়েলছ দলে ৰিয়ানৰ অত্যাধিক ব্যৰ্থতাৰ বাবেও পুনৰ ৩ কোটি ৮০ লাখ টকা ব্যয় কৰিছে।

২০১৯ চনত আই পি এলত আত্মপ্ৰকাশ কৰা ৰিয়ানে সেইবাৰ ৭ মেচত অশংগ্ৰহণ কৰি ১৬০ কৰিবলৈ সক্ষম হৈছিল। সেইবাৰ এটা অৰ্ধশতক। আনহাতে গোটেই চিজনটোত ৰিয়ানে মুঠ ১৪ অভাৰ বলিং কৰি ১২১ ৰাণ ব্য কৰিছিল আৰু লাভ কৰিছিল ২ টা উইকেট।

ইয়াৰ পিছৰ বছৰ ৰিয়ানে ১২ খন মেচ খেলি মাত্ৰ ৮৬ ৰাণহে কৰিবলৈ সক্ষম হৈছিল। সেইবাৰ তেওঁৰ বেটৰ পৰা অহা সৰ্বাধিক ৰাণ আছিল ৪২। আনহাতে মুঠ ২ অভাৰ বল কৰি ২৭ ৰাণ ব্যয় কৰিছিল। সেইবাৰ তেওঁ এটাও উইকেট দখল কৰিবলৈ সক্ষম হোৱা নাছিল।

২০২১ চনৰ আই পি এলত ৰিয়ানৰ বেটৰ পৰা আহিল মাত্ৰ ৯৩ ৰাণ। ১১ খন মেচ খেলা ৰিয়ানে এই চিজনত এটা ইনিংছত সৰ্বাধিক ২৫ ৰাণ সংগ্ৰহ কৰিছিল। আনহাতে ৬.১ অভাৰ বল কৰি ৭৩ ৰাণ ব্যয় কৰি তেওঁ লাভ কৰিছিল মাত্ৰ এটা উইকেট। আই পি এলৰ ইতিহাসত ৰিয়ানৰ প্ৰদৰ্শন এয়া।

ৰেকৰ্ডে ৰিয়ানৰ প্ৰদৰ্শন সন্দৰ্ভত বহু কথাই কয় যদিও ৰাজস্তান ৰয়েলছে ৰিয়ানক সদায়েই সুযোগ দি আহিছে। এই সুযোগ অৱশ্যে ৰিয়ানে সঠিক ভাৱে গ্ৰহণ কৰিব পৰা নাই। বিগত বছৰৰ প্ৰদৰ্শনৰ প্ৰতি লক্ষ্য ৰাখি ৰিয়ানক এইবাৰ আই পি এলত ৰিয়ানৰ গুৰুত্ব কিমান হ'ব সেই বিষয়েও প্ৰশ্নৰ উদয় হৈছিল। অৱশ্যে প্ৰচুৰ সম্ভাৱনা থকা ৰিয়ানক ৰাজস্থানে আন এক সুযোগ প্ৰদান কৰিলে। এতিয়া লক্ষ্যণীয় হ'ব ৰিয়ানে এই সুযোগ কিদৰে গ্ৰহণ কৰিব।

ইফালে শনিবাৰ অনুষ্ঠিত হোৱা আই পি এলৰ মেগা নিলামত বহু তাৰকা ক্ৰিকেটাৰক ক্ৰয় কৰাৰ ক্ষেত্ৰত ফ্ৰেঞ্চাইজি বোৰে ক্ৰয় কৰাৰ ক্ষেত্ৰত অনিহা প্ৰদৰ্শন কৰাৰ বিপৰীতে উদিয়মান বহু ক্ৰিকেটাৰৰ বাবে ব্যয় কৰিলে কোটি কোটি টকা। এই উদিয়মান ক্ৰিকেটাৰৰ ভিতৰত আছে শেহতীয়াকৈ ৱেষ্ট ইণ্ডিৰ বিৰুদ্ধে উজলি উঠা নৱাগত ক্ৰিকেটাৰ প্ৰসিদ্ধ কৃষ্ণ।

আই পি এলৰ ৰাজস্থান ৰয়েলছ দলে প্ৰসিদ্ধ কৃষ্ণক ক্ৰয় কৰিলে ১০ কোটি টকাত। বিগত চিজনত প্ৰসিদ্ধ আছিল কলকাতা নাইটৰাইডাৰ্ছ দলত। সেইবাৰ তেওঁৰ প্ৰদৰ্শন আছিল অতি উন্নত। আনহাতে প্ৰসিদ্ধৰ পিছতে লকি ফাৰ্গুচনকো ১০ কোটি টকা দিলে গুজৰাট টাইটানছে।

ভাৰতীয় দলৰ আন এগৰাকী ক্ৰিকেটাৰ চাৰ্দুল ঠাকুৰে লাভ কৰিলে ১০.৭৫ কোটি টকা। তেওঁক দিল্লী কেপিটেলছে ক্ৰয় কৰিছে। আন এগৰাকী তৰুণ ক্ৰিকেটাৰ ৰাহুল ছাহাৰে লাভ কৰিলে ৫ কোটি ২৫ লাখ টকা।আৰ চি বিৰ অতি বিশ্বাসযোগ্য ক্ৰিকেটাৰ যুজবেন্দ্ৰ চাহালক এইবাৰ নিজৰ লগত ৰাখিব নোৱাৰিলে দলটোৱে। তেওঁক ৰাজস্থান ৰয়েলছে ক্ৰয় কৰিলে ৬ কোটি ৫০ লাখ টকাত। আনহাতে কুলদীপ যাদৱক দিল্লী কেপিটেলছে দিলে ২ কোটি টকা।

মুম্বাই ইণ্ডিয়ানছৰ বিশ্বাসযোগ্য ক্ৰিকেটাৰ হিচাপে পৰিগণিত হোৱা ঈশান কিষাণক হেৰুৱাব বিচৰা নাছিল দলটোৱে। ঈশানে মুম্বাইৰ বাবে কেইবাটাও বিস্ফোৰক ইনিংছ খেলিছে। এইগৰাকী ঈশানক পুনৰ মুম্বাইলৈ আদৰণি জনাইছে দলটোৱে। ইয়াৰ বাবে তেওঁক দলটোৱে দিলে ১৫.২৫ কোটি টকা।

পাঞ্জাৱ কিংছে নিলামত এতিয়ালৈকে ক্ৰয় কৰিছে মুঠ ৫ গৰাকী ক্ৰিকেটাৰ। ইয়াৰ ভিতৰত শিখৰ ধাৱানক ৮.৫ কোটি, কাগিচো ৰাবাডাক ৯.২৫ কোটি, জনি বেয়াৰস্টোক ৬.৭৫ কোটি, ৰাহুল চাহাৰক ৫.২৫ কোটি, শ্বাহৰুখ খানক ৯ কোটি টকাত ক্ৰয় কৰিছে। আনহাতে দলটোৱে ৰিটেইন কৰা ক্ৰিকেটাৰসকল ক্ৰমে মায়াংক আগৰৱালা (১২ কোটি), অৰ্শদীপ সিং (৪ কোটি), হৰপ্ৰীত ব্ৰাৰ (৩.৮০ কোটি)।

ছানৰাইজাৰ্ছ হায়দৰাবাদ এতিয়ালৈকে নিলামত ৱাশ্বিংটন সুন্দৰক ৮.য়৭৫ কোটি, নিকোলাছ পুৰাণক ১০.৭৫ কোটি, নটৰাজন ৪ কোটি, ভুৱনেশ্বৰ কুমাৰক ৪.২০ কোটি, প্ৰিয়ম গাৰ্গক ২৫ লাখ, ৰাহুল ত্ৰিপাঠীক ৮.৫০ কোটি আৰু অভিষেক শৰ্মাক ৬.৫০ কোটি টকাত ক্ৰয় কৰিছে। আনহাতে দলটোৱে ৰিটেইন কৰা ক্ৰিকেটাৰ সকল ক্ৰমে কেন উইলিয়ামচন (১৪ কোটি), আব্দুল চামাদ (৪ কোটি), উমৰণ মালিক (৪ কোটি)।

ৰাজস্থান ৰয়েলছে এতিয়ালৈকে নিলামত ক্ৰয় কৰিছে আৰ অশ্বিন (5 কোটি), ট্ৰেণ্ট ব'ল্ট (8 কোটি), চিমৰন হেটমায়াৰ (৮.৫০ কোটি), দেৱদত্ত পডিক্কাল (৭.৭৫ কোটি), প্ৰসিদ্ধ কৃষ্ণ (১০ কোটি), যুজবেন্দ্ৰ চাহাল (৬.৫০ কোটি), শিমৰন হেটমায়াৰ (২৫ লাখ) আৰু ৰিয়ান পৰাগ (৩.৮০ কোটি)। দলটোৱে ৰিটেইন কৰিছে সঞ্জু চেমছন (১৪ কোটি), জছ বাটলাৰ (১০ কোটি), যশস্বি জয়ছোৱাল (৪ কোটি)।

লক্ষ্ণৌ চুপাৰজায়ান্টচে এতিয়ালৈকে নিলামত ক্ৰয় কৰিছে কুইন্টন ডিকক (৬.৭৫ কোটি), মনীষ পাণ্ডে (৪.৬০ কোটি), জেচন হোল্ডাৰ (৮.৭৫ কোটি), দীপক হুডা (৫.৭৫ কোটি), ক্ৰুণাল পাণ্ডিয়া (৮.২৫কোটি), মাৰ্ক উড (৭.৫০কোটি)। আনহাতে দলটোৱে ইতিমধ্যে চুক্তিবদ্ধ কৰিছে কে এল ৰাহুল (১৭ কোটি), মাৰ্কাছ ষ্টইনিছ (১১ কোটি) আৰু ৰবি বিষ্ণইক (৪ কোটি)।

ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰোয়ে নিলামত এতিয়ালৈকে ক্ৰয় কৰিছে ফাফ ডু প্লেচিছ (৭ কোটি), হৰ্ষল পেটেল (১০.৭৫ কোটি), ৱানিন্দু হাচাৰাঙ্গা (১০.৭৫ কোটি), দিনেশ কাৰ্তিক (৫.৫০ কোটি), জছ হেজলউড (৭.৭৫ কোটি), শ্বেহবাজ আহমেদ (২.৪০ কোটি)। আনহাতে দলটোৰ ৰিটেইনাৰ খেলুৱৈ বিৰাট কোহলী (১৫ কোটি), গ্লেন মেক্সৱেল (১১ কোটি) আৰু মহম্মদ চিৰাজ (৭ কোটি)।

গুজৰাট টাইটানছে নিলামত এতিয়ালৈকে ক্ৰয় কৰিছে মহম্মদ ছামী (৬.২৫ কোটি), জেচন ৰয় (২ কোটি), লকি ফাৰ্গুচন (১০ কোটি), অভিনৱ সদ্ৰঙ্গানি ২.৬০ কোটি), ৰাহুল তেৱাটিয়া (৯ কোটি)। আনহাতে দলটোৱে ইতিমধ্যে চুক্তিবদ্ধ কৰিছে হাৰ্দিক পাণ্ডিয়া (১৫ কোটি), ৰছিদ খান (১৫ কোটি) আৰু শুভমান গিল (৮ কোটি)।

মুম্বাই ইণ্ডিয়ানছে নিলামত এতিয়ালৈকে ক্ৰয় কৰিছে ঈশান কিষাণ (১৫.২৫ কোটি), দেৱোল্ড ব্ৰাভিছক (৩ কোটি)। আনহাতে দলটোৱে ৰিটেইন কৰা খেলুৱৈ ক্ৰমে ৰোহিত শৰ্মা (১৬ কোটি), যশপ্ৰীত বুমৰাহ (১২ কোটি), সূৰ্য কুমাৰ যাদৱ (৮ কোটি) আৰু কিৰন প'লাৰ্ড (৬ কোটি)।

চেন্নাই চুপাৰ কিংছে এতিয়ালৈকে নিলামত ক্ৰয় কৰিছে ৰবীন উথাপ্পা (২ কোটি), ব্ৰাভো (৪.৪০ কোটি), অম্বাতি ৰায়াডু (৫.৭৫ কোটি), দীপক চাহাৰ (১৪ কোটি)। আনহাতে দলটোৱে ৰিটেইন কৰিছে ৰবীন্দ্ৰ জাদেজা (১৬ কোটি), এম এছ ধোনী (১২ কোটি), মইন আলী (৮ কোটি) আৰু ৰিতুৰাজ গায়কৱাড় (৬ কোটি)।

দিল্লী কেপিটেলছে নিলামত এতিয়ালৈকে ক্ৰয় কৰিছে ডেভিড ৱাৰ্ণাৰ (৬.২৫কোটি), মিচেল মাৰ্শ (৬.৫০কোটি), চাৰ্দুল ঠাকুৰ (১০.৭৫ কোটি), মুস্তাফিজুৰ ৰহমান (২কোটি), কুলদীপ যাদৱ (২ কোটি), কমলেশ নগৰকোটি (১.১০ কোটি)। আনহাতে দলটোৰ ৰিটেইনাৰ খেলুৱৈ ঋষভ পন্ত (১৬ কোটি), অক্ষৰ পেটেল (১২ কোটি), পৃথ্বী শ্ব(৮ কোটি) আৰু এনৰিক নৰটিয়া (৬ কোটি)।

rajasthan royals ipl mega auction 2022 riyan porag