অলিম্পিকত পদকৰ আশা সজীৱ কৰা ভাৰতৰ শীৰ্ষ ১০ খেলুৱৈ....

নীৰজ চোপ্ৰা, মীৰাবাঈ চানু, লাভলীনা, পি ভি সিন্ধু, নিখাট জাৰিনৰ উপৰিও তালিকাত আছে হকী দলটোও
অলিম্পিকত পদকৰ আশা সজীৱ কৰা ভাৰতৰ শীৰ্ষ ১০ খেলুৱৈ....
অলিম্পিকত পদকৰ আশা সজীৱ কৰা ভাৰতৰ শীৰ্ষ ১০ খেলুৱৈ....
Published on
Updated on

১৬ জুলাইৰ পৰা পেৰিছ অলিম্পিক। অলিম্পিকৰ বাবে ইতিমধ্যে ৰাওনা হৈছে ভাৰতীয় খেলুৱৈ। এইবাৰ প্ৰতিযোগিতাখনত ভাৰতৰ মুঠ ১২০ খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। এই খেলুৱৈসকলৰ ভিতৰত কিমানৰ পদক লাভৰ সম্ভাৱনীয়তা আছে, শীৰ্ষ ১০ ত কোন আছে সেই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।

মাজত মাত্ৰ দুটা সপ্তাহ। ২৬ জুলাই পৰা আৰম্ভ হ’ব পেৰিছ অলিম্পিক। ফ্ৰান্সৰ ঐতিহাসিক চহৰ পেৰিছত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাখনলৈ এইবাৰ ভাৰতে প্ৰতিযোগিতাখনৰ বিভিন্ন শিতানত মুঠ ১২০ গৰাকী খেলুৱৈ প্ৰেৰণ কৰিব।

এই শিতানসমূহৰ ভিতৰত আছে শ্বুটিং, এথলেটিক্স, বক্সিং, মল্লযুঁজ, হকী, আৰ্চাৰী, ছেইলিং, ইকুৱেষ্ট্ৰেইন, টেবুল টেনিছ, ৰয়িং, বেডমিণ্টন, টেনিছ, গ'ল্ফ, ভাৰত্তোলন, জুডো, সাঁতোৰ আদি।

ইতিমধ্যে প্ৰতিযোগিতাখনত ভাগ ল’বলৈ ভাৰতৰ পৰা ইয়াৰে অধিকাংশ খেলুৱৈয়ে যাত্ৰা কৰিছে। এই খেলুৱৈসকলে পোনে পোনে পেৰিছলৈ যোৱাৰ পৰিবৰ্তে ইউৰোপৰ কেইবাখনো দেশত প্ৰস্তুতিৰ অংশ হিচাপে বন্ধুত্বমূলক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব।

২০২০ৰ টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিয়েই ইতিহাস ৰচনা কৰা অসম কন্যা লাভলীনা বৰগোঁহায়ে প্ৰতিযোগিতাখনত ব্ৰঞ্জৰ পদক লাভ কৰি অলিম্পিক পদক লাভ কৰা প্ৰথমগৰাকী অসমীয়া হিচাপে পৰিগণিত হৈছিল। বক্সিঙৰ ৬৯ কেজি শাখাত প্ৰতিদ্বন্দিতা কৰি এই সফলতা লাভ কৰা লাভলীনাই এইবাৰ প্ৰতিযোগিতাখনত অবশ্যে ৭৫ কেজি শাখাতহে প্ৰতিদ্বন্দিতা কৰিব।

অলিম্পিকে বক্সিং ইভেণ্টৰ পৰা ৬৯ কেজি শাখা বাদ দিয়াত লাভলীনাই ওজন বঢ়াই ৭৫ কেজি শাখালৈ নিজকে সাজু কৰিছে। এই ৭৫ কেজি শাখাতে তেওঁ এছিয়ান গেমছত পদক লাভ কৰাৰ উপৰিও বিশ্ব বক্সিং চেম্পিয়নশ্বিপত সোণৰ পদকো লাভ কৰিবলৈ সক্ষম হৈছে। সেয়ে স্বাভাৱিকতে লাভলীনাক লৈ এতিয়া অধিক আশা সজীৱ হৈ পৰিছে।

এইবাৰ প্ৰতিযোগিতাখনত ভাৰতীয় দলটোৰ পতাকা বহন কৰিব ১৩ বাৰৰ কমনৱেলথ গেমছৰ পদক বিজয়ী টেবুল টেনিছ খেলুৱৈ শৰথ কমল আৰু ২০১৬ ৰ ৰিঅ’ অলিম্পিকত ৰূপ, টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক বিজয়ী পি ভি সিন্ধুৱে। তাৰোপৰি ভাৰতীয় দলটোৰ সৈতে চীফ দ্যা মিছন হিচাপে যাব চাৰিবাৰৰ অলিম্পিয়ান তথা ২০১২ ৰ বেইজিং অলিম্পিকত ১০ মিটাৰ এয়াৰ ৰাইফলত ব্ৰঞ্জৰ পদক প্ৰাপ্ত গগণ নাৰাং।

অৱশ্যে এই দায়িত্ব প্ৰথমে মেৰী কমক দিয়া হৈছিল যদিও হঠাৎ মেৰীকমে এই দায়িত্বৰ পৰা অব্যাহতি বিচাৰে। এনে পৰিস্থিতিত ভাৰতীয় অলিম্পিক সংস্থাৰ সভাপতি পিটি ঊষাই গগন নাৰাঙক এই দায়িত্ব প্ৰদান কৰে।

এইবাৰ অলিম্পিকত ভাৰতৰ সাম্ভাব্য পদক প্ৰাপ্তৰ তালিকাত ১০ গৰাকী বিশেষ খেলুৱৈৰ নাম চৰ্চালৈ আহিছে। এই ১০ গৰাকী খেলুৱৈৰ ভিতৰত আছে অসম কন্যা লাভলীনা বৰগোঁহায়ো। তাৰোপৰি আছে টকিঅ’ অলিম্পিকত সোণৰ পদকপ্ৰাপ্ত নীৰজ চোপ্ৰাও।

নীৰজ চোপ্ৰা

২০২০ ত টকিঅ’ অলিম্পিকত সোণৰ পদক জয়েৰে ইতিহাস ৰচনা কৰিছিল জেভলীন থ্ৰোৱাৰ নীৰজ চোপ্ৰাই। নীৰজ চোপ্ৰাৰ এই সোণৰ পদকেই আছিল অলিম্পিকৰ ইতিহাসত ভাৰত প্ৰথমটো এথলেটিকছ শিতানৰ সোণৰ পদক।

হাৰিয়ানাৰ এইগৰাকী এথলিটে পেৰিছৰ আকাশতো পুনৰ এবাৰ ভাৰতীয় পতাকা শীৰ্ষলৈ তুলি নিব বুলি আশা কৰা হৈছে। শেহতীয়াকৈ তেওঁ ফিনলেণ্ডত অনুষ্ঠিত হোৱা Paavo Nurmi Games ত ৮৫.৯৭ মিটাৰ থ্ৰো কৰি সোণৰ পদক লাভ কৰিছে।

টকিঅ’ অলিম্পিকৰ পাছত তেওঁ ২০২২ত বিশ্ব চেম্পিয়নশ্বিপত ৰূপৰ পদক আৰু ২০২৩ ত অনুষ্ঠিত বিশ্ব চেম্পিয়নশ্বিপত সোণৰ পদক লাভেৰে বিশ্ব চেম্পিয়ন হোৱাৰো গৌৰৱ অৰ্জন কৰিছে।

তাৰোপৰি ২০২২ৰ হাংজৌ এছিয়ান গেমছত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল। টকিঅ’ অলিম্পিকত সোণৰ পদক অৰ্জন কৰাৰ পাছত এইদৰে লাভ কৰা সফলতাই স্বাভাৱিকতে নীৰজ চোপ্ৰাকলৈ প্ৰত্যাক্ষা বৃদ্ধি পাইছে।

পিভি সিন্ধু

ৰিঅ’ আৰু টকিঅ’ অলিম্পিকত ক্ৰমে ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰা পিভি সিন্ধু পেৰিছত এইবাৰ সোণৰ পদকৰ দাবীদাৰ। ২৯ বৰ্ষীয় এইগৰাকী শ্বাটলাৰ দুটাকৈ অলিম্পিক পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হৈছে।

ইয়াৰোপৰি সিন্ধুৱে ২০১৯ ত অনুষ্ঠিত হোৱা BWF বিশ্ব চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন কৰিছে। অৱশ্যে চলিত বছৰত সিন্ধু যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। আঠুৰ আঘাতৰ বাবে খেল পথাৰৰ পৰা কিছুদিন আঁতৰত থাকি যোৱা ফেব্ৰুৱাৰীত তেওঁ পুনৰ ক’ৰ্টলৈ ঘূৰি আহিছে।

ইয়াৰ পিছত ২০২৪ ত মালয়েছিয়াত অনুষ্ঠিত হোৱা বেডমিণ্টন এছিয়া চেম্পিয়নশ্বিপত পৰাস্ত হোৱাৰ লগতে মালয়েছিয়া মাষ্টাৰ ফাইনেলতো পৰাস্ত হয়। ছিংগাপুৰ অ'পেনতো তেওঁ ৰাউণ্ড অফ-১৬ ৰ পৰাই বিদায় লয়।

জুনত ইণ্ডোনেছিয়া অ'পেনতো প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় লয় সিন্ধুৱে। অৱশ্যে তাৰ পাছতো সিন্ধুক লৈ আশাবাদী সকলো। পূৰ্বেও সিন্ধুৱে এনে কঠিন সময়ৰ মুখামুখী হৈছে। প্ৰত্যাহ্বানৰ সন্মুখীন কিদৰে হ’ব লাগে সিন্ধুৱে জানে।

চিৰাগ চেত্ৰী আৰু শ্বাটৱিকছাইৰাজৰ যুটী

ভাৰতৰ বেডমিণ্টন যুটী চিৰাগ চেত্ৰী আৰু শ্বাটৱিকছাইৰাজৰ যুটী এই মুহূৰ্তত বিশ্বৰ তৃতীয় ক্ৰমৰ যুটী। এই যুটীয়ে পেৰিছত ভাৰতক এটা পদক দিব বুলি প্ৰায় নিশ্চিত বুলিয়েই দাবী কৰা হৈছে।

অৱশ্যে টকিঅ’ অলিম্পিকত এই যুটীৰ প্ৰদৰ্শন বৰ এটা উন্নত নাছিল। ইয়াৰ পিছতে ২০২২ ত থমাছ কাপত এই যুটীয়ে সোণৰ পদক অৰ্জন কৰিছিল। তাৰ পাছত কমনৱেলথ গেমছত সোণ, বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰে।

২০২৩ ত এই যুটীয়ে ছুইচ অ'পেন, বেডমিণ্টন এছিয়ান চেম্পিয়নশ্বিপ আৰু ইণ্ডোনেছিয়া অ'পেনতো বিজয়ৰ ধাৰাবাহিকতা অব্যাহত ৰাখে। চলিত বছৰৰ মাৰ্চত ফ্ৰেঞ্চ অ'পেন আৰু মে'ত থাইলেণ্ড অ'পনেতো এই যুটীয়ে বিজয় সাব্যস্ত কৰি পেৰিছ অলিম্পিকৰ পদকৰ অন্যতম দাবীদাৰ হিচাপে চৰ্চাত আছে।

লাভলীনা বৰগোঁহাই

অসম কন্যা লাভলীনা এতিয়া দেশৰ বক্সিং ক্ষেত্ৰখনৰ গ্লেমাৰ গাৰ্ল। কথাৰ পৰিবৰ্তে ৰিঙত পাঞ্চেৰে উত্তৰ দিয়া লাভলীনাক লৈ কেৱল অসমবাসীয়েই নহয়, দেশবাসীও যথেষ্ট আশাবাদী।

বিশ্ব ক্ৰমত লাভলীনা বৰ্তমান চতুৰ্থস্থানৰ খেলুৱৈ। ৰাষ্ট্ৰীয় চেম্পিয়ন লাভলীনাই টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক পোৱাৰ আগলৈকে দুবাৰ বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিছিল।

কিন্তু টকিঅ’ অলিম্পিকৰ পাছত লাভলীনাই ২০২৩ ত বিশ্ব বিক্সিং চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন কৰি বিশ্ব চেম্পিয়নৰ খিতাপ জয় কৰে। ইয়াৰ পূৰ্বে ২০২২ৰ এছিয়ান গেমছত লাভ কৰিছিল ৰূপৰ পদক।

২০২২ ৰে এছিয়ান বক্সিং চেম্পিয়নশ্বিপত লাভলীনাই জয় কৰিছিল সোণৰ পদক। যোৱা জুনত চেক গণৰাজ্যত অনুষ্ঠিত হোৱা গ্ৰেণ্ড প্ৰীক্সত লাভলীনাই জয় কৰিছে ৰূপৰ পদক।

এইগৰাকী প্ৰতিভাৱান বক্সাৰে এইবাৰ পেৰিছ অলিম্পিকত সোণৰ পদক পোৱাটো আশা কৰিছে তেওঁৰ অনুৰাগীসকলে। অতি নম্ৰ আৰু সৰল ব্যক্তিত্বৰ অধিকাৰী লাভলীনা ৰিঙত নামিলেই হৈ পৰে দুৰ্দান্ত। এইগৰাকী অসম সন্তান ভাৰতীয় অলিম্পিক দলটোৰ অন্যতম শক্তি।

নিখাট জৰিন

দুবাৰৰ বিশ্ব চেম্পিয়ন নিখাট জাৰিনো এইবাৰৰ পেৰিছ অলিম্পিকত পদকৰ অন্যতম দাবীদাৰ। প্ৰথমবাৰৰ বাবে অলিম্পিক খেলিবলৈ যোৱা নিখাট ৫১ কেজি শাখাত এক শক্তিশালী খেলুৱৈ বুলি চিহ্নীত হৈছে।

এইগৰাকী বক্সাৰে ২০২৪ ৰ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা ষ্টেণ্ডজা মেমৰীয়েল টুৰ্ণামেণ্টৰ ৭৫ সংখ্যক সংস্কৰণত ৰূপৰ পদক লাভ কৰিছে। ইয়াৰ পূৰ্বে ২০১৯ ত এই একেখন প্ৰতিযোগিতাতে তেওঁ সোণৰ পদক অৰ্জন কৰিছিল।

যোৱা মে’মাহত তেওঁ ইলোৰা কাপতো পদক জয় কৰিবলৈ সক্ষম হৈছে। জাৰ্মানীত প্ৰশিক্ষণৰত ২৮ বৰ্ষীয় নিখাটে এইবাৰ পেৰিছত ভাৰতৰ পদক তালিকাত এটা পদক বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে।

অন্তিম পাংঘাল

বিশ্বক্ৰমৰ ষষ্ঠ স্থানৰ মল্লযুঁজাৰু অন্তিম পাংঘালে ৫৩ কেজি শাখাত পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছে। ২০২৩ ত অনুষ্ঠিত হোৱা বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰি অলিম্পিক টিকট লাভ কৰা এইগৰাকী মল্লযুঁজাৰু ২০২২ আৰু ২০২৩ৰ দুবাৰৰ অনুৰ্ধ্বৰ ২০ বিশ্ব চেম্পিয়ন।

ইয়াৰোপৰি তেওঁ ২০২৩ ৰ এছিয়ান গেমছত ব্ৰঞ্জৰ পদক আৰু একেটা বছৰতে অনুষ্ঠিত এছিয়ান ৰেষ্টলিং চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ কৰিছে। ১৯ বৰ্ষীয় এই ৰেষ্টলাৰগৰাকীক লৈয়ো যথেষ্ট আশাবাদী ৰেষ্টলিং ফেটাৰ্নিটি।

মীৰাবাঈ চানু

টকিঅ’ অলিম্পিকত ৰূপৰ পদক লাভ কৰা উত্তৰ পূৰ্বাঞ্চলৰ ক্ষুদ্ৰ ৰাজ্য মণিপুৰৰ জীয়ৰী মীৰাবাঈ চানু পেৰিছ অলিম্পিকৰো পদকৰ অন্যতম দাবীদাৰ। ২০২৩ ত আঘাতৰ বাবে যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা মীৰাবাঈৰ প্ৰত্যাৱৰ্তনো আছিল যথেষ্ট শক্তিশালী।

আঘাতৰ বাবেই এইগৰাকী খেলুৱৈয়ে এছিয়ান গেমছত অংশগ্ৰহণৰ পৰা বিৰত থাকিবলগীয়া হৈছিল। আঘাতৰ সৈতে যুঁজিয়ে অংশগ্ৰহণ কৰা এছিয়ান ৱেইটলিফ্টিং চেম্পিয়নশ্বিপ তেওঁ ষষ্ঠ স্থানৰে সামৰিছিল।

মীৰাবাঈয়ে এই পৰ্যন্ত কমনৱেলথ গেমছত দুবাৰকৈ সোণ আৰু এবাৰ ৰূপৰ পদক অৰ্জন কৰিছে।এন আই এছ পাটিয়ালাত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা এইগৰাকী খেলুৱৈয়ে পেৰিছত সোণৰ পদকেৰে ইতিহাস ৰচনা কৰিব বুলি দাবী কৰা হৈছে।

বিশেষকৈ জ্বলন্ত অগ্নিকুণ্ডলৈ পৰিণত হোৱা মণিপুৰক কেন্দ্ৰীয় চৰকাৰে গুৰুত্বহীন কৰাৰ সময়তে মীৰাবাঈয়ে অলিম্পিক পদক জয় কৰি ৰাজ্যখনৰ লোকসকলক কিছু পৰিমাণে মানসিক শান্তি প্ৰদান কৰিব বুলিও আশা প্ৰকাশ কৰিছে একাংশই।

মনো ভাকেৰ

শ্বুটাৰ মনো ভাকেৰে দ্বিতীয়বাৰৰ বাবে অলিম্পিকত অংশগ্ৰহণ কৰিব। টকিঅ’ত পদক জয়ৰ আশা আধাতে সামৰি ঘৰমুখী হোৱা মনো ভাকেৰে সেই আশা পেৰেছিত পুৰণ কৰিব বুলি দৃঢ় বিশ্বাসী।

২২ বছৰীয়া এইগৰাকী শ্বুটাৰে এছিয়ান গেমছত ২৫ মিটাৰ পিষ্টলৰ দলীয় শাখাত সোণৰ পদক অৰ্জন কৰিছে। ২০২৩ ত অনুষ্ঠিত হোৱা এছিয়ান শ্বুটিং চেম্পিয়নশ্বিপত ২৫ মিটাৰ পিষ্টল ইভেণ্টত পঞ্চম স্থান লাভেৰে তেওঁ অলিম্পিক টিকট লাভ কৰিছিল।

এইগৰাকী শ্বুটাৰে ২৫ মিটাৰ পিষ্টল ইভেণ্টৰ উপৰিও ১০ মিটাৰ এয়াৰ পিষ্টল ইভেইণ্টতো প্ৰতিদ্বন্দিতা কৰিব।

ঐশ্বৰ্য প্ৰতাপ সিং টোমৰ

২৩ বছৰীয়া ঐশ্বৰ্য প্ৰতাপ সিং টোমৰে ২০২২ এছিয়ান গেমছত লাভ কৰিছিল চাৰিটাকৈ পদক। এই চাৰিটা পদকৰ মাজত আছিল ১০ মিটাৰ এয়াৰ ৰাইফল, ৫০ মিটাৰ ৰাইফলৰ দলীয় শাখাত সোণৰ পদক আৰু ৫০ মিটাৰ ৰাইফল, ১০ মিটাৰ এয়াৰ ৰাইফলত ব্যক্তিগত শাখাত ক্ৰমে ৰূপ আৰু ব্ৰঞ্জৰ পদক।

এইবাৰ পেৰিছ অলিম্পিকত তেওঁ ৫০ মিটাৰ ৰাইফলৰ ব্যক্তিগত শাখাত প্ৰতিদ্বন্দিতা কৰিব।

ভাৰতীয় হকী দল

ভাৰতীয় হকী দলটোৱেও এইবাৰ পেৰিছ অলিম্পিকত পদক অৰ্জন কৰিব বুলি দাবী কৰা হৈছে। ৪১ বছৰৰ অপেক্ষাৰ অন্তত ২০২০ টকিঅ’ অলিম্পিকত ভাৰতীয় হকী দলে জাৰ্মানীক পৰাস্ত কৰি লাভ কৰিছিল ব্ৰঞ্জৰ পদক।

ইয়াৰ পিছত ২০২২ ত এছিয়ান গেমছত ভাৰতীয় হকী দলটোৱে লাভ কৰিছিল সোণৰ পদক। আশা কৰা হৈছে এইবাৰ অলিম্পিকত ভাৰতীয় হকী দলটোৱে আৰু অধিক উন্নত প্ৰদৰ্শনৰ জৰিয়তে সোণৰ পদক জয় কৰাতো আশা কৰিছে দেশবাসীয়ে।

অলিম্পিকত পদকৰ আশা সজীৱ কৰা ভাৰতৰ শীৰ্ষ ১০ খেলুৱৈ....
কৃষকে নাপায় পানী, জলসিঞ্চন বিভাগৰ ঠিকাদাৰ, অভিযন্তা, মন্ত্ৰী হয় ধনী !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in