ভাৰতে পাব নতুন অধিনায়ক ! পাণ্ডিয়া, গিল নহয় ভাগ্য উদয় হ'ব এইজন ক্ৰিকেটাৰৰ...

ভাৰতে পাব নতুন অধিনায়ক ! পাণ্ডিয়া, গিল নহয় ভাগ্য উদয় হ'ব এইজন ক্ৰিকেটাৰৰ...
ভাৰতে পাব নতুন অধিনায়ক ! পাণ্ডিয়া, গিল নহয় ভাগ্য উদয় হ'ব এইজন ক্ৰিকেটাৰৰ...

ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট দলে লাভ কৰিব নতুন অধিনায়ক। ভাৰতীয় ক্ৰিকেট দলটোৰ টি-২০ ফৰ্মেটত শীঘ্ৰেই ভাৰতে লাভ কৰিব এগৰাকী নতুন অধিনায়ক। বহুতেই ধাৰণা কৰাৰ দৰে হাৰ্দিক পাণ্ডিয়া, শুভমণ গিল নহয়, আন এগৰাকী ক্ৰিকেটাৰহে হ’ব চমু ফৰ্মেটৰ অধিনায়ক।

ৱেষ্ট ইণ্ডিজ ভ্ৰমণত থকা ভাৰতীয় দলটোৱে অহা আগষ্ট মাহত আয়াৰলেণ্ড ভ্ৰমণ কৰিব। ১৮ আগষ্টৰ পৰা আয়াৰলেণ্ডৰ মাটিত ভাৰতে ৩ খন মেচৰ এক টি-২০ শৃংখলাত অংশগ্ৰহণ কৰিব। সেই ছিৰিজতেই ভাৰতে লাভ কৰিব এজন নতুন অধিনায়ক।

চৰ্চা অনুসৰি এই ছিৰিজত ভাৰতীয় দলটোক অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই নেতৃত্ব দিয়াৰ কথা। কিন্তু শেহতীয়াকৈ বি চি চি আইয়ে হাৰ্দিক পাণ্ডিয়াক জিৰণি দিয়াৰ কথা চিন্তা কৰিছে।

পাণ্ডিয়াৰ অনুপস্থিতিত এই ছিৰিজৰ বাবে তৰুণ ক্ৰিকেটাৰ শুভমণ গিলৰ নামো চৰ্চালৈ আহিছে যদিও গিলকো এই ছিৰিজত জিৰণি দিয়াৰ চিন্তা চৰ্চা কৰিছে বি চি চি আইয়ে।ধাৰাবাহিক ভাৱে খেলপথাৰত থকা এই দুই ক্ৰিকেটাৰক এছিয়া কাপৰ কথা মনত ৰাখিয়েই জিৰণি দিয়াৰ কথা চিন্তা কৰিছে।

পাণ্ডিয়াৰৰ মূৰৰ পৰা ৱৰ্ক লোড হ্ৰাস কৰাৰ বাবে সিদ্ধান্ত লৈছে ব’ৰ্ডে। আয়াৰেণ্ড ভ্ৰমণ সামৰাৰ পাছতে ভাৰতীয় দলটোৱে এছিয়া কাপত অংশগ্ৰহণ কৰিব। সেয়েহে এতিয়া স্বাভাৱিকতে প্ৰশ্ন হয়, আয়াৰ লেণ্ড ভ্ৰমণ কৰিবলগীয়া ভাৰতীয় দলটোক নেতৃত্ব দিব কোনে?

জানিব পৰা মতে আয়াৰলেণ্ডত ভাৰতীয় ক্ৰিকেট দলটোক নেতৃত্ব দিয়াৰ সুযোগ লাভ কৰিব পাৰে সূৰ্যকুমাৰ যাদৱে। পূৰ্বে সূৰ্য কুমাৰ যাদৱে উপ-অধিনায়ক হিচাপে দায়িত্ব পালনৰ অভিজ্ঞতা আহৰণ কৰিছে।

২০২৩ আই পি এলৰ সময়তো ৰোহিত শৰ্মাৰ অনুপস্থিতিত সূৰ্য কুমাৰ যাদৱে কেইবাখনো মেচত মুম্বাই ইণ্ডিয়ানছক নেতৃত্ব প্ৰদান কৰিছিল। অৱশ্যে সূৰ্য কুমাৰ যাদৱক অধিনায়কৰ দায়িত্ব দিয়াৰ সন্দৰ্ভত এতিয়াও কোনো চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই।

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া আৰু টি-২০ ত অংশগ্ৰহণ কৰাৰ পাছত পাণ্ডিয়া কেনে পৰিস্থিতিত থাকে তাৰ ওপৰতেই নিৰ্ভৰ কৰিব এই সিদ্ধান্ত। ইফালে আয়াৰলেণ্ড ভ্ৰমণ কৰিবলগীয়া ভাৰতীয় দলটোৰ সৈতে থাকিব অভিজ্ঞ পেছ বলাৰ যশপ্ৰীত বুমাৰহ।

কিন্তু দীৰ্ঘদিন ধৰি তেওঁ দলৰ পৰা বাহিৰত থকাৰ বাবে তেওঁৰ হাতত অধিনায়কৰ দায়িত্ব দিয়াৰ কথা যে ব’ৰ্ডে চিন্তা নকৰে সেয়া নিশ্চিত।

ভাৰতে পাব নতুন অধিনায়ক ! পাণ্ডিয়া, গিল নহয় ভাগ্য উদয় হ'ব এইজন ক্ৰিকেটাৰৰ...
আৰু কিমান সহিব বদনাম? যোৰহাটৰ সাংবাদিকে ল'লে এই সিদ্ধান্ত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in