শিৱসাগৰ অ'পেন ফিডে ৰেটিং দবা প্ৰতিযোগিতাৰ শীৰ্ষত সিং চৰাম: অৰ্পণ দাস, চমাক পালিকৰ অগ্ৰগতি

শিৱসাগৰ চেছ একাডেমীৰ উদ্যোগত শিৱসাগৰ জিলা দবা সন্থা আৰু মাৰোৱাৰী চেৰিট্ৰেবল চ’ছাইটিৰ সহযোগত মিলন মন্দিৰত অনুষ্ঠিত হৈ আছে সৰ্বভাৰতীয় পৰ্যায়ৰ ফিডে ৰেটিং দবা প্ৰতিযোগিতা।

author-image
Asomiya Pratidin
New Update
শিৱসাগৰ অ'পেন -২০২৫ ফিডে ৰেটিং দবা প্ৰতিযোগিতাৰ শীৰ্ষত সিং চৰাম: অৰ্পণ দাস, চমাক পালিকৰ অগ্ৰগতি

ডিজিটেল সংবাদ, শিৱসাগৰশিৱসাগৰ চেছ একাডেমীৰ উদ্যোগত শিৱসাগৰ জিলা দবা সন্থা আৰু শিৱসাগৰ মাৰোৱাৰী চেৰিট্ৰেবল চছাইটিৰ সহযোগত যোৱা ৫ এপ্ৰিলৰ পৰা শিৱসাগৰ মিলন মন্দিৰত অনুষ্ঠিত হৈ থকা সৰ্বভাৰতীয় পৰ্যায়ৰ ফিডে ৰেটিং দবা প্ৰতিযোগিতাখনৰ মঙলবাৰে অনুষ্ঠিত সপ্তম ৰাউণ্ডৰ শেষত এক নম্বৰ টেবুলত অসমৰ সিং চৰাম ৰাহুল আৰু পশ্চিম বংগৰ অৰ্ণণ দাসৰ মাজৰ তীব্ৰ প্ৰতিদ্বন্দিতামূলক খেল ড্ৰ হয়। দুয়োজনৰ পইণ্ট ছয়।

Advertisment

দুই নম্বৰ টেবুলত পশ্চিম বংগৰ ইণ্টাৰনেশ্যনেল মাষ্টাৰ চমাক পালিকে তেওঁৰ প্ৰতিদ্বন্দি শুভম ভট্টাচাৰ্য্যক পৰাস্ত কৰি ৬ পইণ্ট লাভ কৰি আগবাঢ়ি আছে। শুভম ভট্টাচাৰ্য্যই মৰ্ডান ডিফেঞ্চ খেলিছিল।

তিনি নম্বৰ টেবুলত পশ্চিম বংগৰ ফিডে মাষ্টাৰ জয়দ্বীপ দত্তই অসমৰ অৰ্ণৱ ফুকনক হৰোৱাই ছয় পইণ্ট অৰ্জন কৰে। মণিপুৰৰ এলেংবাম শশীকান্ত সিঙে অসমৰ সিদ্ধাৰ্থ বৰগোহাঁইক পৰাস্ত কৰি ছয় পইণ্ট লাভ কৰে। কুমাৰ গৌৰৱ, মহেন্দ্ৰ বৰা আৰু উদ্ধৱ ফুকনে চাৰে পাঁচ পইণ্ট লাভ কৰি দ্বিতীয় স্থানত আছে।

দবা প্ৰতিযোগিতা