/asomiyapratidin/media/media_files/2024/11/17/VxqsyVj2mS34BXsBs6Ot.jpg)
ডিজিটেল সংবাদ উৰিয়া গাঁওঃ নগাঁৱৰ উৰিয়া গাঁও আঞ্চলিক উন্নয়ন সমিতিৰ ব্যৱস্থাপনাত ঐতিহ্যমণ্ডিত উৰিয়া গাঁও খেলপথাৰত চলি থকা ইতিহাস প্ৰসিদ্ধ সিন্ধুৰা হাজৰিকা সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ আজি বিয়লি চূড়ান্ত খেলখন অনুষ্ঠিত হয়। চূড়ান্ত খেলখন অনুষ্ঠিত হোৱাৰ পূৰ্বে এক উদ্বোধনী সভা অনুষ্ঠিত হয়।
উৰিয়া গাঁও আঞ্চলিক উন্নয়ন সমিতিৰ সভাপতি প্ৰাগজ্যোতিষ বনিয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত বিশিষ্ট অতিথি হিচাপে নগাঁও-বটদ্রৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই অংশগ্ৰহণ কৰি প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাখনৰ শুভ উদ্বোধন কৰে।
/asomiyapratidin/media/media_files/2024/11/17/BDoOrwfJs0CCsWsn6zJ3.jpeg)
উৰিয়া গাঁও আঞ্চলিক উন্নয়ন সমিতিৰ সাধাৰণ সম্পাদক জনাৰ্দন গোস্বামী আৰু উপ সভাপতি ৰাজ হাজৰিকাই আঁত ধৰা সভাখনত বিধায়ক ৰূপক শৰ্মাই ভাষণত কয়- সুদীৰ্ঘ দিনৰ মূৰত উৰিয়া গাঁও উন্নয়ন সমিতিৰ বিশেষ প্ৰচেষ্টাত উৰিয়া গাঁও খেলপথাৰত যি খেলৰ পৰিবেশ ঘূৰি আহিছে,ই অঞ্চলটোৰ লগতে জিলাখনৰ বাবে ভাল খবৰ। ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকৰণে অধিগ্ৰহণ কৰি ৰখা উৰিয়া গাঁও খেলপথাৰখন পুনৰ স্থানীয় ৰাইজৰ প্ৰচেষ্টাত প্ৰাণ পোৱা কাৰ্যক তেওঁ শলাগ লয়।
ভাষণত উৰিয়া গাঁও খেলপথাৰখনত গেলাৰী নির্মাণকে ধৰি আন আনুসাংগিককামসমূহ ৰূপায়ণ কৰি উৰিয়া গাঁও খেল পথাৰখনক মিনি ষ্টেডিয়ামলৈ ৰূপান্তৰিত কৰা হ'ব বুলি বিধায়ক শৰ্মাই উল্লেখ কৰে। ভাষণত বিধায়ক শৰ্মাই উৰিয়া বাইপাছ চ'কত ৰজা খেদা নগঞা সিন্ধুৰা হাজৰিকাৰ স্মৃতি যুগমীয়া কৰিবৰ বাবে তেওঁৰ নামত এটা প্ৰতিমূৰ্তি স্থাপন কৰিব বুলিও ঘোষণা কৰে।
/asomiyapratidin/media/media_files/2024/11/17/9xyKb6fgCBOq26bFTvbi.jpeg)
সভাত অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক তথা উৰিয়া গাঁও আঞ্চলিক উন্নয়ন সমিতিৰ মুখ্য উপদেষ্টা প্ৰকাশ মহন্তই অংশগ্ৰহণ কৰি ঐতিহাসিক উৰিয়া গাঁও অঞ্চলৰ স্মৃতি ৰোমন্থন কৰি ভাষণত কয়- উৰিয়া গাঁও অঞ্চলৰ সমৃদ্ধি, ইতিহাস সম্বলিত ঐতিহ্য আছে। উৰিয়া গাঁও আঞ্চলিক উন্নয়ন সমিতিয়ে ইতিহাস প্ৰসিদ্ধ সিন্ধুৰা হাজৰিকাৰ নামত ফুটবল খেলখন অনুষ্ঠিত কৰিছে। এতিয়া উঠি অহা চামৰ মাজত প্ৰশ্নৰ উদয় হ'ব সিন্ধুৰা হাজৰিকানো কোন?
এইখন উৰিয়া গাঁৱতেই বিশিষ্ট সাহিত্যিক অতুল চন্দ্ৰ হাজৰিকাৰ জন্ম হৈছিল। গতিকে নৱ প্ৰজন্মই সিন্ধুৰা হাজৰিকা, অতুল চন্দ্ৰ হাজৰিকা, ভোটাই ডেকাৰ ইতিহাস সম্পৰ্কে জানিব লাগিব। গতিকে উৰিয়া গাঁও আঞ্চলিক উন্নয়ন সমিতিয়ে উৰিয়া গাঁও ইতিহাস সম্বলিত এখন গ্ৰন্থ প্ৰকাশৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত বুলিও তেওঁ মন্তব্য কৰে।
/asomiyapratidin/media/media_files/2024/11/17/qt50l2DWBJlyzghrShr2.jpeg)
ভাষণত জ্যেষ্ঠ সাংবাদিক মহন্তই আৰু কয়- স্থানীয় ৰাইজৰ আৱেগ অনুভূতি জড়িত হৈ থকা উৰিয়া গাঁও খেলপথাৰখনৰ ভূমি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে হস্তগত কৰাৰ পিছত খেলপথাৰখনৰ পূৰ্বৰ গৰিমা স্মৃতিৰ বুকুৰ পৰা নাইকিয়া হৈ পৰিছিল। উৰিয়া গাঁও চাৰিআলিটোৰ পৰিচয় নোহোৱা কৰি দিব বিচৰা হৈছিল।
কিন্তু পৰবৰ্তী সময়ত উঠি অহা চামৰ বিশেষ প্রচেষ্টাত পুনৰ খেলপথাৰখনে প্ৰাণ পাই উঠিছে। ই অঞ্চলটোৰ বাবে যোগাত্মক দিশ বুলি ভাষণত মহন্তই উল্লেখ কৰে।
/asomiyapratidin/media/media_files/2024/11/17/XqN7UC0phAWQRDptHjMC.jpeg)
সভাত আমন্ত্ৰিত অতিথি হিচাপে হিচাপে অংশগ্ৰহণ কৰি বিশিষ্ট সমাজকৰ্মী সুৰেশ বৰাই বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে তেওঁক টেলিফোন যোগে উৰিয়া গাঁও খেলপথাৰখনক চৰকাৰী পুঁজিৰ জৰিয়তে মাটি পেলাই উন্নয়নৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰি বুলি ভাষণত বৰাই ৰাইজক অৱগত কৰে।
তদুপৰি সভাত ইতিহাসৰ পাতত ৰজা খেদা নগঞা সিন্ধুৰা হাজৰিকা শীৰ্ষক পুস্তিকা উন্মোচন কৰে উৰিয়া গাঁও আঞ্চলিক উন্নয়ন সমিতিৰ কাৰ্যকৰী সভাপতি তথা সমাজকৰ্মী পীতাম্বৰ শইকীয়াই। ইয়াৰ পিছতে অনুষ্ঠিত হয় সিন্ধুৰা হাজৰিকা সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাখনৰ ফাইনেল খেলখন।
নগাঁৱৰ ইলেভেন ব্ৰাডাৰ্ছ আৰু ডিমৰুগুৰিৰ উদয়ন সংঘৰ মাজত অনুষ্ঠিত হোৱা তীব্ৰ উত্তেজনাপূৰ্ণ ফাইনেল খেলত ডিমৰুগুৰি উদয়ন সংঘই ইলেভেন ব্ৰাডাৰ্ছ নগাঁৱক ২-১ গ'লৰ ব্যৱধানত পৰাজিত কৰি প্ৰতিযোগিতাখনৰ চূড়ান্ত খিতাপ অৰ্জন কৰে।
আজিৰ খেলখন পৰিচালনা কৰে কৃষ্ণকান্ত দাসে। লাইনত সহায় কৰে কল্যাণ ভূঞা আৰু পাৰ্শ্ব জ্যোতি দাসে। প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে লক্ষ্য দাস, শ্ৰেষ্ঠ উদীয়মান খেলুৱৈ হিচাপে বিদ্যুৎ বনিয়া, চূড়ান্ত খেলৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে জিঝৰ টিৰাং, শ্ৰেষ্ঠ গ'ল ৰক্ষক হিচাপে ৰোহিত ৰায়, সৰ্বাধিক গ'ল দাতা হিচাপে জয়ৰাম তগবিয়ে পুৰস্কাৰ লাভ কৰে।
/asomiyapratidin/media/media_files/2024/11/17/GVLFKp5dRjHy3DEss1Sv.jpeg)
প্ৰতিযোগিতাখনৰ চূড়ান্ত বিজয়ী আৰু বিজিত দলক নগদ ধন আৰু চলন্ত ট্ৰফীৰে পুৰস্কৃত কৰা হয়। আজিৰ ফাইনেল খেলখনত ডিমৰুগুৰিৰ উদয়ন সংঘৰ দলৰ হৈ খেলা ৱেষ্ট আফ্ৰিকাৰ কেমেৰুণৰ খেলুৱৈ ষ্টিভ ভেৰাইটিক উন্নয়ন সমিতিয়ে সম্বৰ্ধনা জ্ঞাপন কৰে।
চূড়ান্ত খেলখনত নগাঁও ক্ৰীড়া সন্থাৰ সম্পাদক তপন কুমাৰ দাস, ক্ৰীড়া সাংবাদিক অসীম ভাৱাল, নাট্য কৰ্মী কমলেশ শইকীয়া, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নাৰায়ণ চন্দ্ৰ বনিয়া, নগাঁও জিলা ছাত্র সন্থাৰ সভাপতি সীমান্ত বৰা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাংগঠনিক সম্পাদক দ্বীপমণি বৰা, প্ৰচাৰ সম্পাদক দিগন্ত দাস, পৰিষদৰ নগাঁও জিলা সমিতিৰ উপ সভাপতি প্ৰৱাল শৰ্মা, সাধাৰণ সম্পাদক দেবাশীষ দাস,ৰূপৰাম হাজৰিকা, প্ৰবোধ কুমাৰ বৰা, প্ৰভাত বৰা, কুশৰাম বৰা, বিকি হাজৰিকা, ৰাজু বৰা, জিতুমনি বৰা, মৃদুল হাজৰিকা, দেবেন বৰা,পদুম বৰুৱা, অশোক কুমাৰ বৰা প্ৰমুখ্যে বহু লোক উপস্থিত আছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us