ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক হ'ব শিখৰ ধাৱানঃ মুখ্য প্ৰশিক্ষকৰ দায়িত্বত লক্ষ্মণ...

ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক হ'ব শিখৰ ধাৱানঃ মুখ্য প্ৰশিক্ষকৰ দায়িত্বত লক্ষ্মণ...
ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক হ'ব শিখৰ ধাৱানঃ মুখ্য প্ৰশিক্ষকৰ দায়িত্বত লক্ষ্মণ...

ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক হ'ব শিখৰ ধাৱান। কোনো দ্বিপাক্ষিক অথবা ত্ৰিপাক্ষিক শৃংখলাত নহয়, এছিয়ান গেমছত শিখৰ ধাৱানে নেতৃত্ব দিব ভাৰতীয় দলটোক।

উল্লেখ্য যে, অলিম্পিকত ক্ৰিকেট অন্তৰ্ভুক্তিৰ দাবী উত্থাপন হৈ আহিছে। সেই দাবীকেই সৰোগত কৰি এইবাৰ এছিয়ান গেমছলৈ ভাৰতীয় ক্ৰিকেট দল প্ৰেৰণৰ বাবে সন্মত হৈছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড।

এই প্ৰতিযোগিতাত যে, কেৱল ভাৰতীয় পুৰুষ দলটোৱেই প্ৰেৰণ কৰিব তেনে নহয়। মহিলা দলটোও প্ৰেৰণ কৰিব। মহিলা দলটোক নেতৃত্ব দিব হৰমনপ্ৰীত কৌৰে।

ইফালে এইছিয়ান গেমছৰ পাছতেই ভাৰতৰ মাটিত অনুষ্ঠিত হ'ব এদিনীয়া ক্ৰিকেট বিশ্বকাপ। সেয়ে এই বিশ্বকাপৰ প্ৰস্তুতিত ব্যস্ত থাকিব নিয়মীয়া অধিনায়ক ৰোহিত শৰ্মা। ৰোহিতৰ উপৰিও এই প্ৰস্তুতি পূৰ্ণ গতিত চলাই থাকিব বিৰাট কোহলি, মহম্মদ ছামিৰ দৰে খেলুৱৈয়ে।

সেয়ে ভাৰতীয় ক্ৰিকেট দলটোক এছিয়ান গেমছলৈ পঠিওৱাৰ ক্ষেত্ৰত ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে এক কৌশলী সিদ্ধান্ত গ্ৰহণ কৰিছে। এছিয়ান গেমছলৈ বি চি চি আইয়ে প্ৰেৰণ কৰিব ভাৰতীয় এ দলটো।

এই তৰুণ ক্ৰিকেটাৰৰ সৈতে গঠিত দলটোক নেতৃত্ব দিব অভিজ্ঞ ক্ৰিকেটাৰ শিখৰ ধাৱানে। আনহাতে এই দলটোৰ প্ৰশিক্ষক হিচাপে থাকিব নেচনেল ক্ৰিকেট একাডেমীৰ মুখ্য প্ৰশিক্ষক ভি ভি এছ লক্ষ্মণ।

উল্লেখ্য যে ভাৰতীয় ক্ৰিকেট দললৈ শুভমণ গিল, ঈশান কিষাণৰ দৰে ক্ৰিকেটাৰৰ আগমণে শিখৰ ধাৱানক ভাৰতীয় দলটোৰ পৰা আঁতৰাই ৰাখিছে। চলিত বছৰত তেওঁক ভাৰতীয় জাৰ্ছীত দেখা নাই।

বিগত বছৰৰ নিউজিলেণ্ডৰ বিৰুদ্ধে খেলা এদিনীয়া শৃংখলাত তেওঁ ভাৰতীয় দলটোক নেতৃত্ব প্ৰদান কৰিছিল। তাৰ পূৰ্বে ২০২১ত শ্ৰীলংকা ভ্ৰমণৰ সময়ত তেওঁ এদিনীয়া আৰু টি-২০ শৃংখলাত ভাৰতীয় দলটোক নেতৃত্ব প্ৰদান কৰিছিল।

অৱশ্যে এয়া এক চৰ্চিত খবৰহে। এতিয়া চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই। বি চি চি আইয়ে এই সন্দৰ্ভত চিন্তা চৰ্চা অব্যাহত ৰাখিছে।

ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক হ'ব শিখৰ ধাৱানঃ মুখ্য প্ৰশিক্ষকৰ দায়িত্বত লক্ষ্মণ...
পদত্যাগ কৰিব মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in