এছিয়ালৈ উভতি আহিব বিশ্বকাপ ফুটবল !

এছিয়ালৈ উভতি আহিব বিশ্বকাপ ফুটবল !

ডিজিটেল ডেস্ক : বিগত বৰ্ষত অনুষ্ঠিত কাটাৰ বিশ্বকাপৰ সফল সামৰণিয়ে চমক তুলিছিল সমগ্ৰ বিশ্বতেই । কাটাৰৰ দৰে এখন দেশে বিশ্বকাপ ফুটবল সফলতাৰে আয়োজন কৰি দেখুওৱাটো নাছিল সাধাৰণ কথা । কিয়নো ফুটবলৰ সৈতে ইয়াৰ পূৰ্বে নাছিল কাটাৰৰ কোনো সম্পৰ্ক ।

আনহাতে, ২০২৬ চনৰ বিশ্বকাপ যুগ্মভাৱে আয়োজন কৰিব আমেৰিকা যুক্তৰাষ্ট্ৰ, মেক্সিকো আৰু কানাডাই । ইতিমধ্যে আৰম্ভ কৰা হৈছে ইয়াৰ বাবে পৰিকল্পনা । কিন্তু ২০৩০ চনৰ বিশ্বকাপ পুনৰ এছিয়াত আয়োজন হোৱাৰ সম্ভাৱনা প্ৰৱল । কিয়নো আয়োজকৰ দৌৰত নামিছে চৌদি আৰব । যদি তেনে হয় তেন্তে গ্ৰীচ আৰু ইজিপ্তৰ সৈতে যৌথভাৱে আয়োজন কৰিব চৌদি আৰবে । তাত আগেয়ে নিজৰ দক্ষতাৰ পৰিচয় দিবলৈ ২০২৭ চনত এছিয়ান কাপ ফুটবল আয়োজনৰ দ্বায়িত্ব লাভ কৰিছে দেশখনে ।

উল্লেখ্য যে, ২০২৭ চনত এছিয়ান কাপ আয়োজনৰ ক্ষেত্ৰত চৌদি আৰবৰ প্ৰতিদ্বন্দী আছিল ভাৰত । অন্তিম মূহুৰ্তত ভাৰতে দাবী প্ৰত্যাহাৰ কৰাত চৌদি আৰবৰ হাততেই আয়োজনৰ দ্বায়িত্ব অৰ্পন কৰিছে এছিয়ান ফুটবল কনফেডাৰেচনে ।

কিন্তু বিশ্বকাপ আয়োজন কৰিবলৈ হ'লে নতুন পৰিকাঠামো তৈয়াৰ কৰিব লাগিব চৌদি আৰবে । কিয়নো কাটাৰৰ তুলনাত আৰু অধিক ৰক্ষণশীল চৌদি আৰবে । কাটাৰক আয়োজকৰ দ্বায়িত্ব দি বহু সমালোচনাৰ সন্মুখীন হৈছিল ফিফা । পুনৰবাৰ ৰক্ষণশীল ৰাষ্ট্ৰ এখনক দ্বায়িত্ব অৰ্পন কৰি ফিফা এইবাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাটো নিশ্চিত ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in