ছাফ চেম্পিয়নশ্বিপ : কুৱেইটক হৰুৱাই খিতাপ দখল ভাৰতৰ

ছাফ চেম্পিয়নশ্বিপ : কুৱেইটক হৰুৱাই খিতাপ দখল ভাৰতৰ

ডিজিটেল ডেস্ক : ভাৰতীয় ফুটবলৰ বাবে সুখবৰ। মঙলবাৰে অনুষ্ঠিত ছাফ চেম্পিয়নশ্বিপৰ চূড়ান্ত মেচখনত প্ৰতিপক্ষ কুৱেইটক হৰুৱাই খিতাপ দখল কৰে ভাৰতীয় ফুটবল দলে।

উল্লেখ্য যে, ছেমি ফাইনেলত লেবাননক হৰুৱাই ফাইনেলৰ দুৱাৰডলিত উপস্থিত হৈছিল ভাৰতীয় দলটো। সুযোগৰ সদব্যৱহাৰ কৰি আজি বাংগালুৰুত অনুষ্ঠিত ফাইনেল মেচখনত কুৱেইটক পেনাল্টি ৫-৪ গ'লত পৰাস্ত কৰে।

ভাৰতৰ এই সাফল্যৰ মূলতেই গুৰপ্ৰীত সিং সান্ধু। ভাৰতক ফাইনেলত উপনীত কৰোৱাত তেওঁৰ আছে উল্লেখনীয় ভূমিকা।

উল্লেখ্য যে, কুৱেইটৰ সৈতে ভাৰতে ১-১ৰ ব্যৱধানত ড্ৰ খেলিছিল। আনহাতে ফিফা ৰেংকিঙত ভাৰতৰ স্থান ১০০ যদিও এই সাফল্যই দেশবাসীক দিছে অপাৰ আনন্দ।

ছাফ চেম্পিয়নশ্বিপ : কুৱেইটক হৰুৱাই খিতাপ দখল ভাৰতৰ
বাইক ৰেলীৰে শিৱসাগৰত 'উজনি অসম সমষ্টি সুৰক্ষা সমিতি'ৰ প্ৰতিবাদ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in