
ডিজিটেল ডেস্কঃ ঘৰুৱা ক্ৰিকেটত উজলি উঠিছে শচীন তেণ্ডুলকাৰৰ পুত্ৰ অৰ্জুন তেণ্ডুলকাৰ। বিশ্বকাপৰ সমান্তৰালকৈ বি চি চি আইয়ে অনুষ্ঠিত কৰা ঘৰুৱা টুৰ্ণামেণ্ট চৈয়দ মুস্তাক আলী ট্ৰফীত অলৰাউণ্ডাৰ অৰ্জুনে গোৱাৰ হৈ খেল পথাৰত নামিছে।
প্ৰতিযোগিতাখনত এই পৰ্যন্ত খেলা আটাইকেইখন মেচত অৰ্জুনৰ প্ৰদৰ্শন প্ৰশংসনীয়।শেহতীয়াতৈ অৰ্জুনে সৌৰাষ্ট্ৰৰ বিৰুদ্ধে ৩৬ বলত ৪৭ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। তেওঁৰ এই ৰাণৰ সহায়ত গোৱাই মুঠ ১৬১ ৰাণৰ স্কৰ গঢ়িছে।
অৰ্জুনে তেওঁৰ ইনিংছত তিনিটা ছয় আৰু দুটা ছাৰি কোবাইছে। উল্লেখ্য, অৰ্জুনে এতিয়ালৈকে মুঠ ৩ খন মেচতহে বেটিং কৰাৰ সুযোগ লাভ কৰিছে। ইয়াৰোপৰি তেওঁ চলিত প্ৰতিযোগিতাখনত এই পৰ্যন্ত মুঠ ১১ টাকৈ উইকেট লাভ কৰিছে।
মুস্তাক আলী ট্ৰফীত গোৱাই মুঠ ৭ খন মেচৰ ভিতৰত ৪ খনত জয় লাভ কৰিছে। গ্ৰুপ চিত দলটো চতুৰ্থ স্থানত আছে। ফলত নক আউট পৰ্যায়লয়ৈ দলটো উঠিব নোৱাৰিলে।
সেয়ে অৰ্জুনে এতিয়া বিজয় হাজাৰে ট্ৰফীলৈ অপেক্ষা কৰিছে। ২৩ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাখনত গোৱাৰা হৈ তেওঁ আৰু অধিক উন্নত প্ৰদৰ্শন কৰিব পাৰিব বুলি আত্মবিশ্বাসী হৈ উঠিছে। ইফালে আই পি এলৰ বাবেই ১৯ ডিচেম্বৰত ডুবাইত অনুষ্ঠিত হব নিলাম প্ৰক্ৰিয়া। সেয়েহে বিজয় হাজাৰেৰ প্ৰদৰ্শনৰ ওপৰত বহু কথাই নিৰ্ভৰ কৰিছে।