/asomiyapratidin/media/media_files/2025/02/07/dlNWJiooQPLyv6z2Zihr.jpg)
ডিজিটেল ডেস্কঃ অসমৰ আন্তৰ্জাতিক টাইকোৱাণ্ড খেলুৱৈ ৰ’দালি বৰুৱাই উত্তৰাখণ্ডত অনুষ্ঠিত হৈ থকা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত ৰূপৰ পদক অৰ্জন কৰিছে। প্ৰতিযোগিতাখনৰ মহিলাৰ কিউৰুগিৰ ৭৩ কিলোগ্ৰাম শাখাত তেওঁ এই সফলতা অৰ্জন কৰিছে।
উল্লেখ্য যে, তেওঁ ফাইনেলত হাৰিয়ানাৰ প্ৰতিদ্বন্দিৰে প্ৰথমে মেচখন ৫-৫ পইণ্টত ড্ৰ' খেলে। পাছত তেওঁ হিটত পৰাস্ত হয়। ইয়াৰ পূৰ্বে ছেমিফাইনেলত ৰ’দালিয়ে ৫-০ ত জয়লাভ কৰিছিল৷ উল্লেখ্য যে বিগত গোৱা ৰাষ্ট্ৰীয় ক্ৰীড়াত ৰ’দালিয়ে সোণৰ পদক লাভ কৰিছিল৷ সেইবাৰ তেওঁ গৃহ ৰাজ্যৰ পৰিবৰ্তে গোৱাৰ হৈহে প্ৰতিযোগিতাত অংশ লৈছিল৷
উল্লেখ্য যে, আজিৰ দিনটোত ৰাষ্ট্ৰীয় ক্ৰীড়াৰ পৰা কেইবাটাও ভাল খবৰ অসমে লাভ কৰিলে। বক্সিঙত অসমে দুটাকৈ সোণৰ পদকৰ সৈতে সামগ্ৰিকভাৱে ৮ টা পদক লাভ কৰিলে। তাৰোপৰি নিশ্চিত কৰিছে আন কেইবাটাও পদক।
ৰাষ্ট্ৰীয় ক্ৰীড়াৰ সামৰণি পৰিবলৈ এতিয়াও ছটা দিন বাকী আছে যদিও অসমে কেইবাবিধো খেলত অভিযান আৰম্ভ কৰাই নাই৷ ইতিমধ্যে অসমে ২০২২ ৰ গুজৰাট ৰাষ্ট্ৰীয় ক্ৰীড়াত লাভ কৰা ২৮ টা পদকৰ ৰেকৰ্ড ভংগ কৰি এই পৰ্যন্ত ৩১ টা পদক অৰ্জন কৰিবলৈ সক্ষম হয়৷
প্ৰতিযোগিতাখনত শুকুৰবাৰে ৰাষ্ট্ৰীয় ক্ৰীড়াৰ ইতিহাসত প্ৰথমবাৰৰ বাবে অসমৰ চাৰিগৰাকী বক্সাৰে ফাইনেল খেলে। প্ৰত্যাশিতভাবে অলিম্পিক পদকজয়ী লাভলীনা বৰগোহায়ে আৰু জুনিয়ৰ বিশ্ব চেম্পিয়ন অংকুশিতা বড়োৱে নিজৰ নিজৰ শাখাত সোণৰ পদক লাভ কৰে।
তাৰ বিপৰীতে সোণৰ পদকৰ মেচত পৰাস্ত হৈ দুবাৰৰ অলিম্পিয়ান শিৱ থাপা আৰু নৱাগত অভিনৱ শইকীয়াই ৰূপৰ পদক অৰ্জন কৰে। তেওঁলোক দুয়ো ছাৰ্ভিছেজৰ বক্সাৰ বিৰুদ্ধে পৰাস্ত হয়।
সেইদৰে আৰ্চাৰীত, শুকুৰবাৰে অসমৰ টুটুমনি বড়োই ইণ্ডিয়া ৰাউণ্ডৰ একক শাখাত তথা অৰুন বড়ো আৰু নম্ৰতা ব্ৰহ্মই মিক্সড শাখাত ব্ৰঞ্জ লাভ কৰে৷ তৃতীয়স্থান নিৰ্ণয়কাৰী খেলত টুটুমনিয়ে ৬-৪ ত ঝাৰখণ্ডৰ মনিষা কুমাৰীক তথা অৰুন-নম্ৰতাই ৫-৩ ত হাৰিয়ানাৰ প্ৰতিদ্বন্দিক পৰাস্ত কৰে৷ এই দুটা পদকেৰেই চলিত ৰাষ্ট্ৰীয় ক্ৰীড়াত অভিযান সামৰিলে অসমৰ আৰ্চাৰী দলটোৱে।
লনবলত শুকুৰবাৰে অসমে আৰু তিনিটা পদক জয় নিশ্চিত কৰিছে৷ নয়নমনি শইকীয়া আৰু বনগীতা হাজৰিকাৰ মহিলা ডাবলছ যুটিৰ লগতে পুৰুষ এককত পুতুল সোণোৱাল তথা মেন ফ’ৰ্ছত বিতোপন ৰাভা, অমল টেৰন, বিমান নাথ আৰু বিশ্বনাথ খাউণ্ড ছেমিফাইনেলত প্ৰৱেশ কৰিছে৷৷
উল্লেখ্য যে, এথলেটিকছত শনিবাৰে অভিযান আৰম্ভ কৰিব দেশৰ দ্ৰুত মানৱ অসম সন্তান অম্লান বৰগোহাঁয়ে৷ গুজৰাটত এশ আৰু দুশ মিটাৰত সোণ লাভ কৰা অম্লানে গোৱা ৰাষ্ট্ৰীয় ক্ৰীড়াত অংশ লোৱা নাছিল৷