Advertisment

ভাৰতীয় দলত সঁচাকৈয়ে স্থান পালে নেকি ৰিয়ানে ! সত্যনে এই খবৰ...

ভাৰতীয় দলত সঁচাকৈয়ে স্থান পালে নেকি ৰিয়ানে ! সত্যনে এই খবৰ...

author-image
Asomiya Pratidin
New Update
ভাৰতীয় দলত সঁচাকৈয়ে স্থান পালে নেকি ৰিয়ানে ! সত্যনে এই খবৰ...

ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ কৰিলে ৰিয়ান পৰাগে। ভাৰতীয় টি-২০ ক্ৰিকেট দলত স্থান লাভ কৰিছে অসম সন্তানগৰাকীয়ে। সোমবাৰে দিনৰ ভাগৰ পৰা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ভাইৰেল হৈ পৰিছে এই খবৰ।

Advertisment

একাংশ সংবাদ মাধ্যমে সূত্ৰৰ আধাৰত ভাৰতীয় দলত ৰিয়ানৰ স্থান নিশ্চিত বুলি বাতৰি কৰাৰ বিপৰীতে আন একাংশই ৰিয়ানে স্থান পাব পাৰে বুলি বাতৰি কৰিছে। তাৰ মাজতে যদিও বিচিচিআইয়ে আনুষ্ঠানিকভাৱে কোনো ঘোষণা কৰা নাই তথাপিও আন একাংশ সংবাদ মাধ্যমে ৰিয়ানে ভাৰতীয় দলত স্থান পাইছে বুলিয়েই বাতৰি কৰিছে।

বিশ্বকাপৰ পাছতে ভাৰতৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াই খেলিব ৩খন টি-২০ মেচ। ঘৰুৱা মাটিতত অনুষ্ঠিত হ'বলগীয়া এই শৃংখলাৰ বাবে এতিয়ালৈকে ঘোষণা কৰা হোৱা নাই ভাৰতীয় দল। কিন্তু এই শৃংখলাক লৈ আৰম্ভ হৈছে চৰ্চা।

সোমবাৰে দিনৰ ভাগত অসমৰ ৰিয়ান পৰাগে এই দলটোত স্থান লাভ কৰিছে বা কৰিব পাৰে ধৰণৰ বাতৰি ভাইৰেল হৈ পৰিছে। এই খবৰৰ সত্যতা কিমান তাক নিশ্চিত কৰিবলৈ অসমীয়া প্ৰতিদিন ডিজিটেলে অসম ক্ৰিকেট সন্থাৰ সৈতে যোগাযোগ কৰিছিল।

এচিএৰ সম্পাদক ত্ৰিদীপ কোঁৱৰে আমাৰ আগত জনোৱা অনুসৰি এই মুহূৰ্তলৈকে তেনে কোনো আনুষ্ঠানিক খবৰ তেওঁলোকৰ হাতত নাই। ভাৰতীয় দলত কোনে স্থান পাব বা নাপাব সেয়া খেলুৱৈৰ প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি নিৰ্বাচকে চূড়ান্ত কৰিব। ভাইৰেল হৈ পৰা খবৰৰ কোনো সত্যতা নাই। অৱশ্যে ৰিয়ান পৰাগে ভাৰতীয় দলত স্থান পালে অসম ক্ৰিকেট সন্থাতকৈ আনন্দিত আৰু কোনো হ'ব নোৱাৰে বুলিও তেওঁ উল্লেখ কৰে।

দৰাচলতে চৈয়দ মুস্তাক আলী ট্ৰফীত ৰিয়ান পৰাগৰ প্ৰদৰ্শন আছিল দুৰ্দান্ত। অসমক নেতৃত্ব প্ৰদান কৰি ৰিয়ানে অভিলেখসংখ্যক ৭ টাকৈ অৰ্ধশতক সংগ্ৰহ কৰি বিশ্বকাপৰ উত্তেজনাৰ মাজতো ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছিল।

প্ৰতিযোগিতাখনত ৰিয়ানে গড়ে ৮৫ কৈ মুঠ ৫১০ ৰাণ সংগ্ৰহ কৰি সৰ্বাধিক ৰাণ সংগ্ৰহ কৰিছে। তেওঁৰ ষ্ট্ৰাইক ৰেট ১৮২.৭৯। প্ৰতিযোগিতাখনত তেওঁৰ বেটৰ পৰা আহিছে ৩১ টা বাউণ্ডেৰী আৰু ৪০ টা অভাৰ বাউণ্ডেৰী।

ৰিয়ানৰ এনে দুৰ্দান্ত প্ৰদৰ্শনৰ বাবেই অসম দলটোৱে ইতিহাস সৃষ্টিৰে প্ৰতিযোগিতাখনৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছিল। সেয়েহে ৰিয়ানক লৈ সকলোৰে আগ্ৰহ বৃদ্ধি পাইছে। পূৰ্বেও ঘৰুৱা ক্ৰিকেটত ৰিয়ান পৰাগে দুৰ্দান্ত প্ৰদৰ্শন দাঙি ধৰিছিল। তেওঁ ইতিমধ্যে ভাৰতীয় ১৮ অনুৰ্ধ্বৰ দলটোৰ উপৰিও 'এ' দলত স্থান লাভ কৰাই নহয়, কেইবাখনো মেচ খেলিছে। অৱশ্যে আই পি এলত ৰিয়ানে যথেষ্ট সুযোগ, সুবিধা পাইছে যদিও এতিয়ালৈ সফল হ'ব পৰা নাই।

এনে প্ৰেক্ষাপটতে ৰিয়ানক লৈ ভাইৰেল হৈ পৰিছে এই খবৰ। সকলোৱে অনুমানৰ ভিত্তিতে প্ৰচাৰ কৰিছে এই খবৰ। দৰাচলতে ভাৰতীয় দলত স্থান পাবৰ বাবে আজিৰ তাৰিখত ক্ৰিকেটাৰ সকলৰ মাজত তীব্ৰ প্ৰতিযোগিতা অব্যাহত আছে।

ঘৰুৱা ক্ৰিকেটত অভিলেখৰ পাছত অভিলেখ গঢ়িও ভাৰতীয় দলত স্থান নোপোৱাৰ হতাশাত ভূগিছে বহু ক্ৰিকেটাৰ। আজিৰ তাৰিখত ভাৰতীয় দলত স্থান লাভ কৰাটো ইমান সহজ হৈ থকা নাই।

বিশেষকৈ ভাৰতীয় দলটোৰ প্ৰতিজন ক্ৰিকেটাৰৰ দুৰ্দান্ত প্ৰদৰ্শন অব্যাহত থকাত তৰুণ প্ৰজন্মৰ ক্ৰিকেটাৰসকলৰ বাবে ভাৰতীয় দলত স্থান প্ৰাপ্তি আজিৰ সময়ত প্ৰায় অসম্ভৱৰ দৰে হৈ পৰিছে।

ভাৰতীয় দলত উন্নত প্ৰদৰ্শন কৰিও কেইবাজনো ক্ৰিকেটাৰ দলৰ পৰা বাহিৰত থাকিবলগীয়া হৈছে। সেয়েহে অসম ক্ৰিকেট সন্থাৰ সম্পাদক ত্ৰিদীপ কোঁৱৰে ৰিয়ানৰ সম্পৰ্কত ভাইৰেল হোৱা এই খবৰৰ কোনো ভিত্তি নাই বুলি উল্লেখ কৰাৰ লগতে পূৰ্বানুমানৰ ভিত্তিত আজিৰ তাৰিখত ভাৰতীয় দলত স্থান পোৱাৰ বিষয়ে একো ক'ব নোৱাৰি বুলি উল্লেখ কৰিছে।

অৱশ্যে এই খবৰৰ কোনো ভিত্তি নাথাকিলেও এই খবৰেই সময়ত সত্য হৈ পৰক বুলি আমিও আশা কৰো। ৰিয়ান পৰাগে স্থান লাভ কৰক ভাৰতীয় দলত। দেশক প্ৰতিনিধিত্ব কৰি ঘৰুৱা ক্ৰিকেটত উজলি উঠাৰ দৰেই ৰিয়ান উজলি উঠক বিশ্ব ক্ৰিকেটত।

Also Read: বিশ্বকাপত ভাৰতৰ 'অশ্বমেধ যাত্ৰা': ৮৩ ৰাণতে স্তব্ধ মহা শক্তিশালী দক্ষিণ আফ্ৰিকা...

ৰিয়ান পৰাগ ভাৰতীয় ক্ৰিকেট দল