গীলখ্ৰীষ্ট, ডিভিলিয়াৰ্ছ আৰু ছাংগাকাৰাৰ ৰেকৰ্ড ভংগ কৰি বিশ্বকাপত ৰেকৰ্ড গঢ়িলে ঋষভ পণ্টে

গীলখ্ৰীষ্ট, ডিভিলিয়াৰ্ছ আৰু ছাংগাকাৰাৰ ৰেকৰ্ড ভংগ কৰি বিশ্বকাপত ৰেকৰ্ড গঢ়িলে ঋষভ পণ্টে

author-image
Asomiya Pratidin
New Update
গীলখ্ৰীষ্ট, ডিভিলিয়াৰ্ছ আৰু ছাংগাকাৰাৰ ৰেকৰ্ড ভংগ কৰি বিশ্বকাপত ৰেকৰ্ড গঢ়িলে ঋষভ পণ্টে

ডিজিটেল ডেস্ক : আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজে যুটীয়াভাৱে আয়োজন কৰিছে এই বৰ্ষৰ টি-২০ ক্ৰিকেট বিশ্বকাপ। সম্প্ৰতি এই বিশ্বকাপত অপৰাজেয় ধাৰা অৱ্যাহত ৰাখি ছুপাৰ-৮ ত প্ৰৱেশ কৰিছে বিশ্ব ক্ৰিকেটৰ অন্যতম শ্ৰেষ্ঠ দল টীম ইণ্ডিয়া।

Advertisment

বিশ্বকাপ চলি থকাৰ মাজতে ভাৰতীয় ক্ৰিকেট দলৰ উইকেটকীপাৰ বেটাৰ ঋষভ পণ্টে ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে। সেয়া হৈছে- এখন টি-২০ বিশ্বকাপ প্ৰতিযোগিতাত উইকেটকীপাৰ হিচাপে সৰ্বাধিক কেচ আৰু ষ্টাম্পিং কৰি ৰেকৰ্ড গঢ়িছে।

এই প্ৰতিযোগিতাত এতিয়ালৈকে প্ৰতিপক্ষৰ ১০টা উইকেট পতনত অৱদান আছে পণ্টৰ। শেহতীয়াকৈ আফগানিস্তানৰে হোৱা মেচখনত ৩টা কেচ আয়ত্ত কৰিছিল পণ্টে।

ইয়াৰ পূৰ্বে এই ৰেকৰ্ড আডাম গীলখ্ৰীষ্ট, এ বি ডিভিলিয়াৰ্ছ আৰু কুমাৰ ছাংগাকাৰৰ নামত আছিল। তেঁওলোকৰ চিকাৰৰ সংখ্যা ৯টা। এতিয়া সেই ৰেকৰ্ড ভংগ কৰি শীৰ্ষত আছে ঋষভ পণ্ট।  

Also Read: ছানিয়া মিৰ্জাৰ মহম্মদ ছামিৰে বিয়া ! কিমান সত্য এই খবৰ?

rishabh pant cricket world cup