Advertisment

আই পি এল : ঋষভ পণ্টৰ হাতত নেতৃত্বৰ বাঘজৰী

২৬ বছৰীয়া পণ্টে আঘাতমুক্ত হৈ আহিছে যদিও উইকেই কিপিং কৰাত কিছু অসুবিধাৰ সন্মুখীন হৈছিল। বিপৰীতে বেটিঙত স্বাভাৱিক ছন্দতে খেলা পৰিলক্ষিত হয়।

author-image
Asomiya Pratidin
New Update
আই পি এল : ঋষভ পণ্টৰ হাতত নেতৃত্বৰ বাঘজৰী

ডিজিটেল ডেস্ক : ইতিমধ্যে আৰম্ভ হৈছে আই পি এল ২০২৪ৰ প্ৰহৰ গণনা। এনে সময়তে দিল্লী কেপিটেলছ কৰ্তৃপক্ষই ঘোষণা কৰিছে অধিনায়কৰ নাম। পূৰ্বৰ অধিনায়কৰ প্ৰতি আস্থা ৰাখিয়েই দলটোৰ কৰ্তৃপক্ষই ঋষভ পণ্টক অধিনায়ক হিচাপে বিবেবচনা কৰিছে।

Advertisment

উল্লেখ্য যে পণ্টৰ অনুপস্থিতিত যোৱাটো ছিজনত ডেভিদ ৱাৰ্নাৰে দিল্লীক নেতৃত্ব দিছিল। সম্প্ৰতি আঘাতৰ পৰা সুস্থ হৈ উঠা ঋষভ পন্টে দিল্লী কেপিটেলছ শিবিৰত যোগ দি আৰম্ভ কৰিছে অনুশীলন। সেয়ে ৱাৰ্নাৰৰ স্থানত পণ্টকে অধিনায়কৰ দায়িত্ব প্ৰদান কৰে।

উল্লেখ কৰা প্ৰয়োজন যে, ঋষভ পণ্ট দলত যোগ দিয়াৰ পাছতে চৰ্চা হৈছিল- কোনে ল'ব দিল্লী কেপিটেলছৰ নেতৃত্বৰ বাঘজৰী ! অৱশেষত বহু জল্পনাৰ অন্তত দলীয় কৰ্তৃপক্ষই আনুষ্ঠানিকভাৱে দলৰ নেতৃত্ব ঋষভ পণ্টৰ হাততে অৰ্পণ কৰে।

অৱশ্যে ২৬ বছৰীয়া পণ্টে আঘাতমুক্ত হৈ আহিছে যদিও উইকেই কিপিং কৰাত কিছু অসুবিধাৰ সন্মুখীন হৈছিল। বিপৰীতে বেটিঙত স্বাভাৱিক ছন্দতে খেলা পৰিলক্ষিত হয়।

Also Read: পুত্ৰ অৰ্জুনৰ কেৰিয়াৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত শচীনে আঁতৰালে ৰোহিতক !

delhi capitals rishabh pant IPL 2024