আজি অনুষ্ঠিত হ'ব আৰ চি বি আৰু লক্ষ্ণৌৰ মেচ ! আই পি এলৰ অধ্যক্ষ অৰুণ ধুমলে দিলে বিশেষ ইংগিত...

ধৰ্মশালাত বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা পঞ্জাৱ কিংছ আৰু দিল্লী কেপিটেলছৰ মাজৰ মেচখন আধাতে সামৰাৰ পাছতে আই পি এলৰ পৰৱৰ্তী মেচসমূহক লৈ অনিশ্চয়তাৰ সৃষ্টি হৈছিল।

author-image
Tushar Pratim
New Update
আজি অনুষ্ঠিত হ'ব আৰ চি বি আৰু লক্ষ্ণৌৰ মেচ ! আই পি এলৰ অধ্যক্ষ অৰুণ ধুমলে দিলে বিশেষ ইংগিত...

ডিজিটেল ডেস্কঃ ধৰ্মশালাত বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা পঞ্জাৱ কিংছ আৰু দিল্লী কেপিটেলছৰ মাজৰ মেচখন আধাতে সামৰাৰ পাছতে আই পি এলৰ পৰৱৰ্তী মেচসমূহক লৈ অনিশ্চয়তাৰ সৃষ্টি হৈছিল। শুকুৰবাৰৰ মেচখন হ’ব নে নাই সেই সন্দৰ্ভতো নানান প্ৰশ্নৰ সৃষ্টি হৈছে। 

Advertisment

এতিয়ালৈকে শুকুৰবাৰৰ মেচখনৰ সম্পৰ্কে কোনো আনুষ্ঠানিক সিদ্ধান্ত প্ৰকাশ পোৱা নাই যদিও এই  মেচখন হ’ব বুলিয়েই একাংশই ধাৰণা কৰিছে। আই পি এলৰ অধ্যক্ষ অৰুণ ধুমলে এই সম্পৰ্কে কৰিছে এক গুৰুত্বপূৰ্ণ মন্তব্য। সংবাদ মাধ্যমৰ আগত অৰুণ ধুমলে কয়, শুকুৰবাৰৰ খেলখন এতিয়াও অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। বাকী সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিব।

বৃহস্পতিবাৰে ধৰ্মশালাত পঞ্জাব কিংছ আৰু দিল্লী কেপিটেলছৰ মাজত এখন অতি গুৰুত্বপূৰ্ণ মেচ অনুষ্ঠিত হৈছিল। কোৱালিফায়াৰৰ বাবে দুয়োটা দলৰ বাবে এই মেচখন আছিল গুৰুত্বপূৰ্ণ। সেই মেচ চলি থকাৰ সময়তে পাকিস্তানে জম্মুত আক্ৰমণ কৰিছিল। 

ফলত উত্তৰ ভাৰতৰ বিভিন্ন ৰাজ্যত ব্লেক আউট কৰা হৈছিল। ধৰ্মশালা ক্ৰিকেট ষ্টেডিয়ামতো লাইটসমূহ বন্ধ কৰি খেলখন বাতিল কৰা হৈছিল। পূৰ্বৰ সূচী অনুসৰিয়েই আজি লক্ষ্ণৌত লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ এখন মেচ অনুষ্ঠিত হোৱাৰ কথা। এই মেচখনক লৈয়ে এতিয়া নানান প্ৰশ্নৰ সৃষ্টি হৈছে।


সংবাদ সংস্থা পিটিআইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ধুমলে কয় যে, "আমি পৰিস্থিতি নিৰীক্ষণ কৰি আছো। পৰিস্থিতি প্ৰতি মুহূৰ্ততে সলনি হৈ আছে। চৰকাৰৰ পৰা আমাক কোনো নিৰ্দেশনা দিয়া হোৱা নাই। পৰিস্থিতি বুজি লৈ পিছত সিদ্ধান্ত লোৱা হ'ব। 

ধুমলৰ এনে মন্তব্যৰ পাছতে এতিয়ালৈকে অনুমান কৰা হৈছে যে শুকুৰবাৰৰ এই মেচখন অনুষ্ঠিত হ'ব। ধুমলেও তেনেদৰেই অনুমান কৰিছে। অৱশ্যে প্ৰতি মুহূৰ্ততে পৰিস্থিতি সলনি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি সময়ত বাতিল হ’লেও আচৰিত হ’বলগীয়া একো নাথাকিব। 

ইফালে ধৰ্মশালা বিমানবন্দৰো বন্ধ হৈ পৰাত পঞ্জাৱ কিংছ আৰু দিল্লী কেপিটেলছৰ সকলো খেলুৱৈকে গাড়ীৰে পাঠানকোটলৈ লৈ যোৱা হ’ব বুলিও জানিব পৰা গৈছে। তাৰ পৰা ৰে’লযোগে তেওঁলোকক দিল্লীলৈ প্ৰেৰণ কৰা হ’ব। 


ইফালে অহা ১১ মে’ত ধৰ্মশালাতেই পঞ্জাৱৰ এখন মেচ মুম্বাইৰ বিৰুদ্ধে হোৱাৰ কথা। সেই মেচখন আহমেদাবাদলৈ স্থানান্তৰ কৰা হৈছে। ভাৰত-পাকিস্তানৰ মাজত সৃষ্টি হোৱা এনে সংঘাতৰ পৰিপ্ৰেক্ষিততে পাকিস্তান ছুপাৰ লীগৰো খেলসমূহো বাতিল কৰি অৱশিষ্ট মেচসমূহ সংযুক্ত আৰব আমিৰশ্বাহীলৈ স্থানান্তৰ কৰা হৈছে।

 

আৰ চি বি যুদ্ধ আই পি এল