ৰাহুলৰ স্পীন যাদুত দিশহাৰা অন্ধ্ৰপ্ৰদেশ : সন্তোষজনক স্থিতি অসমৰ

তাৰকা বেটাৰ হনুমা বিহাৰী আৰু ৰিকি ভুই সম্পূৰ্ণ ব্যৰ্থ। মুখতাৰ হুছেইনৰ বলত এল বি ডব্লিঅ' হৈ হনুমা বিহাৰীয়ে মাত্ৰ ৪ ৰান কৰি পেভিলিয়নমুখী হয়।

author-image
Asomiya Pratidin
New Update
ৰাহুলৰ স্পীন যাদুত দিশহাৰা অন্ধ্ৰপ্ৰদেশ : সন্তোষজনক স্থিতি অসমৰ

ডিজিটেল ডেস্ক : সুদীৰ্ঘ দিনৰ অন্তত ডিব্ৰুগড়ৰ জালান আউটড'ৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈছে ৰঞ্জী ট্ৰফীৰ মেচ। শুকুৰবাৰৰ পৰা অসম আৰু অন্ধ্ৰপ্ৰদেশৰ মাজত অনুষ্ঠিত হৈছে মেচখন।

Advertisment

প্ৰথম দিনৰ অন্তত ৰিয়ান পৰাগ নেতৃত্বাধীন অসমে সন্তোষজনক স্থিতিত উপনীত হৈছে। বিপৰীতে অসমৰ তাৰকা স্পীনাৰ ৰাহুল সিঙৰ নিয়ন্ত্ৰিত বলিঙৰ সন্মুখত তিষ্ঠিব নোৱাৰি আলহী দল অন্ধ্ৰপ্ৰদেশ শ'লঠেকত পৰিছে। দলটোৱে আটাইকেইটা উইকেট হেৰুৱাই প্ৰথম ইনিংছত মাত্ৰ ১৮৮ ৰান সংগ্ৰহ কৰে।

তাৰকা বেটাৰ হনুমা বিহাৰী আৰু ৰিকি ভুই সম্পূৰ্ণ ব্যৰ্থ। মুখতাৰ হুছেইনৰ বলত এল বি ডব্লিঅ' হৈ হনুমা বিহাৰীয়ে মাত্ৰ ৪ ৰান কৰি পেভিলিয়নমুখী হয়। মুখতাৰে লাভ কৰে ২টা উইকেট। ইয়াৰোপৰি ৰাহুল সিঙে ৬টা উইকেট দখল কৰি অন্ধ্ৰপ্ৰদেশৰ কঁকাল ভাগে। ফলত ১৮৮ৰানতে সকলো উইকেটৰ পতন।

ইফালে অসমে প্ৰথম দিনা ১৫ অ'ভাৰ খেলি কোনো উইকেট নেহেৰুৱাকৈ ৪৩ ৰান সংগ্ৰহ কৰে। ঋষভ দাস ১৮ আৰু ৰাহুল হাজৰিকাই ২১ ৰানেৰে উইকেটত আছে। সম্প্ৰতি ১৪৫ ৰানত পিচ পৰি আছে ঘৰুৱা দল অসম।

Also Read: ভূমিকম্প,বানপানী,পাৰমাণৱিক আক্ৰমণ আদিৰ মোকাবিলা কৰিবলৈ অযোধ্যাত মোতায়েন NDRF

cricket assam vs andhrapradesh ranji trophy assam cricket association riyan parag