/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/74f8515b-c92e-458e-9511-b18d435244b7/R_Praggnanandhaa.jpg)
সৃষ্টি হোৱাৰ দিশে আন এক ক্ৰীড়া ইতিহাসঃ আৰ প্ৰগ্গনন্ধাই জয় কৰিলে বিশ্ববাসীৰ হৃদয়...
ডিজিটেল ডেস্কঃ বিশ্ব দবাৰ নৱতম চাঞ্চল্য ভাৰতীয় দবা খেলুৱৈ গ্ৰেণ্ড মাষ্ট্ৰাৰ আৰ প্ৰগ্গানন্ধাই আজি মেগনাছ কাৰ্লছনৰ বিৰুদ্ধে দ্বিতীয়খন খেলত অংশগ্ৰহণ কৰিব। উল্লেখ্য যে, ভাৰতীয় তৰুণ খেলুৱৈগৰাকীয়ে প্ৰতিযোগিতাখনৰ ফাইনেলত প্ৰৱেশ কৰি সূচনা কৰিছিল এক নতুন ইতিহাস।
মঙ্গলবাৰে অনুষ্ঠিত হোৱা ফাইনেল মেচখনত প্ৰগ্গানন্ধা মুখামুখি হৈছিল বিশ্বৰ এক নং স্থানৰ খেলুৱৈ মেগনাছ কাৰ্লছনৰ বিৰুদ্ধে। মঙলবাৰে দুয়োৰে মাজৰ ফাইনেলখন ড্ৰ হোৱাত বুধবাৰে পুনৰ দুয়ো মুখামুখি হ'ব।
যদিহে বুধবাৰৰ মেচখনতো কোনো ফলাফল নোলায় তেন্তে ট্ৰাইবেকাৰৰ আশ্ৰয় লোৱা হ'ব। স্মৰ্তব্য যে, ভাৰতৰ সৰ্বকনিষ্ঠ গ্ৰেণ্ড মাষ্টাৰ হিচাপে ইতিমধ্যে এক ৰেকৰ্ড গঢ়িবলৈ সক্ষম হোৱা আৰ প্ৰগ্গানন্ধাই মাত্ৰ ১৮ বছৰ বয়সতে বিশ্ব দবা চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰি সূচনা কৰিছে ন ইতিহাস।
ইয়াৰ পূৰ্বে ভাৰতৰ আন এজন দবা খেলুৱৈ বিশ্বনাথ আনন্দই এই প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছিল। আজি অনুষ্ঠিত হ'বলগীয়া দ্বিতীয়খন মেচত আৰ প্ৰগ্গনন্ধাৰ বিপক্ষৰ মেগনাথ কাৰ্লছনে বগা ৰঙেৰে আৰম্ভণি কৰিব। সেয়েহে তেওঁ এটা মোব এডভাঞ্চ থকাৰ সুযোগ লাভ কৰিব।
Also Read: বৰমাক, বৰদেউতাকৰ নিৰ্যাতন সহিব নোৱাৰি যুৱতীৰ আত্মহত্যা !