ৰণৰ শেষৰ ৰণ, নাটকীয় সমাপ্তিৰ দিশে প্ৰিমিয়াৰ লীগ

premier League
premier League

ডিজিটেল ডেস্ক : অৱশেষত সমাপ্তিৰ দিশে প্ৰিমিয়াৰ লীগ (Premier League) । কিন্তু বিগত বৰ্ষ কেইটাৰ দৰে নহ'ল চলিত বৰ্ষৰ লীগ । সমগ্ৰ লীগৰ ফলাফলৰ বাবে এতিয়া অপেক্ষা অন্তিমটো দিনলৈ । ২৮ মে'ৰ, ৰবিবাৰে অনুষ্ঠিত হ'ব সৰ্বমুঠ ১০ খন মেচ । অৰ্থাৎ ২০টা ক্লাবে একে সময়তেই যুঁজিব নিজা নিজা ৰণত । কাৰোবাৰ যদি সপোন শীৰ্ষৰ চাৰিত স্থান লাভ, কাৰোবাৰ আকৌ আগন্তুক বৰ্ষত ৰেলিগেছনৰ সন্মুখীন নোহোৱাৰ সংগ্ৰাম । মুঠতে বহু বছৰৰ মূৰত যুদ্ধৰ অন্তিম দিনা নিৰ্ণয় হ'ব বহু কেইটা সৰু-বৰ ক্লাবৰ ভৱিষ্যত ।

বৰ্তমান অন্তিম চাৰিত এভাৰ্টনৰ ভৱিষ্যত নিৰ্ণয় হ'ব ২৮ মে'ত । ইয়াৰ পূৰ্বে ১৯৯৪ আৰু ১৯৯৮ চনত একেই পৰিস্থিতিৰ সন্মুখীন হৈছিল এভাৰ্টন ।

একেই অৱস্থা লেইচেষ্টাৰ চিটিৰো । ২০১৫-২০১৬ ছীজনৰ খিতাপ বিজয়ী লেইচেষ্টাৰ চিটিৰ উত্থানত সকলো ফুটবলপ্ৰেমী যিদৰে আনন্দিত হৈছিল সেইয়া সাধাৰণতেই দেখা নাযায় । কিন্তু সেই উত্তৰণক দীৰ্ঘদিনীয়া ৰূপ দিয়াত দৃষ্টিকটুভাৱে বিফল হ'ল লেইচেষ্টাৰ চিটি । টেবলৰ অন্তিম চাৰিত থকা লেইচেষ্টাৰ চিটিৰ সম্পূৰ্ণ ভৱিষ্যত এতিয়া নিৰ্ভৰ কৰে আন দলসমূহৰ ওপৰত ।

একেই দশা এষ্টন ভিলাৰ । চলিত বৰ্ষত হয়তো সপ্তম স্থান দখল কৰিব এষ্টন ভিলাই । ৰেলিগেচনৰ পৰা বাচি গ'লেও যদিহে অন্তিমখন মেচত জয়ী নহয় তেন্তে ইউৰোপা কনফাৰেঞ্চ ক্লাবলৈ যোগ্যতা অৰ্জন নকৰে ।

সকলোতকৈ ডাঙৰ সমস্যা হৈছে মানচেষ্টাৰ ইউনাইটেডৰ বাবে । একালৰ বৃন্দাবন, একালত পৰে চন । ঐতিহাসিক ক্লাব মানচেষ্টাৰ আজি সকলো দিশৰে পৰাই দূৰ্বল । মিডফিল্ডে সকলো কষ্ট কৰাৰ পাছতো ডিফেণ্ডাৰ, গ'লৰক্ষক আৰু ফৰৱাৰ্ডে সেই সুযোগ গ্ৰহণ কৰিব নোৱাৰিলে বিগত কেইবাটাও ছীজন । যাৰ ফলত দলটোৰ সামগ্ৰিক কষ্টৰ ফলাফল এটা বৃহৎ শূণ্য । শীৰ্ষৰ চাৰিত স্থান লাভ কৰিলেও এই ছীজনৰ অন্তত দলটোৰ দূৰ্বলতা আৰু শক্তিখিনি অনুধাৱণ কৰি পৰৱৰ্তী ছীজনৰ বাবে সেইদৰেই আগবঢ়া উচিৰত হ'ব দলটোৰ বাবে ।

premier League
প্ৰচণ্ড বৰ্ণ বৈষম্যই জোকাৰি গৈছে ফুটবল বিশ্ব, এইবাৰ লক্ষ্য ভিনিছিয়াছ জুনিয়ৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in