Advertisment

ৰাষ্ট্ৰীয় ক্ৰীড়াত ব্ৰঞ্জৰ পদক লাভ কৰা গহপুৰৰ পূৰ্ণিমা বৰাক পি পি স্প'ৰ্টছৰ সম্বৰ্ধনা...

উত্তৰাখণ্ডৰ ২৮ জানুৱাৰীৰ পৰা অনুষ্ঠিত হৈ থকা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া-২০২৫ ত অংশগ্ৰহণ কৰি গহপুৰৰ পূৰ্ণিমা বৰাই সফলতা লাভ কৰি গহপুৰৰ লগতে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে।

author-image
Asomiya Pratidin
New Update
ৰাষ্ট্ৰীয় ক্ৰীড়াত ব্ৰঞ্জৰ পদক লাভ কৰা গহপুৰৰ পূৰ্ণিমা বৰাক পি পি স্প'ৰ্টছৰ সম্বৰ্ধনা...

ডিজিটেল সংবাদ,ছয়দুৱাৰ: উত্তৰাখণ্ডৰ হৰিদ্বাৰত যোৱা ২৮ জানুৱাৰীৰ পৰা অনুষ্ঠিত হৈ থকা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া-২০২৫ ত অংশগ্ৰহণ কৰি গহপুৰৰ পুৰূপবাৰীৰ মিলন নগৰৰ পূৰ্ণিমা বৰা (২৪) ই সফলতা লাভ কৰি গহপুৰৰ লগতে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। ৰাজ্যক প্ৰতিনিধিত্ব কৰি পূৰ্ণিমাই লাভ কৰা এই সফলতাৰ বাবে আজি তেওঁক গহপুৰ নগৰৰ অন্যতম ব্যাৱসায়িক প্ৰতিষ্ঠান পি.পি স্পৰ্টছে সম্বৰ্ধনা জ্ঞাপন কৰি তেওঁৰ এই চমকপ্ৰদ সাফল্যৰ বাবে গৌৰৱবোধ কৰা বুলি উল্লেখ কৰে। 

Advertisment

ৰাষ্ট্ৰীয় ক্ৰীড়াত ব্ৰঞ্জৰ পদক লাভ কৰা গহপুৰৰ পূৰ্ণিমা বৰাক পি পি স্প'ৰ্টছৰ সম্বৰ্ধনা...

উল্লেখ্য যে চলিত ৰাষ্ট্ৰীয় ক্ৰীড়াত  "কাল্লাৰিপায়াত্তু লং ষ্টাফ ফাইট"ত  ব্ৰঞ্জৰ পদ লাভ কৰিছে পূৰ্ণিমাই। তেওঁৰ এই সফলতাৰ বাবে আজি পি পি স্পৰ্টছে এটা কেক কাটি তেওঁক অভিনন্দন জনোৱাৰ লগতে এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে। উক্ত সম্বৰ্ধনা কাৰ্যসূচীত পি পি স্প'ৰ্টছৰ স্বত্বাধিকাৰী পাৰ্থ প্ৰতীম বৰা, প্ৰাণ প্ৰতীম বৰাৰ লগতে তেওঁলোকৰ পিতৃ নোমল বৰা আৰু মাতৃ তথা অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ৰেণু প্ৰভা বৰা উপস্থিত থাকি প্ৰচুৰ সম্ভাৱনা পূৰ্ণ খেলুৱৈ পূৰ্ণিমা বৰাক উৎসাহিত কৰে।

ৰাষ্ট্ৰীয় ক্ৰীড়াত ব্ৰঞ্জৰ পদক লাভ কৰা গহপুৰৰ পূৰ্ণিমা বৰাক পি পি স্প'ৰ্টছৰ সম্বৰ্ধনা...

এটা তেনেই সাধাৰণ পৰিয়ালত জন্মগ্ৰহণ কৰি কঠোৰ জীৱন স‌ংগ্ৰামৰ মাজেৰে আগুৱাই গৈ ক্ৰীড়াৰ জৰিয়তে নিজৰ পাৰদৰ্শিতা ফুটাই তুলিবলৈ সক্ষম হোৱা পূৰ্ণিমা বৰা মিলননগৰ নিবাসী প্ৰয়াত মন্তু বৰা আৰু আশা বৰাৰ সুযোগ্যা কন্যা। তেওঁ আগন্তুক সময়ত এই সফলতাৰ ধাৰা অব্যাহত ৰাখি ৰাজ্যখনৰ নাম ৰাষ্ট্ৰীয় পৰ্যায়ৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰিসৰতো উজলাই তুলিব বুলি আশা প্ৰকাশ কৰিছে পি পি স্প'ৰ্টছৰ স্বত্বাধিকাৰী প্ৰাৰ্থ প্ৰতিম বৰাই। উল্লেখ্য যে, উত্তৰাখণ্ডত চলি থকা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাখন অহা ১৪ ফেব্ৰুৱাৰীত অন্ত পৰিব। 

গহপুৰ ৰাষ্ট্ৰীয় ক্ৰীড়া