/asomiyapratidin/media/media_files/2024/12/11/bPISkW5y6gqkQk2qoyCp.jpg)
ডিজিটেল ডেস্কঃ নতুন দিল্লীত অনুষ্ঠিত হৈ থকা ৰাষ্ট্ৰীয় স্কুল ক্ৰীড়াৰ কাৰাটে প্ৰতিযোগিতাত অসমৰ আন এগৰাকী খেলুৱৈয়ে পদক লাভ কৰিবলৈ সক্ষম হৈছে। আজি অনুষ্ঠিত হোৱা কাৰাটেৰ কুমিটে শাখাত পংখী প্ৰিয়া বৰুৱাই ব্ৰঞ্জৰ পদক লাভ কৰিছে। তেওঁ ১৭ কেজি অনুৰ্ধ্বৰ (-৬৮ কেজি) শাখাত প্ৰতিদ্বন্দিতা কৰিছিল।
পংখী প্ৰিয়া বৰুৱাৰ এই সফলতাত আনন্দিত হৈ পৰিছে তেওঁৰ প্ৰশিক্ষক। খেলুৱৈগৰাকীক তেওঁৰ এই সাফল্যৰ বাবে সদৌ অসম কাৰাটে সন্থাৰ সাধাৰণ সম্পাদক আদৰ্শ চৌধুৰীয়ে অভিনন্দন জ্ঞাপন কৰিছে। তাৰোপৰি আগন্তক সময়ত অসমক গৌৰৱাম্বিত কৰিব পৰাকৈ অধিক সফলতাৰ আশাৰে শুভেচ্ছা জনাইছে।
উল্লেখ্য এই প্ৰতিযোগিতাখন নতুন দিল্লীৰ ত্যাগৰাজ ষ্টেডিয়ামত অনুষ্ঠিত হৈছে। ইয়াৰ পূৰ্বে আজিৰ দিনটোতে অসমৰ আন এগৰাকী প্ৰতিভাবান কাৰাটে খেলুৱৈ তক্ষীল মজুমদাৰেও অনুৰ্ধ্বৰ ১৭ বছৰ শাখাৰ কুমিটেত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁকো সদৌ অসম কাৰাটে সন্থান সাধাৰণ সম্পাদকগৰাকীয়ে অনুৰূপ ধৰণে শুভেচ্ছা জনাইছে।