ভাৰতে নেখেলে পাকিস্তানৰ ভূমিত, এছিয়া কাপ বৰ্জনৰ দিশে পাকিস্তান

ভাৰতে নেখেলে পাকিস্তানৰ ভূমিত, এছিয়া কাপ বৰ্জনৰ দিশে পাকিস্তান

ডিজিটেল ডেস্ক : এছিয়া কাপক কেন্দ্ৰ কৰি শেহতীয়াকৈ চৰম সংঘাতৰ সৃষ্টি হৈছে ভাৰত আৰু পাকিস্তানৰ মাজত । ভাৰতে কোনো পধ্যেই পাকিস্তানৰ খেলিবলৈ নোযোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছত তুংগত উঠিছে দুয়ো দেশৰ মাজৰ সংঘাত । এতিয়া আনুষ্ঠানিকভাৱে ঘোষণা নহ'লেও পাকিস্তানৰ সলনি অন্য দেশত প্ৰতিযোগিতা আয়োজন হোৱাৰ সিদ্ধান্ত প্ৰায় চূড়ান্ত ।

এই পৰিস্থিতিত এছিয়া কাপ বৰ্জনৰ ভাবুকি দিছে পাকিস্তান ক্ৰিকেট ব'ৰ্ডে । আনহাতে, ভাৰতকেই সমৰ্থন কৰিছে বাংলাদেশ আৰু শ্ৰীলংকাই । বাংলাদেশ আৰু শ্ৰীলংকাও পাকিস্তানলৈ এছিয়া কাপ খেলিবলৈ যোৱাৰ বাবে সন্মত নহয় । যাৰ বাবেই এছিয়া কাপ আয়োজনৰ দায়িত্ব পাকিস্তানৰ হাতৰ পৰা যোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে । এই প্ৰতিযোগিতা শ্ৰীলংকাত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা অধিক ।

এছিয়ান ক্ৰিকেট ব'ৰ্ডৰ এই সিদ্ধান্তত ক্ষুদ্ধ হৈ পৰিছে পাকিস্তান । আনকি পৰিষদৰ সভাত এছিয়া কাপক অন্য দেশত আয়োজন কৰাৰ সিদ্ধান্তকো তীব্ৰ সমালোচনা পাকিস্তানৰ ।

অৱশ্যে পাকিস্তানৰ বৰ্তমানৰ ৰাজনৈতিক আৰু সামাজিক অৱস্থালৈ লক্ষ্য ৰাখি পাকিস্তানত এছিয়া কাপ আয়োজন নকৰাৰ সিদ্ধান্তহে সঠিক হ'ব বুলিও আশা কৰিব পাৰি ।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in