পেৰিছতেই ল'লে সংকল্প, লছ এঞ্জেলেছ অলিম্পিকত অধিক সফলতা আৰ্জিব মনুৱে

২৫ মিটাৰ পিষ্টল ইভেণ্টত চতুৰ্থ স্থানতে সন্তুষ্ট

author-image
Asomiya Pratidin
New Update
পেৰিছতেই ল'লে সংকল্প, লছ এঞ্জেলেছ অলিম্পিকত অধিক সফলতা আৰ্জিব মনুৱে

পেৰিছতেই ল'লে সংকল্প, লছ এঞ্জেলেছ অলিম্পিকত অধিক সফলতা আৰ্জিব মনুৱে

ডিজিটেল ডেস্কঃ পেৰিছ অলিম্পিকত হেট্ৰিক অৰ্জনত ব্যৰ্থ হ’ল শ্বুটাৰ মনু ভাকেৰ। ইতিমধ্যে দুটাকৈ ব্ৰঞ্জৰ পদক জয় কৰি একেখন অলিম্পিকত দুটা পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে ৰেকৰ্ড গঢ়া মনু ভাকেৰে নিজিৰ তৃতীয়টো ইভেণ্টৰ ফাইনেলত অৱতীৰ্ণ হোৱাৰ লগে লগে তেওঁ পদক জয়ৰ হেট্ৰিক অৰ্জন কৰিব পাৰিব বুলিয়েই ধাৰণা কৰা হৈছিল।

Advertisment

মনুৱেও প্ৰতিযোগিতাখনত তৃতীয়টো পদক জয়ৰ আশা কৰিছিল যদিও চতুৰ্থ স্থানতেই সীমাবদ্ধ হৈ ৰয়। পেৰিছ অলিম্পিকত ১০ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টৰ ব্যক্তিগত আৰু দলীয় ইভেণ্টত ব্ৰঞ্জৰ পদক জয় কৰা মনু ভাকেৰে আজি অলিম্পিকত তেওঁৰ অন্তিম ইভেণ্ট ২৫ মিটাৰ পিষ্টলত প্ৰতিদ্বন্দিতা কৰিছিল।

এই তিনিওটা ইভেণ্টত প্ৰতিদ্বন্দিতা কৰাৰ ক্ষেত্ৰত মনুৱে যথেষ্ট কষ্ট কৰিবলগীয়া হৈছে।তেওঁ পুৱাই শ্বুটিং ৰেঞ্জলৈ অহাৰ পিছত দিনটো তাতেই পাৰ কৰি নিশাহে কোঠালৈ উভতিছিল। দিনৰ আহাৰ তেওঁ গ্ৰহণ কৰিবলৈয়ো সময় পোৱা নাছিল।

সকলো ইভেণ্ট অন্ত পৰাৰ পাছত মনুৱে কয়, ইমান দিনে ইভেণ্ট চলি আছিল বাবেই দিনৰ আহাৰ খাব পৰা নাছিলোঁ। আজিহে দিনত খাব পাৰিম। পুৱাই শ্বুটিং ৰেঞ্জলৈ আহিবলগীয়া হৈছিল। দিনটো সকলো সময় ৰেঞ্জতেই পাৰ কৰিছিলোঁ। সন্ধিয়াহে কোঠালৈ গৈছিলোঁ। এতিয়া দিনৰ আহাৰ খাব পাৰিম।

২৫ মিটাৰ পিষ্টল ইভেণ্টত পদক জয়ৰ আশা কৰিছিল মনুৱেও। এই ইভেণ্টত ২০২৩ চনত তেওঁ বিশ্ব চেম্পিয়নশ্বিপ জয় কৰিছিল। এছিয়ান গেমচতো তেওঁ এই ইভেণ্টত জয় কৰিছিল সোণৰ পদক।

সেয়ে এই ইভণ্টেত অলিম্পিকত পদক নিশ্চিত বুলিয়েই ধাৰণা কৰিছিল সকলোৱে। কিন্তু সেই আশা পূৰণ নহ'ল। চাৰি নম্বৰতে সন্তুষ্ট থাকিল মনু। ট্ৰাইবেকাৰত মনু হাংগেৰীৰ ভেৰোনিকা মেজৰৰ বিৰুদ্ধে পৰাস্ত হয়।  

মনুৱে এই  সন্দৰ্ভত কয়, ফাইনেলত মই বহু চাপত আছিলোঁ। প্ৰতিটো শ্বটত নিজৰ শ্ৰেষ্ঠত্ব দিবলৈ চেষ্টা কৰিছিলোঁ। কিন্তু মোৰ মনে বিচৰা ধৰণে ফল নাপালোঁ। আশা কৰিছো অহা অলিম্পিকত সকলো সঠিক হ'ব। নিজকে শান্ত ৰাখিবলৈ বহু চেষ্টা কৰিছোঁ যদিও পৰা নাই। আৰু অধিক পৰিশ্ৰম কৰিব লাগিব। মই পদক জয় কৰাৰ ক্ষেত্ৰত বহুতেই কষ্ট কৰিছে। গোটেই দলটোৰ বাবে অতি সুখি। সকলোৱে মোক সহায় কৰিছে। সকলোকে ধন্যবাদ।

Also Read: পেৰিছ অলিম্পিক: ঐতিহাসিক সফলতা অৰ্জনৰ প্ৰয়াস কৰিব মনু ভাকৰে

মনু ভাকেৰ পেৰিছ অলিম্পিক