ডিজিটেল ডেস্কঃ ভাৰতৰ বাবে স্বপ্ন ভংগৰ অলিম্পিক হিচাপে পৰিগণিত হৈছে পেৰিছ। এই পৰ্যন্ত প্ৰতিযোগিতাখনত ভাৰতে মাত্ৰ ৩ টা ব্ৰঞ্জৰ পদকতেই সন্তুষ্ট আছে। এই তিনিওটা পদক আহিছে কেৱল শ্বুটিঙৰ পৰা। তাৰে আকৌ দুটাই মনু ভাকেৰৰ। তাৰ বিপৰীতে আন বহু কেইজন খেলুৱৈয়ে পদকৰ আশা দেখুৱায়ো শেষ মুহূৰ্তত পদকৰ পৰা বঞ্চিত হৈছে।
তাৰ মাজতেই আজি বিনেশ ফোগাটে মহিলাৰ মল্লযুঁজত ফাইনেলত প্ৰৱেশ কৰি পদক নিশ্চিত কৰাই নহয় সোণৰ পদকৰো দাবীদাৰ হৈ পৰিল। তাৰোপৰি অন্ততঃ তেওঁৰ ৰূপৰ পদক নিশ্চিত হ’ল।
এনে পৰিস্থিতিত এতিয়া সামাজিক মাধ্যমত বিনেশ ফোগাটক লৈ চৰ্চা বৃদ্ধি পাইছে। বহুতেই প্ৰশ্ন কৰিছে বিনেশ ফোগাট পেৰিছৰ পৰা পদক লৈ দিল্লীলৈ উভতি অহাৰ পিছত দিল্লী আৰক্ষীয়ে তেওঁক কিদৰে আদৰণি জনাব?
কিয়নো দিল্লীৰ যন্তৰ মন্তৰৰ পৰা কিছু দিন পূৰ্বে ন্যায়াৰ আশাত প্ৰতিবাদ কৰাৰ বাবেই বিনেশক চোচৰাই লৈ গৈ গ্ৰেপ্তাৰ কৰিছিল দিল্লী আৰক্ষীয়ে। সৰ্ব ভাৰতীয় মল্লযুঁজ সন্থাৰ প্ৰাক্তন সভাপতি ব্ৰীজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত সন্মুখত আছিল বিনেশ। সেই বিনেশেই পেৰিছ অলিম্পিকত ভাৰতৰ মল্লযুঁজ দলটোৰ অন্যতম শক্তি।
এই বিনেশ ফোগাটে জন্মগতভাৱেই মল্লযুঁজৰ পৰিবেশ লাভ কৰিছে। তেওঁৰ পৰিয়ালটোৱে ভাৰতীয় মল্লযুঁজলৈ আগবঢ়াইছে যথেষ্ট অৱদান। বিনেশৰ খুৰাক মহাবীৰ সিং ফোগাট এজন প্ৰাক্তন মল্লযোদ্ধা। তেওঁৱেই আছিল বিনেশৰ প্ৰথম প্ৰশিক্ষক।
বিনেশৰ পিতৃ ৰাজপাল ফোগাটো এজন প্ৰাক্তন মল্লযোদ্ধা। মল্লযোদ্ধা গীতা ফোগাট আৰু ববিতা ফোগাটো তেওঁৰ সম্পৰ্কীয়। তেওঁলোকৰ পৰিয়ালটোৰ কাহিনীৰ আধাৰতে নিৰ্মাণ কৰা হৈছিল আমিৰ খানৰ বহু চৰ্চিত ছবি 'দঙ্গল'।
বিনেশে শৈশৱতে শিকিছিল সকলো নেতিবাচক ঘটনাৰ আঁৰত থাকিব পাৰে এটা ইতিবাচক দিশ। তেওঁৰ জীৱনৰ সৈতে যোৱা সময়চোৱাত কুটিল ৰাজনীতিয়ে বহু নেতিবাচক পৰিস্থিতিৰ সূচনা কৰিছিল। তাৰ পৰাই বহু কথা শিকিছিল বিনেশে।
মহাশক্তিশালী কেন্দ্ৰীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজপথত যুঁজ দিছিল তেওঁ। হয়তো সেয়াই তেওঁৰ সাহস বৃদ্ধিৰ আন এক কাৰণ। কিয়নো পেৰিছ অলিম্পিকত প্ৰি-কোৱাৰ্টাৰত বিনেশে এক প্ৰকাৰে ইতিহাসেই ৰচনা কৰিলে।
আজিলৈকে কোনো এখন প্ৰতিযোগিতাতে পৰাস্ত নোহোৱা, টকিঅ’ অলিম্পিকত স্বৰ্ণ পদক জয় কৰা তথা বিশ্ব চেম্পিয়ন জাপানৰ য়ু-চুচাকিক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হল।
পূৰ্বে কেতিয়াও বিনেশ আৰু য়ু চুচাকি মুখামুখি হোৱা নাছিল। কিয়নো বিনেশ ফোগাটে পূৰ্বে ৫০ কেজি শাখাত প্ৰতিদ্বন্দিতা কৰা নাছিল। তেওঁ ৫৩ কেজি শাখাতহে প্ৰতিদ্বন্দিতা কৰিছিল।
কিন্তু এইবাৰ অন্তিম পংঘালে ৫৩ কেজি শাখাত পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰাত বিনেশ ফোগাটে নিজৰ ওজন হ্ৰাস কৰি ৫০ কেজি শাখাত প্ৰতিযোগিতাখনলৈ যোগ্যতা অৰ্জন কৰে।
বিনেশ ফোগাটে ইয়াৰ পূৰ্বে ৰিঅ’ আৰু টকিঅ’ অলিম্পিকত দুয়োবাৰেই ৫৩ কেজি শাখাত কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত হৈছিল। ৰিঅ’ত আঘাতৰ সন্মুখীন হৈছিল।
টকিঅ’ত বিতৰ্কৰ সূত্ৰপাত হৈছিল। গেম ভিলেজত আন ভাৰতীয় খেলুৱৈৰ সৈতে থাকিবলৈ অস্বীকাৰ কৰাৰ লগতে ভাৰতীয় মল্লযুঁদ্ধাৰ সৈতে একেলগে প্ৰশিক্ষণ ল'বলৈ অস্বীকাৰ কৰিছিল। আনকি তেওঁ ভাৰতীয় দলৰ অনুশীলন জাৰ্ছিও পৰিধান কৰা নাছিল। ইয়াৰ বাবে তেওঁ শাস্তিৰো সন্মুখীন হৈছিল।
এইবাৰো ভাৰতীয় মল্লযুঁজ সংস্থাই তেওঁক ৫৩ কেজি শাখাত প্ৰতিদ্বন্দিতা কৰাত বাধা প্ৰদান কৰিছিল। সেই প্ৰতিবন্ধকতাৰ বাবেই নিজৰ ওজন হ্ৰাস কৰি ৫০ কেজি শাখাত যোগ্যতা অৰ্জন কৰে।
যোৱা সময়ছোৱা বিনেশ ফোগাটৰ বাবে আছিল যথেষ্ট প্ৰত্যাহ্বানমূলক। ৪০ দিনীয়া প্ৰতিবাদত লিপ্ত থকাৰ সময়ত অনুশীলনতো বাধা আহিছিল। সতীৰ্থৰ সৈতে যুঁজত পৰাস্ত হৈছিল।
কিন্তু তাৰ পাছতো তেওঁ হাৰ নামানিলে। কেতিয়াও আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পৰাস্ত নোহোৱা জাপানৰ চুচাকিক পৰাস্ত কৰি বিশ্বৰ সম্মুখত মূৰ তুলি থিয় দিলে এইগৰাকী মল্লযুঁজাৰুৱে।
উল্লেখ্য যে, বিনেশ ফোগাটে ইতিমধ্যে বিশ্ব চেম্পিয়নশ্বিপ, এছিয়ান গেমছ, কমনৱেলথ গেমছ আৰু এছিয়ান চেম্পিয়নশ্বিপত পদক জয় কৰিছে। তেওঁৰ হাতত নাই কেৱল অলিম্পিক পদক। এতিয়া সেয়াও নিশ্চিত হ’ল। হয়তো তেওঁ জয় কৰিব পাৰে সোণৰ পদকো।
বিনেশ ফোগাটৰ এনে সফলতাত এতিয়া তৃণমূল কংগ্ৰেছে দিল্লী আৰক্ষীক প্ৰশ্ন কৰিছে, বিনেশ ফোগাটাৰ বিৰুদ্ধে ৰুজু কৰা এজাহাৰ খন মনত আছেনে? সমান্তৰালকৈ দিল্লী আৰক্ষীয়ে বিনেশ ফোগাটৰ সৈতে চেলফী তুলিবনে নাই বুলিও প্ৰশ্ন কৰিছে।