/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/785239d5-f206-457b-b639-20638814beb4/iuiui.jpg)
ডিজিটেল ডেস্কঃ তিনিটাকৈ অলিম্পিক পদক লাভ কৰা আৰু দুটাকৈ বিশ্ব খিতাপ অৰ্জন কৰা আমেৰিকান স্প্ৰিণ্টাৰ, লং জাম্পাৰ টৰি ব'ৱীৰ ৩২ বছৰ বয়সত মৃত্যু হয়। দ্য গাৰ্ডিয়ানত এক প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য।
বুধবাৰে ব'ৱীক তেওঁৰ অৰলেণ্ডো, ফ্লৰিডাত অৱস্থিত বাসগৃহত মৃত অৱস্থাত পোৱা গৈছিল। অৱশ্যে এই পৰ্যন্ত খেলুৱৈ গৰাকীৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই।
খেলুৱৈ গৰাকীৰ মেনেজমেণ্ট এজেঞ্চী আইকন মেনেজমেণ্টে ইনষ্টাগ্ৰামত এই বিষয়ে পোষ্ট কৰি টৰীৰ মৃত্যুৰ খবৰ দিয়ে। টৰীৰ মৃত্যুৰ খবৰৰ পাছতেই তেওঁ অনুৰাগী সকলৰ মাজত শোকৰ ছা পৰিছে।
ৰিঅ' অলিম্পিক ২০১৬ ত টৰীয়ে ৩ টা পদক লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰে ৪০০ মিটাৰ ৰিলেত সোণৰ পদক, ১০০ মিটাৰত ৰূপ আৰু ২০০ মিটাৰ দৌৰত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। তেওঁ ১০০ মিটাৰ দৌৰত তেওঁ বিশ্ব চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিল।
২০১৯ চনত বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত তেওঁ লং জাম্পত চতুৰ্থ স্থানত আছিল। এইখনেই তেওঁৰ শেহতীয়া মুখ্য আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা আছিল। আনহাতে টৰীৰ অন্তিমখম অফিচিয়েল প্ৰতিযোগিতা আছিল ২০২২ চনৰ জুন মাহত।
Also Read: পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি! পিতৃয়ে হত্যা কৰিলে পুত্ৰক