/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/681cdad6-cc89-484c-a1ea-45cab556b0e0/gohhh.jpg)
ডিজিটেল সংবাদ, গহপুৰঃ :গহপুৰত বুধবাৰে নিশা সংঘটিত হৈছে এক জঘন্য ঘটনা। পিতৃয়ে অতি নৃশংসভাৱে নিজ পুত্ৰক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।
গহপুৰৰ বৰপুখুৰীত সংঘটিত হৈছে এই অমানৱীয় ঘটনা। ঘটনা সন্দৰ্ভত জানিব পায়েই আৰক্ষী উপস্থিত হৈ ঘৰৰ পিছৰ পৰা উদ্ধাৰ কৰে মৃতদেহ।আৰক্ষীয়ে ইতিমধ্যে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।
আৰক্ষীয়ে জনাই যে প্ৰায়েই পিতৃ-পুত্ৰৰ মাজত কাজিয়া হৈছিল। সেই পাৰিবাৰিক কন্দলৰ পৰিণতিতেই এই হত্যা কাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। কুঠাৰ আৰু লাঠীৰে মৰিয়াই হত্যাৰ সন্দেহ একাংশ।
মৃত্যু হোৱা যুৱকজন দাওহাৰাম বসুমতাৰী। আনহাতে অভিযুক্ত পিতৃ ছিবাৰাম বসুমতাৰী।ইতিমধ্যে অভিযুক্তক আটক কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
Also Read: ৪ বছৰীয়া শিশুক ধৰ্ষণ কৰি হত্যা কৰা বসন্তৰ দয়াৰ আবেদন খাৰিজ ৰাষ্ট্ৰপতিৰ