/asomiyapratidin/media/media_files/2025/03/19/Quol8xXubHB9r0jHlvKr.jpg)
ডিজিটেল ডেস্কঃ আন্তঃৰাষ্ট্ৰীয় টেনিছ সংস্থাৰ কামকাজত অসন্তুষ্ট হৈ নোভাক জ’কভিচৰ নেতৃত্বত বিদ্ৰোহ আৰম্ভ কৰিছে আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন টেনিছ খেলুৱৈসকলে। নোভাক জ’কভিচে গঠন কৰা আন্তঃৰাষ্ট্ৰীয় টেনিছ খেলুৱৈ সংস্থা চমুকৈ পিটিপিএয়ে চাৰিটাকৈ টেনিছ সংস্থাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।
মূলতঃ খেলুৱৈসকলৰ প্ৰতি কৰা আচৰণৰ প্ৰতিবাদৰ বাবেই এই গোচৰ ৰুজু কৰিছে নিউয়ৰ্কৰ এখন আদালতত। আদালতত গোচৰটোৰ সম্পৰ্কত দাখিল কৰা ১৬৩ খন পৃষ্ঠাৰ নথিত কোৱা হৈছে যে, টেনিছ খেলুৱৈসকলৰ সৈতে সংস্থাসমূহৰ বিষয়াসকলে হেতালি খেলিছে।
আনকি তেওঁলোকৰ টেনিছ কেৰিয়াৰ আৰু ব্ৰেণ্ডৰ ওপৰতো নিয়ন্ত্ৰণ নোহোৱা হৈছে। সূচী, ৰেংকিং, ফটোৰ কপিৰাইট নিয়মৰো বিৰোধিতা কৰা হৈছে। জ’কভিচৰ উপৰিও তেওঁৰ সংগঠনৰ আন ১২ গৰাকী পুৰুষ-মহিলা টেনিছ খেলুৱৈয়ে এই সন্দৰ্ভত গোচৰ ৰুজু কৰিছে।
কাৰ কাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰু কাৰ কি প্ৰতিক্ৰিয়া?
পি টি পি এয়ে গোচৰ ৰুজু কৰিছে পুৰুষ টেনিছ এছ’চিয়েছ (এ টি পি), মহিলা টেনিছ এছ’চিয়েছন (ডব্লিউ টি এ), আন্তঃৰাষ্ট্ৰীয় টেনিছ ফেডাৰেচন (আই টি এফ) আৰু আন্তঃৰাষ্ট্ৰীয় টেনিছ সংহতি সংস্থা (আই টি এছ এ)ৰ বিৰুদ্ধে।
উল্লেখ্য যে, ২০২০ চনত গঠন হোৱা পি টি পি এয়ে খেলুৱৈসকলক শক্তিশালী কৰাৰ লগতে তেওঁলোকৰ ওপৰত থকা কৰ্পোৰেট নিয়ন্ত্ৰণ হ্ৰাস কৰাৰ চেষ্টা কৰে। পিছে পুৰুষ টেনিছ এছ’চিয়েছনে পি টি পি এৰ অভিযোগ অস্বীকাৰ কৰিছে।
তেওঁলোকে দাবী কৰিছে পি টি পি এয়ে ভুৱা তথ্যৰে টেনিছ জগতখনক বিভাজিত কৰাৰ চেষ্টা চলাইছে। তেওঁলোকে দাবী কৰিছে এ টি পি এয়ে খেলুৱৈৰ স্বাৰ্থ বুজি পায়। আনহাতে ডব্লিউ টি এয়ে কয়, এনে অভিযোগ সম্পূৰ্ণ ভিত্তিহীন আৰু দুখজনক।
এনে আইনী অভিযোগে সময় আৰু সম্পদৰ অপচয় কৰিব বুলিও আশংকা ব্যক্ত কৰে। নিজকে টেনিছৰ অভিভাৱক বুলি অভিহিত কৰা আই টি এফে যথা সময়ত ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বুলি উল্লেখ কৰিছে।
কিয় আইনী পদক্ষেপ গ্ৰহণ কৰিছে পি টি পি এয়ে?
টেনিছ খেলুৱৈসকলৰ প্ৰতি কৰা আচৰণৰ প্ৰতিবাদৰ বাবেই পি টি পি এয়ে এই গোচৰ ৰুজু কৰিছে নিউয়ৰ্কৰ এখন আদালতত। আদালতত গোচৰটোৰ সম্পৰ্কত দাখিল কৰা অভিযোগত কোৱা হৈছে যে, টেনিছ খেলুৱৈসকলৰ সৈতে সংস্থাসমূহে হেতালি খেলিছে।
তেওঁলোকৰ টেনিছ কেৰিয়াৰ আৰু ব্ৰেণ্ডৰ ওপৰতো নিয়ন্ত্ৰণ নোহোৱা কৰিছে এই সংস্থাসমূহে। সূচী, ৰেংকিং, ফটোৰ কপিৰাইট নিয়মৰো বিৰোধিতা কৰিছে তেওঁলোকে।
মন কৰিবলগীয়া যে, খেলুৱৈসকলে বাৰে বাৰে অভিযোগ কৰি আহিছে যে, আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহে টেনিছ খেলৰ পৰা বিশেষকৈ চাৰিটা গ্ৰেণ্ড শ্লেমৰ পৰা আহৰণ কৰা ধনৰ পৰ্যাপ্ত অংশ তেওঁলোকে লাভ নকৰে। এই কাৰণৰ বাবেই জ’কভিচে পি টি পি এ গঠন কৰিছিল।
পি টি পি এয়ে দাবী কৰিছে ফুটবল, আমেৰিকা, ফুটবল, বেছবল, বাস্কেটবল আদি দলীয় খেলত পুৰস্কাৰৰ ধন বা লাভাংশ যিদৰে বিতৰণ কৰা হয় তেনেদৰে টেনিছতো সেই ধন বিতৰণ কৰা উচিত।
পি টি পি এয়ে কয় যে, এই গোচৰ ৰুজু কৰাৰ পূৰ্বে পুৰুষ আৰু মহিলা উভয়ৰে ২৫০ জনতকৈ অধিক খেলুৱৈৰ সৈতে তেওঁলোকে কথা পাতিছে। পুৰুষ, মহিলা উভয়ৰে শীৰ্ষ ২০ গৰাকী খেলুৱৈৰ অধিকাংশৰে পৰামৰ্শ লোৱা হৈছে।
পি টি পি এয়ে কি বিচাৰে ?
পি টি পি এৰ মতে আন্তঃৰাষ্ট্ৰীয় টেনিছ সংস্থাসমূহে সামূহিকভাৱে এটা ‘চক্ৰ’ চলাই আহিছে। বিভিন্ন প্ৰতিযোগিতাৰ আয়োজকৰ সৈতে চুক্তিবদ্ধ হৈ ইচ্ছাকৃতভাৱে পুৰস্কাৰৰ ধন নিৰ্ধাৰণ কৰা হয়। সম্ভাৱ্য প্ৰতিযোগীসকলে বজাৰ দখল কৰাত বাধা দিয়া হৈছে।
ৰেংকিং পইণ্ট প্ৰক্ৰিয়াক ‘জায়ান্ট’ বুলি অভিহিত কৰি তেওঁলোকে অভিযোগ কৰে যে পেছাদাৰী খেলুৱৈ হিচাপে সন্মান আৰু জনপ্ৰিয়তা লাভ কৰিবলৈ পেছাদাৰীসকলে বিভিন্ন প্ৰতিযোগিতাত খেলিবলৈ বাধ্য হয়। সেয়ে সূচীক লৈও ক্ষোভ প্ৰকাশ কৰা হৈছে।
পি টি পিএয়ে দাবী কৰিছে যে তেওঁলোকে বছৰৰ ১১ মাহ খেলিব লাগে। ফলত জিৰণি ল’বলৈ সময় নাথাকে। গৰম, ঠাণ্ডা সকলো নেওচি যিকোনো সময়তে খেলিবলৈ ওলাই যাব লাগে।
অভিযোগ অনুসৰি গোটেই ছিজন খেলাৰ বাবে তেওঁলোকৰ হাত, কঁকাল, কান্ধত গুৰুতৰ আঘাতৰ সমস্যাত ভূগিবলগীয়া হয়। আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহে ফটোৰ কপি ৰাইটৰ সন্দৰ্ভত বিভিন্ন নিয়ম জাপি দি খেলুৱৈৰ পকেট খালী কৰিবলৈ চেষ্টা কৰিছে। এই সকলো ব্যৱস্থাৰ পৰিবৰ্তন বিচাৰিছে পি টি পি এয়ে।