/asomiyapratidin/media/media_files/2025/01/21/Yl9I6X2xfDSUHvLtSqgp.jpg)
ডিজিটেল ডেস্কঃ চেম্পিয়নছ ট্ৰফীক লৈ এতিয়াও আঁতৰা নাই জটিলতা। আই চি চিৰ এই মেগা ইভেণ্টৰ আয়োজক দেশ পাকিস্তানলৈ ভাৰতে খেলিবলৈ নোযাৱাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছত এইবাৰ ভাৰতীয় জাৰ্ছিত আয়োজক দেশৰ নাম লিখিবলৈ মান্তি নহ’ল ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড।
ইয়াকে লৈ এতিয়া পুনৰ বিতৰ্ক আৰম্ভ হৈছে। আয়োজক পাকিস্তান ক্ৰিকেট ব’ৰ্ড আৰু বি চি চি আইৰ মাজত এই বিষয়টোক লৈ বাকযুদ্ধও চলিছে। পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ দাবী খেলাৰ মাজত অযথা ৰাজনীতি কৰিছে বি চি চি আইয়ে। সেয়ে বিষয়টোক লৈ আই চি চিৰ দ্বাৰস্থ হ’ব বুলিও জনাইছে।
উল্লেখ্য যে, চেম্পিয়নছ ট্ৰফীৰ মেচ খেলিবলৈ পাকিস্তান নোযোৱাৰ সিদ্ধান্ত লৈছে বি চি চি আইয়ে। ফলত হাইব্ৰীড পদ্ধতিৰে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিছে।
প্ৰতিযোগিতাখনলৈ মাজত মাত্ৰ এটা মাহ বাকী থকা অৱস্থাত পুনৰ নতুন বিতৰ্ক আৰম্ভ হৈছে। ভাৰতে পাকিস্তানৰ নাম জাৰ্ছিত লিখিবলৈ অস্বাকীৰ কৰাক লৈয়ে এই গোটেই বিতৰ্ক।
নাম প্ৰকাশত অনিচ্ছুক এগৰাকী পাক ক্ৰিকেট ব’ৰ্ডৰ বিষয়াই সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰি কয়, ক্ৰিকেটৰ মাজলৈ ৰাজনীতি টানি আনিছে বি চি চি আইয়ে। তেওঁলোক পাকিস্তানলৈ আহিব নিবিচাৰে।
উদ্বোধনী অনুষ্ঠানৰ বাবেও অধিনায়কক পাকিস্তানলৈ প্ৰেৰণ কৰিব নিবিচাৰে তেওঁলোকে। এতিয়া শুনিবলৈ পাইছো আয়োজক দেশ পাকিস্তানৰো নাম জাৰ্ছিত নিলিখে। আশা কৰিছো আই চি চিয়ে এনে হবলৈ নিদিব। পাকিস্তানৰ সপক্ষে থাকিব আই চি চি।
উল্লেখ্য যে, ভাৰতীয় ক্ৰিকেট দলটো পাকিস্তানলৈ নগলেও অধিনায়ক ৰোহিত শৰ্মাই উদ্বোধনী মেচত অংশগ্ৰহণ কৰিবলৈ পাকিস্তান যাব বুলি চৰ্চা হৈছিল। ৰোহিত শৰ্মা উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব বুলিয়েই আশাবাদী আছিল পাক ক্ৰিকেট ব’ৰ্ড।
কিন্তু শেষ মুহূৰ্তত বি চি চি আইৰ সূত্ৰই সদৰি কৰিছে ৰোহিত শৰ্মা পাকিস্তানলৈ নাযায়। হয়তো তেওঁৰ স্থানত ভাৰতৰ আন কোনো প্ৰতিনিধিক উদ্বোধনী অনুষ্ঠানৰ বাবে বি চি চি আইয়ে প্ৰেৰণ কৰিব।
তাৰ পাছতে এতিয়া ভাৰতে জাৰ্ছিত পাকিস্তানৰ নাম লিখিবলৈ অস্বীকাৰ কৰা বিষয়টোৱে বিতৰ্কৰ সূত্ৰপাত কৰিছে। অৱশ্যে এই বিতৰ্কই শেষ মুহূৰ্তত কোন পৰ্যায়ত উপনীত হয় সেয়া সময়েহে ক’ব। মন কৰিবলগীয়া যে, আই চি চিৰ মেগা ইভেণ্টসমূহত প্ৰতিটো ক্ৰিকেট দলৰেই জাৰ্ছিত আয়োজক দেশৰ নাম লিখা থাকে।
ভাৰতত অনুষ্ঠিত হোৱা বিশ্বকাপৰ সময়তো অনুৰূপ ধৰণে সকলো দলৰ জাৰ্ছিতে ভাৰতৰ নাম লিখা আছিল। কিন্তু চেম্পিয়নছ ট্ৰফীত ভাৰতৰ বাবেই সেই নিয়ম ভংগ হ’ব নে ভাৰতে শেষ মুহূৰ্তত পাকিস্তানৰ নাম জাৰ্ছিত লিখিবলৈ বাধ্য হয় সেয়া সময়ে ক’ব।