স্নিগ্ধাৰ দখলত দিল্লীত অনুষ্ঠিত আইটা গাৰ্লছ চেম্পিয়নশ্বিপ ছিৰিজ-৭ ৰ খিতাপ...

স্নিগ্ধাৰ দখলত দিল্লীত অনুষ্ঠিত আইটা গাৰ্লছ চেম্পিয়নশ্বিপ ছিৰিজ-৭ ৰ খিতাপ...

author-image
Asomiya Pratidin
New Update
স্নিগ্ধাৰ দখলত দিল্লীত অনুষ্ঠিত আইটা গাৰ্লছ চেম্পিয়নশ্বিপ ছিৰিজ-৭ ৰ খিতাপ...

স্নিগ্ধাৰ দখলত দিল্লীত অনুষ্ঠিত আইটা গাৰ্লছ চেম্পিয়নশ্বিপ ছিৰিজ-৭ ৰ খিতাপ...

ডিজিটেল ডেস্কঃ অসমৰ প্ৰতিভাৱান টেনিছ খেলুৱৈ স্নিগ্ধা পাতিবান্দলাই দিল্লীত অনুষ্ঠিত হোৱা আইটা গাৰ্লছ চেম্পিয়নশ্বিপ ছিৰিজ-৭ ৰ ছিংগলছৰ খিতাপ জয় কৰিবলৈ সক্ষম হৈছে। নতুন দিল্লীৰ বৈদ্যনাথ প্ৰসাদ টেনিছ একাডেমীত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতাখন।

Advertisment

১৬ বছৰীয়া স্নিগ্ধাই প্ৰতিযোগিতাখনৰ ফাইনেলত নেভি ডাবাছক পৰাভূত কৰে। ফাইনেলত তেওঁৰ স্ক’ৰ আছিল ৬-২, ৬-২। ইয়াৰ পূৰ্বে তেওঁ ছেমি ফাইনেলত ৬-৩, ৬-২ ব্যৱধানত ৰিধিমা মিশ্ৰক পৰাভূত কৰিছিল। তাৰ পূৰ্বে প্ৰীষা প্ৰসাদক ৬-৪,৬-০ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হৈছিল।

ডিব্ৰুগড়ত জন্মগ্ৰহণ কৰা স্নিগ্ধা ডন বস্কো গুৱাহাটীৰ ছাত্ৰী। ধেমাজি আৰু নগাওঁ জিলাৰ পূৰ্বৰ উপায়ুক্ত পি অশোক বাবুৰ কন্যা স্নিগ্ধা পাতিবান্দালা।

পি অশোক বাবু এসময়ত ডিব্ৰুগড়ত অতিৰিক্ত উপায়ুক্ত হিচাপে কৰ্মৰত আছিল। বৰ্তমান তেওঁ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ যুটীয়া সচিব হিচাপে কৰ্মৰত।

স্নিগ্ধাৰ এই সফলতাত তেওঁৰ প্ৰশিক্ষক হেমন্ত কুমাৰ আৰু মহিমা চোধুৰীয়ে শুভেচ্ছা জনোৱাৰ লগতে আগন্তুক সময়ত অধিক সফলতা লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে।

Also Read: ৰিয়ান পৰাগৰ নেতৃত্বাধীন অসমৰ হাতত পৰাস্ত সঞ্জু চেমচেনৰ নেতৃত্বাধীন কেৰালা...

টেনিছ