/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/98e3b36a-e7b4-4083-bf26-f987f7266c21/neymar_25.jpg)
ভাৰতীয় ফুটবল অনুৰাগীলৈ ভাল খবৰঃ আহি আছে নেইমাৰ...
ডিজিটেল ডেস্কঃ ভাৰতীয় ফুটবল অনুৰাগীৰ বাবে ভাল খবৰ। ব্ৰাজীলৰ তাৰকা ফুটবলাৰ নেইমাৰৰ দুভৰীৰ যাদু ভাৰতৰ মাটিতে উপভোগ কৰিব পাৰিব ফুটবল অনুৰাগীসকলে। এ এফ চি কাপে আনিছে এই ভাল খবৰ।
উল্লেখ্য যে, এ এফ চি চেম্পিয়ন লীগৰ মেচ ভাৰতত অনুষ্ঠিত হ'ব। ইয়াৰে মেচত নেইমাৰে খেলাৰ সম্ভাৱনা আছে। শেহতীয়াকৈ এইগৰাকী তাৰকা ফুটবলাৰে যোগদান কৰিছে অল হিলাল নামৰ ক্লাৱটোত।
এই ক্লাৱটোৰ সৈতে একেটা গ্ৰুপতে স্থান লাভ কৰিছে মুম্বাই চিটি এফ চিয়ে। সেয়েহে ভাৰতৰ মাটিত নেইমাৰৰ দুভৰীৰ যাদু উপভোগ কৰাৰ সুযোগ আহিছে ভাৰতীয় ফুটবল অনুৰাগীসকলৰ বাবে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us