অলিম্পিয়ানৰ বাবেও মুকলি থাকিব BCCI ৰ নতুন ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমী...

উত্তৰ পূৰ্বাঞ্চলৰ ৬ ৰাজ্য , জম্মু কাশ্মীৰত নিৰ্মাণ হ'ব এন চি এ

author-image
Asomiya Pratidin
New Update
অলিম্পিয়ানৰ বাবেও মুকলি থাকিব BCCI ৰ নতুন ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমী...

অলিম্পিয়ানৰ বাবেও মুকলি থাকিব BCCI ৰ নতুন ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমী...

ডিজিটেল ডেস্কঃ বি চি চি আইয়ে শেহতীয়াকৈ গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ক্ৰিকেটৰ সমান্তৰালকৈ অলিম্পিক খেলসমূহকো সমানেই আগুৱাই নিব ক্ৰিকেট সংস্থাটোৱে। বি চি চি আইৰ সচিব জয় শ্বাহে এক সৰ্বভাৰতী সংবাদ সংস্থাৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি আজি কয়, বেংগালুৰুত নিৰ্মিয়মাণ নেচনেল ক্ৰিকেট একাডেমী এতিয়াৰে পৰা অলিম্পিয়ানসকলৰ বাবেও মুকলি থাকিব।

Advertisment

অহা ছেপ্টেম্বৰত মুকলি হ'বলগীয়া এই নতুন এন চি এত নীৰজ চোপ্ৰাৰ দৰে অলিম্পিয়ানসকলে অনুশীলন কৰিব পাৰিব। উল্লেখ্য যে, এই নতুন এন চি এত ৩ খন খেল পথাৰ আছে। তাৰোপৰি আছে ১০০ খন পীটছ আৰু ইণ্ডোৰ টাৰ্ফছ।

জয় শ্বাহে এই অনুষ্ঠানতে উত্তৰ পূৰ্বাঞ্চলৰ বাবেও দিলে এক ভাল খবৰ। বি চি চি আইয়ে উত্তৰ পূৰ্বাঞ্চলৰ ছয়খন ৰাজ্যৰ বাবে এন চি এ নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে। একেদৰে জম্মু কাশ্মীৰত এখন এন চি এ নিৰ্মাণৰ পৰিকল্পনা আছে বুলিও জনাইছে। তাৰোপৰি বাৰনাসীত বি চি চি আইয়ে নিৰ্মাণ কৰিব এখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ষ্টেডিয়াম।

ইফালে পাকিস্তানত অনুষ্ঠিত হ’বলগীয়া আগন্তুক চেম্পিয়নছ ট্ৰফী সন্দৰ্ভত জয় শ্বাহক কৰা প্ৰশ্নত অৱশ্য তেওঁ কোনো সঠিক উত্তৰ নিদিলে। ভাৰতীয় দলে পাকিস্তান ভ্ৰমণ কৰিব নে নাই সেই লৈ চলি থকা চৰ্চাৰ সন্দৰ্ভতো তেওঁ কোনো কথাই স্পষ্টকৈ উল্লেখ নকৰি কেৱল কয় যে, এই সময়ত সেই বিষয়ে কোনো কথা চিন্তা কৰা নাই, যেতিয়া সময় আহিব তেতিয়াহে এই বিষয়ে ভাবিব।

ইফালে ১৯ ছেপ্টেম্বৰৰ পৰা ভাৰত-বাংলাদেশ ছিৰিজ অনুষ্ঠিত হোৱাৰ কথা। কিন্তু বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এই ছিৰিজলৈ প্ৰতিবন্ধকতা আহিব নেকি বুলি কৰা এক প্ৰশ্নৰ উত্তৰতো জয় শ্বাহে কয়, দেশখনত নতুন চৰকাৰ গঠন হৈছে। তেওঁলোক নিশ্চয় আহিব। আমাৰ বাবে বাংলাদেশ ছিৰিজ বহু গুৰুত্বপূৰ্ণ। আমি এই ছিৰিজ অনুষ্ঠিত কৰিবলৈ সকলো চেষ্টা কৰিম।

Also Read: বিনেশ ফোগাটৰ আবেদনৰ ৰায় প্ৰদান, খালী হাতেৰে ঘূৰি আহিব নিজ দেশলৈ...

অলিম্পিয়ান বি চি চি আই জয় শ্বাহ