শক্তিশালী প্ৰত্যাৱৰ্তন নীৰজ চোপ্ৰাৰ, ৮৯.০৮ মিটাৰ দূৰত্বলৈ দলিয়ালে জেভলীন…

শক্তিশালী প্ৰত্যাৱৰ্তন নীৰজ চোপ্ৰাৰ, ৮৯.০৮ মিটাৰ দূৰত্বলৈ দলিয়ালে জেভলীন…

ডিজিটেল ডেস্ক : অলিম্পিক বিজয়ী নিৰজ চোপ্ৰাৰ আঘাটৰ পাছৰ প্ৰত্যাৱৰ্তন হৈ উঠিল আশীৰ্বাদস্বৰূপ । ৮৯.০৮ মিটাৰ দূৰত্বলৈ জেভলীন দলিয়াই স্থান নিশ্চিত কৰিলে লাউচান্নে ডাইমণ্ড লীগৰ ফাইনেলত । এই লীগৰ ফাইনেল প্ৰতিযোগিতাখন অনুষ্ঠিত হ'ব অহা ৭-৮ ছেপ্তেম্বৰত, জুৰিখ চহৰত । ৮৯.০৮ মিটাৰৰ দূৰত্ব অতিক্ৰম কৰি ২৪ বছৰীয়া অলিম্পিয়ানজনে বৰ্তমান চতুৰ্থ স্থানত ৰৈছে যাৰ লগে লগে ফাইনেললৈ যাব লগীয়া শীৰ্ষৰ ৬জন খেলুৱৈৰ মাজত এজন হিচাপে স্থান নিশ্চিত কৰিছে ।

উল্লেখ্য যে, যোৱাটো সপ্তাহলৈ আঘাটৰ বাবে ভাৰতীয় খেলুৱৈ সন্থাৰ সভাপতিয়ে নীৰজ চোপ্ৰাক ২০২২ বৰ্ষত নতুন খেলত ভাগ নল'বলৈ পৰামৰ্শ দিছিল । অন্যথা ই নীৰজৰ আঘাটৰ সমস্যাক আৰু গুৰুতৰো কৰিব পাৰে বুলি আশংকা প্ৰকাশ কৰিছিল সভাপতিজনে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in