ৰাষ্ট্ৰীয় ক্ৰীড়াৰ বক্সিঙত আজি অসমৰ ২ সোণ, ২ ৰূপৰ পদক অৰ্জন...

উত্তৰাখণ্ডত চলি থকা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ একাদশ দিনটোত অসমলৈ আহিল ভাল খবৰ। অসমৰ দুগৰাকীকৈ মহিলা বক্সাৰে লাভ কৰিলে সোণৰ পদক আৰু আন দুজনে লাভ কৰিলে ৰূপৰ পদক। 

author-image
Asomiya Pratidin
New Update
ৰাষ্ট্ৰীয় ক্ৰীড়াৰ বক্সিঙত আজি অসমৰ ২ সোণ, ২ ৰূপৰ পদক অৰ্জন...

ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডত চলি থকা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ একাদশ দিনটোত অসমলৈ আহিল ভাল খবৰ। অসমৰ দুগৰাকীকৈ মহিলা বক্সাৰে লাভ কৰিলে সোণৰ পদক। তাৰোপৰি আন দুজন পুৰুষ বক্সাৰে লাভ কৰিছে ৰূপৰ পদক। 

Advertisment

দুবাৰৰ অলিম্পিয়ান তথা টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদকপ্ৰাপ্ত লাভলীনা বৰগোহাঁই আৰু জুনিয়ৰ বিশ্ব চেম্পিয়ন অংকুশিতা বড়োৱে আজি অৰ্জন কৰিলে সোণৰ পদক। তাৰোপৰি অলিম্পিয়ান শিৱ থাপা, নৱাগত অভিনৱ শইকীয়াই আজি লাভ কৰিছে ৰূপৰ পদক।

উল্লেখ্য যে, ২০২২ ৰ গুজৰাট ৰাষ্ট্ৰীয় ক্ৰীড়াত প্ৰথমবাৰৰ বাবে ৭৫ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দিতা কৰি সোণৰ পদক অৰ্জন কৰিছিল লাভলীনাই। তাৰ পূৰ্বে লাভলীনাই ৬৯ কেজি শাখাতহে প্ৰতিদ্বন্দিতা কৰি আহিছিল।

আজি খেলৰত্ন লাভলীনাই হিমাচলৰ প্ৰতিদ্বন্দিক পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰিছে। ছেমি ফাইনেলত তেওঁ নাগালেণ্ডৰ প্ৰতিদ্বন্দিক পৰাস্ত কৰিছিল। আনহাতে জুনিয়ৰ বিশ্ব চেম্পিয়ন অংকুশিতা বড়োৱে হিমাচল প্ৰদেশৰ প্ৰতিদ্বন্দিক পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰিছে। তেওঁ ৬৬ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দিতা কৰিছিল।

উল্লেখ্য যে, ছেমি ফাইনেলত অংকুশিতাই নাগালেণ্ডৰ প্ৰতিদ্বন্দিক পৰাস্ত কৰি ক্ৰমাগতভাৱে তিনিখন ৰাষ্ট্ৰীয় ক্ৰীড়াত ফাইনেলত প্ৰৱেশ কৰি ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছিল। ইয়াৰ পূৰ্বে গুজৰাট আৰু গোৱা ৰাষ্ট্ৰীয় ক্ৰীড়াত তেওঁ লাভ কৰিছিল সোণৰ পদক। আজি তেওঁ পুনৰ সোণৰ পদক লাভ কৰাত ৰাষ্ট্ৰীয় ক্ৰীড়াত একেৰাহে তিনিবাৰ সোণৰ পদক অৰ্জন কৰি হেট্ৰিক অৰ্জন কৰিলে।

অৰ্জুন শিৱ থাপায়েও আজি বক্সিঙৰ ৬৩.৫ কিলোগ্ৰাম শাখাৰ ফাইনেলত অৱতীৰ্ণ হৈ ছাৰ্ভিছেজৰ বক্সাৰৰ হাতত পৰাস্ত হয়। ইয়াৰ পূৰ্বে শিৱই গুজৰাট ৰাষ্ট্ৰীয় ক্ৰীড়াত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল।  আন এগৰাকী প্ৰতিভাৱান বক্সাৰ অভিনৱ শইকীয়াইও আজি ফাইনেলত অৱতীৰ্ণ হৈ ৰূপৰ পদক লাভ কৰে। ফাইনেলখনত তেওঁ ছাৰ্ভিছেজৰ প্ৰতিদ্বন্দিৰ হাতত পৰাস্ত হয়। 

 

শিৱ থাপা বক্সিং ৰাষ্ট্ৰীয় ক্ৰীড়া লাভলীনা বৰগোঁহাই