ৰাষ্ট্ৰীয় মহিলা এলিট বক্সিং চেম্পিয়নশ্বিপত দুটা সোণসহ অসমৰ মুঠ ৫ টা পদক অৰ্জন

হাইদৰাবাদত চলি থকা ৰাষ্ট্ৰীয় মহিলা এলিট বক্সিং চেম্পিয়নশ্বিপত অসমে লাভলীনা বৰগোঁহাই, অংকুশিতা বড়োৰ দুটা সোণৰ পদকসহ মুঠ ৫ টা পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে।

author-image
Asomiya Pratidin
New Update
ৰাষ্ট্ৰীয় মহিলা এলিট বক্সিং চেম্পিয়নশ্বিপত দুটা সোণসহ অসমৰ মুঠ ৫ টা পদক অৰ্জন

ডিজিটেল ডেস্কঃ হাইদৰাবাদত চলি থকা ৰাষ্ট্ৰীয় মহিলা এলিট বক্সিং চেম্পিয়নশ্বিপত অসমে মুঠ ৫ টা পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। আজি প্ৰতিযোগিতাখনৰ ৭৫ কেজি শাখাত অলিম্পিক পদক বিজয়ী, বিশ্ব চেম্পিয়ন লাভলীনা বৰগোঁহায়ে সোণৰ পদক অৰ্জন কৰে। 

Advertisment

লাভলীনাক অনুসৰণ কৰিয়েই ইয়াৰ পিছত ৬৫ কেজি শাখত অংকুশিতা বড়োৱে লাভ কৰে আন এটা সোণৰ পদক। একেদৰে প্ৰতিযোগিতাখনত ৭০ কেজি শাখাত গীতিমণি গগৈয়ে ৰূপ, ৫৪ কেজি শাখাত ভূপালী হাজৰিকা আৰু ৫৭ কেজি শাখাত আৰতী দলেয়ে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে।

অসম এমেচাৰ বক্সিং সন্থাই পদকপ্ৰাপ্ত অসমৰ আটাইকেইগৰাকী মহিলা বক্সাৰে অভিনন্দন জ্ঞাপন কৰিছে।

অংকুশিতা বড়ো বক্সিং লাভলীনা বৰগোঁহাই