পাকিস্তানত হঠাৎ বাজি উঠিল ভাৰতৰ জাতীয় সংগীত...

পাকিস্তানলৈ ভাৰতীয় দলটো যদিও খেলিবলৈ যোৱা নাই তথাপিও আজি পাকিস্তানৰ মাটিত বাজি উঠিল ভাৰতীয় জাতীয় সংগীত। অথচ আজি নাছিল ভাৰত মেচ। আছিল অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ মাজতহে। 

author-image
Asomiya Pratidin
New Update
পাকিস্তানত হঠাৎ বাজি উঠিল ভাৰতৰ জাতীয় সংগীত...

ডিজিটেল ডেস্কঃ চেম্পিয়নছ ট্ৰফী খেলিবলৈ পাকিস্তানলৈ যোৱা নাই ভাৰত। ভাৰতে প্ৰতিযোগিতাৰ সকলো মেচ খেলিব ডুবাইত। ইতিমধ্যে ডুবাইত প্ৰতিযোগিতাৰ প্ৰথমখন মেচ বাংলাদেশৰ বিৰুদ্ধে খেলি বিজয়ী হৈছে ভাৰতীয় দলটো।

Advertisment

পাকিস্তানলৈ ভাৰতীয় দলটো যদিও খেলিবলৈ যোৱা নাই তথাপিও আজি পাকিস্তানৰ মাটিত বাজি উঠিল ভাৰতীয় জাতীয় সংগীত। অথচ আজি নাছিল ভাৰত মেচ। আজি প্ৰতিযোগিতাৰ মেচ অনুষ্ঠিত হৈছে অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ মাজতহে। 

লাহোৰত অনুষ্ঠিত হোৱা এই মেচতেই ভাৰতৰ জাতীয় সংগীত বাজি উঠিল। কিছু সময়ৰ বাবে ষ্টেডিয়ামত বহি থকা দৰ্শকে একো ধৰিবই নোৱাৰিলে আচলতে হৈছে কি? তাৰ পাছতেই অৱশ্যে ভাৰতৰ জাতীয় সংগীতটো বন্ধ কৰি দিয়া হয়।  

উল্লেখ্য যে, পাকিস্তানত অনুষ্ঠিত হৈ থকা প্ৰতিযোগিতাখনৰ ষ্টেডিয়ামত অংশগ্ৰহণকাৰীসকলো দলৰে ৰাষ্ট্ৰীয় পতাকা ৰখা হৈছিল যদিও প্ৰথমে ভাৰতৰ জাতীয় পতাকা নাছিল। পাছত বিষয়টোক লৈ বিতৰ্ক হোৱাত ভাৰতৰ জাতীয় পতাকাক স্থান দিয়া হয়। আৰু এইবাৰ ভাৰতৰ জাতীয় সংগীত বজাই আধাতে বন্ধ কৰি দিয়াক লৈয়ো সৃষ্টি হৈছে আন এক বিতৰ্ক। 

স্মৰ্তব্য যে, আই চি চিৰ প্ৰতিযোগিতাৰ নিয়ম অনুসৰি প্ৰতিখন খেল আৰম্ভ হোৱাৰ আগতে দুয়োটা দলৰ জাতীয় সংগীত বজোৱা হয়। এই নিয়ম অনুসৰণ কৰিয়েই জাতীয় সংগীত পৰিবেশনৰ বাবে দুয়োটা দলৰ ক্ৰিকেটাৰসকলে খেলপথাৰলৈ নামি আহিছিল।

আয়োজকে প্ৰথমে বজাই ইংলেণ্ডৰ জাতীয় সংগীত। ইয়াৰ পিছত অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰসকলে তেওঁলোকৰ জাতীয় সংগীত গোৱাৰ বাবে অপেক্ষা কৰিছিল। সেই সময়তেই হঠাৎ বাজি উঠে ভাৰতীয় জাতীয় সংগীত। 

আচৰিত হৈ পৰিল অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰসকল। ষ্টেডিয়ামতো দৰ্শকে আৰম্ভ কৰিলে চিঞঁৰিবলৈ। তাৰ পাছতেই বন্ধ কৰি দিয়া হয় ভাৰতৰ জাতীয় সংগীত। লগে লগে আৰম্ভ হয় অষ্ট্ৰেলিয়াৰ জাতীয় সংগীত। 
তাৎপৰ্যপূৰ্ণ কথাটো হ’ল ভাৰতে এখনো মেচ খেলিবলৈ যোৱা নাই পাকিস্তানলৈ।

প্ৰতিযোগিতাৰ এখনো মেচ পাকিস্তানত নেখেলে ভাৰতে। তেনে পৰিস্থিতিতো ভাৰতৰ জাতীয় সংগীত পাকিস্তানত বাজি উঠিল। এই বিষয়টোক লৈ সামাজিক মাধ্যমত নেটিজেনসকলে নানানধৰণে প্ৰশ্ন উত্থাপন কৰিছে।

একাংশই প্ৰশ্ন কৰিছে, "পাকিস্তানত ভাৰতে কিয় কোনো মেচ খেলিব নোৱাৰে? যিহেতু ভাৰতে পাকিস্তানলৈ খেলিব নাযায় গতিকে পাকিস্তানৰ কোনো ষ্টেডিয়ামত ভাৰতীয় জাতীয় সংগীত বজাব নালাগে। 

আন একাংশই আকৌ প্ৰশ্ন কৰিছে এই ভুল ইচ্ছা কৰি কৰা হৈছিল নে অনিচ্ছাকৃত ভুল আছিল? পাকিস্তানলৈ খেলিব যোৱা আন কোনো দলৰ জাতীয় সংগীত হ’লেও এয়া অনিচ্ছাকৃত ভুল বুলি ভাবিব পাৰি। খেলিব নোযোৱা এটা দলৰ জাতীয় সংগীত কেনেকৈ বাজিল? 

অৱশ্যে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে এই সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। 

ক্ৰিকেট পাকিস্তান চেম্পিয়নছ ট্ৰফী