৩৩ বছৰীয়া অপেক্ষাৰ অন্ত পেলালে নেপ'লীয়ে, অন্তিমবাৰ মাৰাডোনাই তুলি লৈছিল কাপ

৩৩ বছৰীয়া অপেক্ষাৰ অন্ত পেলালে নেপ'লীয়ে, অন্তিমবাৰ মাৰাডোনাই তুলি লৈছিল কাপ

ডিজিটেল ডেস্ক : ইটালীৰ সৰু চহৰ নেপ'লছৰ লোকসকলৰ বাবে দুজন ভগৱান । এজন যি মানুহৰ বাবে ক্ৰুছবিদ্ধ হৈছিল, আনজন যি নেপ'লছৰ গৃহক্লাব নেপ'লীৰ হৈ ফুটবল খেলিছিল । নেপ'লছৰ বহু বাসগৃহত আজিও দুয়োগৰাকী ভগৱানৰ ফটো একেলগেই অৰা আছে দেৱালত ।

প্ৰথমগৰাকী ভগৱান হৈছে ইশ্বৰপুত্ৰ যীশু । আনগৰাকী হৈছে দীঘল কেকোৰা চুলিৰে সৰুফুটীয়া এটা গোণা ম'হ । যি খেলপথাৰত প্ৰৱেশ কৰিলেই কপি উঠিছিল প্ৰতিপক্ষ । এফালৰ পৰা সকলোকে ওফৰাই যোৱা এইজন হৈছে ফুটবল জগতৰ ৰাজপুত্ৰ মাৰাডোনা । স্পেইনৰ বাৰ্ছিলোনাৰ দৰে ক্লাবৰ প্ৰস্তাৱ উপেক্ষা কৰি ইটালীৰ এটি সৰু ক্লাবৰ হৈ খেলিছিল মাৰাডোনাই কেৱল চহৰখনৰ লোকসকলৰ মৰমৰ বাবেই ।

সেই মাৰাডোনাৰ সৈতেই সৰু ক্লাবটিয়ে ১৯৮৯-৯০ চনৰ ছিৰিজ-এ ৰ খিতাপ তুলি ধৰিবলৈ সক্ষম হৈছিল । যি খিতাপ ইটালীৰ ক্লাব ফুটবলৰ সৰ্বোচ্চ স্থান ।

এইয়া ১৯৯০ চনৰ ২৯ এপ্ৰিলৰ কথা । সেইবছৰৰ ছিৰিজ-এ ৰ ফাইনেল অনুষ্ঠিত হৈছিল নেপ'লী আৰু এচি মিলানৰ মাজত । খেল আৰম্ভ হোৱাৰ ৭ মিনিটতেই নেপ'লীয়ে লাভ কৰিছিল এটি ফ্ৰী-কিক । মাৰাডোনাই লোৱা ফ্ৰী-কিকটো হেডৰ সহায়েৰে গ'ললৈ ৰূপান্তৰিত কৰিছিল ইটালীৰেই খেলুৱৈ মাৰ্কো বেৰ'নিয়ে । পৰৱৰ্তী সময়ত আৰু গ'ল কৰিবলৈ সক্ষম নহ'ল দুয়োটা দলেই । অৰ্থাৎ শক্তিশালী এচি মিলানক হৰুৱাই সেইবাৰ ছিৰিজ এ ট্ৰফী অনা হৈছিল নেপ'লছলৈ ।

তাৰ পাছতেই মাৰাডোনাৰ সেই প্ৰখ্যাত উক্তি ! "এয়াই প্ৰমাণ মই জীয়াই থকাৰ, মই জীয়াই থাকিব বিচৰাৰ । এই বিজয় মই জীয়াই থাকিব বিচৰাৰ বাবদ কৰিব লগীয়া পৰিশোধ ।"

মাৰাডোনাৰ সেই বিজয়সূচক মন্তব্যৰ পাছত সমগ্ৰ চহৰৰ লোকসকলৰ অন্তৰত স্থান লাভ কৰিছিল খেলুৱৈগৰাকীয়ে । কিন্তু সেইয়া অতীত । তাৰ পাছত কাহানিও ছিৰিজ এ ৰ খিতাপ দখল কৰা নাই নেপ'লীয়ে ।

কিন্তু অৱশেষত অন্ত পৰিল সেই অপেক্ষাৰ । ৩৩ বছৰীয়া অপেক্ষাৰ অন্ত পেলাই শেষ নিশা চিৰিজ এৰ খিতাপ দখল কৰিলে নেপ'লীয়ে । এতিয়া সমগ্ৰ চহৰখনত পূৰ্বৰ দৰেই আনন্দৰ বন্যা । এইবাৰ লোকসকলৰ সৈতে আনন্দত মতলীয়া হ'বলৈ তেওঁলোকৰ ভগৱান নাই, আছে তেওঁৰ স্মৃতি ।

উল্লেখ্য যে, মাৰাডোনাৰ পাছত প্ৰথমবাৰৰ বাবে ফিফা বিশ্বকাপৰ ট্ৰফী তুলি লৈছিল আৰ্জেন্টিনাই । ঠিক একেদৰেই নেপ'লীয়েও মাৰাডোনাৰ পাছত এইবাৰ প্ৰথম ছিৰিজ এ ৰ ট্ৰফী তুলি ল'লে অৱশেষত ।

প্ৰয়াত ৰাজপুত্ৰ গৰাকীলৈ ইয়াতকৈ ডাঙৰ শ্ৰদ্ধাঞ্জলি কি হ'ব পাৰে ফুটবলত ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in