'অসমীয়া প্ৰতিদিন'ৰ সাংবাদিক ধ্ৰুৱজ্যোতি সাহালৈ বোকাখাত মহকুমা প্ৰশাসনৰ সম্বৰ্ধনা

'অসমীয়া প্ৰতিদিন'ৰ সাংবাদিক ধ্ৰুৱজ্যোতি সাহালৈ বোকাখাত মহকুমা প্ৰশাসনৰ সম্বৰ্ধনা

ডিজিটেল ডেস্কঃ 'অসমীয়া প্ৰতিদিন'ৰ সাংবাদিক ধ্ৰুৱজ্যোতি সাহাক বোকাখাত মহকুমা প্ৰশাসনে প্ৰদান কৰিব ৰাজহুৱা সম্বৰ্ধনা ৷ অহা ২৬ জানুৱাৰীত বোকাখাতৰ ৰাজহুৱা খেলপথাৰত প্ৰশাসনৰ তৰফৰ পৰা ৰাজহুৱা সম্বৰ্দ্ধনা জনোৱা হ’ব ৷

বিগত সময়ছোৱাত সমাজ জীৱনলৈ আগবঢ়োৱা সেৱাৰ বাবে গণতন্ত্ৰ দিৱস উপলক্ষে বোকাখাতৰ মহকুমা প্ৰশাসনে সাংবাদিক সাহাক এই সম্বৰ্দ্ধনা জনাব ৷ উল্লেখ্য যে বিগত ১৬ টা বছৰে 'অসমীয়া প্ৰতিদিন'ৰ হৈ অসম তথা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন সময়ত সংবাদ সেৱা আগবঢ়োৱা যুৱ সাংবাদিক ধ্ৰুৱজ্যোতি সাহাক নৰ্থ গুৱাহাটী জাৰ্ণেলিষ্ট ফ’ৰামৰ দ্বাৰা ২০২২ বৰ্ষত সমাজকৰ্মী ভূৱন চন্দ্ৰ দত্ত সোঁৱৰণি যুৱ সাংবাদিকতা বঁটা প্ৰদান কৰা হৈছিল ৷

ইতিপূৰ্বেও যুৱ সাংবাদিক সাহাক ২০১৬ বৰ্ষত সংগঠন 'সতীৰ্থ'ৰ দ্বাৰা পৰ্যটন সাংবাদিকতা বঁটা, ২০১৮ বৰ্ষত সংগঠন 'গণমাৰ্গ'ৰ দ্বাৰা পৰিৱেশ সাংবাদিকতা বঁটা আৰু কমাৰগাঁও আঞ্চলিক সাংবাদিক সংস্থাৰ দ্বাৰা ২০২১ বৰ্ষত সাংবাদিকতাৰ বিশেষ বঁটা প্ৰদান কৰা হৈছিল ৷ ২০০৭ বৰ্ষৰ পৰা 'অসমীয়া প্ৰতিদিন' কাকতত সাংবাদিকতা আৰম্ভ কৰা সাহাই ২০১৬ বৰ্ষৰ পৰা অসমৰ এটা ব্যক্তিগত নিউজ চেনেলত ২০২২লৈকে সাংবাদিকতা কৰিছিল ৷ আনহাতে, ২০০৭ বৰ্ষৰ পৰা ২০১৩ বৰ্ষ পৰ্যন্ত 'কথা-আৰণ্যক' নামৰ এখন দ্বি-মাসিক আলোচনীত অবৈতনিকভাৱে কাৰ্যবাহী সম্পাদকৰ দায়িত্ব পালন কৰিছিল ৷

ইপিনে, ২০২১ বৰ্ষত এবছৰৰ বাবে কাজিৰঙা লাইভ নামৰ এটা পৰ্টেল নিউজ চেনেলত পৰামৰ্শদাতা সম্পাদক হিচাপে কৰ্তব্য সম্পাদন কৰিছিল ৷ অল ইণ্ডিয়া ৰেডিঅ’, ডিব্ৰুগড়ৰ স’তেও জড়িত থকা ধ্ৰুৱজ্যোতি সাহাই নিজৰ লিখনিৰে ইতিমধ্যেই সমাজত এক সুস্থ বাতাবৰণ আনিবৰ সক্ষম হৈছে ৷ নিজৰ ক্ষুৰধাৰ সমালোচনাৰ বাবে বিভিন্ন সময়ত চৰকাৰী নিৰ্যাতনৰ বলি হোৱা যুৱ সাংবাদিক সাহাৰ নেতৃত্বত শেহতীয়াকৈ আৰম্ভ হোৱা কাজিৰঙা অধ্যয়ন চক্ৰই কাজিৰঙাৰ একাংশ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া উচ্চ শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰিছে ৷

অসম ৰাজ্যিক সাংবাদিক সন্থা, বাটৰ কেনভাচ, অসম, কবি সন্মিলন, প্ৰয়াস অধ্যয়ন চক্ৰ, বোকাখাত, কথা-আৰণ্যক আদিকে ধৰি প্ৰায় দুকুৰি অনুষ্ঠানৰ লগত জড়িত থকাৰ সমান্তৰালভাৱে কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ কাৰ্যকৰী সভাপতিৰ দায়িত্বত থকা ধ্ৰুৱজ্যোতি সাহাক প্ৰশাসনৰ তৰফৰ পৰা জনোৱা সম্বৰ্দ্ধনাৰ বাবে স্বাভাৱিকতে বিভিন্ন দল-সংগঠনে শুভেচ্ছা প্ৰদান কৰিছে ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in