/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/7cb9d711-2fca-484c-9d90-e99d487218e0/foot.jpg)
ডিজিটেল সংবাদ,বেবেজীয়া: নগাঁও আৰু মৰিগাঁও জিলাৰ সীমামূৰীয়া জাজৰি আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত দলংঘাটৰ বৰমণিপুৰস্থিত সন্থাৰ নিজা খেলপথাৰ অনুষ্ঠিত হৈছিল ফুটবল প্ৰতিযোগিতা। সদ্যসমাপ্ত চলিত বৰ্ষৰ ফুটবল লীগ প্ৰতিযোগিতাত মাজগাঁও কোচিং ক্লাৱে চূড়ান্ত বিজয়ী খিতাপ অৰ্জন কৰিছে।
এই লীগ প্ৰতিযোগিতাৰ চূড়ান্ত খেলত মাজগাঁও কোচিং ক্লাৱে পানবাৰীৰ পি.বি.জে.বি ক্লাৱক ২-১ গ’লত পৰাজিত কৰে। খেলখনত মাজগাঁও কোচিং ক্লাৱৰহৈ গ’ল দুটা অপ্পু ডেকা আৰু ছফিকুল ইছলামে দিয়াৰ বিপৰীতে পি.বি.জে.বি. ক্লাৱৰ হৈ একমাত্ৰ গ’লটো অনুপম কোঁৱৰে দিয়ে।
খেলখন পৰিচালনা কৰাত ৰেফাৰী ফাইজ উদ্দিন আহমেদক সহায় কৰে চৈয়দুৰ ৰহমান,ওৱাইদুৰ ৰহমান আৰু মুছলেহ উদ্দিন আহমেদে(চতুৰ্থ)। প্ৰতিযোগিতাৰ অন্তত জাজৰি আঞ্চলিক ক্ৰীড়া সন্থাৰ সভাপতি আব্দুল হাছিমৰ সভাপতিত্বত অনুষ্ঠিত সামৰণি অনুষ্ঠানত ক্ৰীড়া সংগঠক সমীৰ হাজৰিকা, সমাজ সংগঠক লৱকান্ত শৰ্মা, পুতকণ বৰদলৈ, ছফিকুল হক, ফৰিদুৰ ৰহমান, ইন্তাজ আলী, জেহিদুৰ ৰহমান, আফটাবউদ্দিন আহমেদ, আৰু মাইনুজ জামান আদিয়ে বিভিন্ন বঁটাসমূহ বিতৰণ কৰে। উল্লেখ্য যে, ফাইনেল খেলখন আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে মুখ্য অতিথি সমীৰ হাজৰিকাই।