অধিনায়কত্বৰ অভিষেকত যমজ শতক: এক দশক পূর্বে বিৰাট কোহলিৰ সাহসিক প্রদর্শন

মহেন্দ্র সিং ধোনীৰ অনাকাংক্ষিত আঘাতৰ বাবে দলৰ দায়িত্ব ল'বলগীয়া হৈছিল দলৰ উপ-অধিনায়ক বিৰাট কোহলিয়ে। স্থান এডেলেইড। সমুখ সমৰত শত্ৰু বিশ্বশ্রেষ্ঠ অষ্ট্রেলিয়া-তাকো নিজৰ গৃহত।

author-image
Tushar Pratim
New Update
অধিনায়কত্বৰ অভিষেকত যমজ শতক: এক দশক পূর্বে বিৰাট কোহলিৰ সাহসিক প্রদর্শন

বিৰাট কোহলিৰ অৱসৰৰ ঘোষণাক আৱেগিক ক্ৰিকেট বিশ্ব। ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ বাবে বিৰাটৰ টেষ্টৰ পৰা অৱসৰ এক দুঃস্বপ্ন। ২০১৪ ত টেষ্টৰ নেতৃত্ব লোৱাৰ পিছত বিৰাটে নিজস্ব শৈলীৰে সলনি কৰিলে ভাৰতৰ টেষ্ট ক্ৰিকেটক। বিশ্বই টেষ্টত দেখিলে নতুন ভাৰত। ভাৰতীয় টেষ্ট দলৰ উত্থান আৰু বিৰাটৰ অধিনায়কত্বৰ সন্দৰ্ভতে বৰ্ণিল মেধিৰ এই লেখা এইবাৰৰ 'মোৰ মত' শিতানত আগবঢ়োৱা হ'ল। 

Advertisment

 

কুৰুক্ষেত্ৰৰ যুদ্ধত অর্জুনৰ অনুপস্থিতিত পুত্র অভিমন্যুৱে ঠিৰাং কৰিছিল- চক্ৰবেহু ভেদৰ দায়িত্ব তেওঁ ল'ব। ওলাই অহাৰ বাট নাজানে যুৱ বীৰে, কিন্তু সাহস আৰু আত্মবিশ্বাসৰ নাই অভাৱ। ২০১৪ চনৰ ডিচেম্বৰতো ভাৰতীয় ক্রিকেটলৈ ঠিক তেনেদৰেই আগমন ঘটিছিল এক নতুন সাহসৰ। 

অধিনায়ক মহেন্দ্র সিং ধোনীৰ অনাকাংক্ষিত আঘাতৰ বাবে দলৰ দায়িত্ব ল'বলগীয়া হৈছিল দলৰ উপ-অধিনায়ক বিৰাট কোহলিয়ে। স্থান এডেলেইড। সমুখ সমৰত শত্ৰু বিশ্বশ্রেষ্ঠ অষ্ট্রেলিয়া-তাকো নিজৰ গৃহত। এনেস্থলত ভাৰতৰ বাবে বিজয়ৰ কল্পনা কৰাটো সপোনৰো অগোচৰ। কিন্তু নতুন তেজেৰে উজ্জীৱিত কোহলিৰ পৰিকল্পনা আছিল বেলেগ।

প্রথম ইনিংছত অষ্ট্ৰেলিয়াৰ ৫১৭ ৰাণৰ প্ৰত্যুত্তৰত ভাৰতে সংগ্ৰহ কৰিছিল ৪৪৪ ৰাণ। ৰাণেৰে নেতৃত্ব দিছিল স্বয়ং কোহলিয়ে নিজেই। বগা জাৰ্চিত ভাৰতৰ অধিনায়ক হিচাপে প্রথমটো ইনিংছতেই ১১৫ ৰাণ। দুর্দান্ত অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছৰ যোগ্য উত্তৰ। 

দ্বিতীয় ইনিংছত অষ্ট্রেলিয়াই ৫ উইকেটৰ বিনিময়ত ২৯০ ৰাণ কৰি ইনিংছ ঘোষণা কৰিছিল, আহ্বান জনাইছিল ভাৰতক পাহাৰসম ৩৬০ ৰাণ অন্তিম ইনিংছত সংগ্ৰহ কৰাৰ। ঠিক তাতেই ভাৰতীয় ক্ৰিকেটৰ বাবে যেন হঠাৎ কম্পাছৰ দিশ সলনি হ'ল!

বিদেশৰ প্ৰতিকূল ভূমিত এনে পৰিস্থিতিত যিকোনো ভাৰতীয় অধিনায়কৰ লক্ষ্য হ'লহেতেন পৰাজয়ৰ পৰা হাত সাৰি মেচ ড্ৰ’ কৰাৰ। তদানীন্তন স্থায়ী অধিনায়ক ধোনীৰো সেয়াই আছিল মত। কিন্তু নতুন অধিনায়ক কোহলিৰ দৃষ্টিভংগী আছিল পৃথক। 

লক্ষ্য আছিল লৌহসদৃশ বিজয়ৰ বাদে নাই আন কোনো গত্যন্তৰ। "দলৰ বাকীসকলে এইদৰে খেলিব পাৰিব জানো? টেষ্ট মেচৰ অন্তিম দিনা অষ্ট্ৰেলিয়াৰ ভূমিত ৩৬০ ৰাণ সংগ্ৰহ কৰাটো জানো দলৰ প্ৰত্যেকজন বেটছমেনৰ বাবে সম্ভৱ? বিজয়ৰ লক্ষ্য নির্ধাৰণ কৰাৰ পূৰ্বে এইসমূহ কথাও ভাবি চোৱাটো দৰকাৰ।" 

এই মতামত আছিল মহেন্দ্র সিং ধোনীৰ। কোহলিয়ে বুজিছিল কথাখিনি। বুজিও কিন্তু উত্তৰ আছিল এটাই - "চেষ্টা কৰিলেহে গম পাম! যেতিয়ালৈ চেষ্টাই নকৰিম, তেতিয়ালৈ কিদৰে পাম আমাৰ সামৰ্থ্যৰ উমান?"

কথামতেই কাম। সেইদিনাখন যেন এক নতুন ভাৰতৰ আগমন ঘটিছিল ক্রিকেট ময়দানত। সমগ্র বিশ্বৰ দৃষ্টি নিৱদ্ধ হৈ ৰোৱা টেষ্টখনত আৰম্ভণিৰে পৰাই বিজয়ৰ লক্ষ্য বান্ধি আগবাঢ়িছিল বিৰাট কোহলিৰ অধিনায়কত্বৰ নতুন ভাৰত। 

এটা সময়ত দলৰ স্কোৰ আছিল ৭০ অভাৰত ২ উইকেটত ২৪২ ৰাণ। সমগ্র দেশেই সপোন দেখিবলৈ আৰম্ভ কৰিছিল এক নতুন ইতিহাসৰ। কিন্তু ৭০ সংখ্যক অভাৰত ৯৯ ৰাণত অপেনাৰ মুৰুলী বিজয়ৰ পতনৰ পিছত হঠাৎ তাছপাতৰ দৰে খহি পৰে ভাৰতীয় লাইনআপ। 

আনটো মূৰত মাখোঁ ১৭৫ বলত ১৪১ ৰাণ কৰি বিদায় লয় অধিনায়ক কোহলি। ল'ৱাৰ অৰ্ডাৰৰ ব্যর্থতাৰ বাবে ৩১৫ ৰাণতেই সমাপ্ত হয় ভাৰতীয় ইনিংছ।

কিন্তু এই পৰাজয়ৰ তুলনা আন কোনো মেচৰেই স'তে হয়তো নহয়। নতুন অধিনায়ক কোহলিয়ে বহুদিনৰ মূৰত দলক দেখুৱাইছিল আশাৰ বাট। বিশ্বাস দিয়াইছিল যে SENA (দক্ষিণ আফ্রিকা, ইংলেও, নিউজিলেণ্ড আৰু অষ্ট্রেলিয়া) ৰ ভূমিতো জিকিবলৈ যুঁজিব পাৰে ভাৰতীয় দলে। 

স্থায়ী অধিনায়কৰ দায়িত্ব লোৱাৰ সময়ত আই চি চি ৰেংকিঙত সপ্তম স্থানত থকা ভাৰতীয় দলক বিশ্বৰ শ্ৰেষ্ঠ আৰু সম্ভৱতঃ আটাইতকৈ ভয়াবহ টেষ্ট দলৰূপে প্ৰতিষ্ঠা কৰিছিল দীর্ঘতম ফর্মেটৰ শ্ৰেষ্ঠ ভাৰতীয় অধিনায়ক বিৰাট কোহলিয়ে। কোহলিৰ টেষ্ট অৱসৰৰ ক্ষণত সেয়েহে এডেলেইডৰ সেই বিশেষ মেচখনক লৈ আমাৰ এই অৱলোকন।

বিৰাট কোহলি ক্ৰিকেট