মুম্বাইৰ পীটছ বুজি নাপালে আজিংক্যইঃ এম আইৰ বিৰুদ্ধে কলকাতাৰ লজ্জাজনক পৰাজয়...

দুখনকৈ মেচত পৰাস্ত হোৱাৰ পাছত আজি ছিজনৰ প্ৰথমখন মেচ জয় কৰিলে মুম্বাই ইণ্ডিয়ানছে। ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইটৰাইডাৰ্ছক দিশহাৰা কৰি মুম্বায়ে দিলে শক্তিশালী বাৰ্তা।

author-image
Tushar Pratim
New Update
মুম্বাইৰ পীটছ বুজি নাপালে আজিংক্যইঃ এম আইৰ বিৰুদ্ধে কলকাতাৰ লজ্জাজনক পৰাজয়...

ডিজিটেল ডেস্কঃ দুখনকৈ মেচত পৰাস্ত হোৱাৰ পাছত আজি ছিজনৰ প্ৰথমখন মেচ জয় কৰিলে মুম্বাই ইণ্ডিয়ানছে। ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইটৰাইডাৰ্ছক দিশহাৰা কৰি মুম্বায়ে যেন সকলোলৈ দিলে শক্তিশালী বাৰ্তা।

Advertisment

আজিৰ মেচখনত দৰাচলতে কোন বিজয়ী হ’ব তাক লৈ ক্ৰিকেট বিশেষজ্ঞসকলো দুমোজাত পৰিছিলষ। ঘৰুবা ষ্টেডিয়াম হোৱাৰ বাবেই মুম্বাইৰ কিছু এডভাণ্টেজ আছিল যদিও কলকাতাৰ অধিনায়ক আজিংক্য ৰাহানেও মুম্বাইৰে হোৱাত পীটছৰ সন্দৰ্ভত তেওঁৰ যথেষ্ট তেওঁৰ সকলো দিশেই অৱগত বুলি ধাৰণা কৰা হৈছিল।

কিন্তু ভবাতকৈ কথাবোৰ যেন বেলেগ আছিল। টছ কৰিবলৈ আহি আজিংক্যই ক’লে তেওঁ পীটছখনৰ প্ৰকৃতিৰ বিষয়ে নিশ্চিত নহয়। মুম্বাইৰে সন্তান, ৱাংখেড়েৰেই তেওঁৰ ঘৰুৱা খেল পথাৰ। ঘৰুৱা ক্ৰিকেটতো তেওঁ মুম্বাইৰে অধিনায়ক। অথচ সেই ৰাহানেই আজি কলে  ৱাংখেড়েৰ পীটছ তেওঁ বুজিবলৈ অসমৰ্থ। যদি তেওঁৱেই বুজি নাপায় তেন্তে বাকীসকলে কেনেকৈ বুজিব?

পীটছৰ প্ৰকৃতি বুজি নোপোৱাৰ বাবেই হওঁক বা দলৰ বেটিং বিপৰ্যয়ৰ বাবেই হওক আজি ডিফেণ্ডিং চেম্পিয়ন দলটোৱে ২০ অভাৰো সম্পূৰ্ণকৈ খেল পথাৰত থিয় হৈ থাকিব নোৱাৰা বিষয়টোক সহজে লোৱা নাই অনুৰাগীয়ে।

মাত্ৰ ১৬.২ অভাৰতে কলকাতাই ইনিংছ সামৰিলে ১১৬ ৰাণত। ব্যৰ্থ হল দলটোৰ আটাইকেইজন বেটছমেন। অধিক সময় ক্ৰীজত তিস্তি থাকিব নোৱাৰিলো এজনো। দলটোৰ এনে দুৰ্বল প্ৰদৰ্শনৰ ফলতে ল’ স্কৰৰ মেচখন মুম্বাইয়ে ৪৩ টা বল বাকী থকাৰ অৱস্থাত অনায়াসে জয় কৰে।

আজিৰ মেচখন কেৱল এম আই আৰু কেকেআৰৰ মেচ নাছিল। ঈদৰ দিনটোতে অনুষ্ঠিত হোৱা আজিৰ মেচখন আছিল সন্মান ৰক্ষাৰো মেচ। কেকেআৰৰ কেকেআৰৰ অন্যতম মালিক শ্বাহৰুখ খান। বলীউড বাদশ্বাহৰ মুম্বায়ে ই ঠিকনা।

সেয়ে মুম্বাই বনাম কলকাতাৰ মেচখন আছিল আজি শ্বাহৰুখৰ বাবে সন্মানৰ যুঁজ। কিন্তু আৰম্ভণিৰ পৰা ব্যৰ্থ হোৱা দলটোৰ খেল চাবলৈ সেয়ে সন্মান হেৰুওৱাৰ লাজতেই হয়তো ষ্টেডিয়ামলৈ নাহিল শ্বাহৰুখ খান।

প্ৰথমে বেটিং কৰা কেকে আৰৰ দুয়োগৰাকী অপেনাৰ ব্যৰ্থ হয়। কুইণ্টন ডি ককে ১ ৰাণ কৰাৰ বিপৰীতে সুনীল নাৰিন শূন্যত আউট হয়। অধিনায়ক আজিংক্য ৰাহানেই কৰে ১১ ৰাণ। এ ৰঘুবংশীয়ে ১৬ বলত কৰে ২৬ ৰাণ। ভেংকটেশ আয়াৰে ৯ বলত ৩, ৰিংকু সিংঙে ১৪ বলত ১৭, মনিষ পাণ্ডেয়ে ১৪ বলত ১৯, এণ্ড্ৰিউ ৰাছেলে ১১ বলত ৫, ৰমদ্বীপ সিঙে ১২ বলত ২২, হৰ্ষিত ৰাণাই ৮ বলত ৪ আৰু জনছনে ১ ৰাণ কৰে।

মুম্বাইৰ হৈ অশ্বনী কুমাৰে ৩ অভাৰত ২৪ ৰাণ ব্যয় কৰি ৪ টা, দীপক চাহাৰে ২ অভাৰত ১৯ ৰাণ ব্যয় কৰি ২ টা, ট্ৰেণ্ট বল্ট, হাৰ্দিক পাণ্ডিয়া, ভিগনেশ পুথুৰ আৰু ছেণ্টনাৰে এটাকৈ উইকেট লাভ কৰে।

নিৰ্ধাৰিত লক্ষ্য অনুসৰণ কৰি মুম্বায়ে মাত্ৰ ২ টা উইকেট হেৰুৱাই ১২.৫ অভাৰতে বিজয় সাব্যস্ত কৰে। মুম্বাইৰ হৈ ৰোহিত শৰ্মাই ১২ বলত ১৩ ৰাণ, ৰিয়ান ৰিকেলটনে ৪২ বলত ৬২ ৰাণ, উইল জেকছে ১৭ বলত ১৬ আৰু সূৰ্যকুমাৰ যাদৱে ৯ বলত ২৭ ৰাণ কৰে। কেকে আৰৰ হৈ উইকেট দুটা লাভ কৰে এণ্ড্ৰিউ ৰাছেলে।

উল্লেখ্য আজিৰ মেচত পৰাস্ত হোৱাৰ পাছত কেকেআৰ আছে পইণ্ট টেবুলৰ একেবাৰে তলত। মুম্বাই ৬ নং স্থানলৈ উন্নীত হৈছে। প্ৰথম স্থানত ৪ পইণ্টেৰে আছে আৰ চি বি। দ্বিতীয় স্থানত সমান পইণ্টেৰে আছে দিল্লী কেপিটেলছ। 

তৃতীয় স্থানত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ, চতুৰ্থ স্থানত গুজৰাট টাইটানছ, পঞ্চম স্থানত পঞ্জাৱ কিংছ, সপ্তম স্থানত চেন্নাই ছুপাৰ কিংছ, অষ্টম স্থানত ছানৰাইজাৰ্ছ হাইদৰাবাদ আৰু নৱম স্থানত আছে ৰাজস্থান ৰয়েলছ। 

 

আজিংক্য ৰাহানে আই পি এল মুম্বাই ইণ্ডিয়ানছ